--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ বতৰ আৰু অক্ষয় তৃতীয়াৰ আগে আগে আজি ভাৰতীয় বজাৰত সোণৰ দামে এক ইতিহাসৰ সৃষ্টি কৰে। মঙলবাৰে প্ৰথমবাৰৰ বাবে প্রতি দহ গ্রাম সোণৰ দাম ১ লাখ টকাৰ অধিক হয়গৈ। অল ইণ্ডিয়া বুলিয়ন ফেডাৰেশ্যনৰ মতে, কালি ৰাজধানী দিল্লীত ৯৯.৯% বিশুদ্ধ অর্থাৎ ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ১,৮০০ টকা বৃদ্ধি পাই ১,০১,৬০০ টকা হয়গৈ। 

সোমবাৰে প্রতি দহ গ্রাম সোণৰ দাম আছিল ৯৯,৮০০ টকা। স্থানীয় বজাৰতো ২৪ কেৰেটৰ সোণৰ দাম প্রতি ১০ গ্রামত ২,৮০০ টকা বৃদ্ধি পাই ১,০২,১০০ টকা হয়গৈ। উল্লেখযোগ্য যে অক্ষয় তৃতীয়া ৩০ এপ্ৰিলত। ভাৰতীয় পৰম্পৰা অনুসৰি অক্ষয় তৃতীয়াত সোণ ক্ৰয় কৰাটো শুভ বুলি বিবেচনা কৰা হয়। 

যোৱা বছৰ ডিচেম্বৰৰ তুলনাত সোণৰ দাম ২৯% বৃদ্ধি পায়। আনহাতে যোৱা ১ জানুৱাৰীৰ পৰা অৰ্থাৎ ১১২ দিনত প্রতি দহ গ্রাম সোণৰ দাম ২৩,৮৩৮ টকা বৃদ্ধি পায়। ইফালে ৰূপৰ দাম আজি ৩৪২ টকা হ্রাস পাই প্রতি কিল'গ্ৰামৰ দাম ৯৫,৯০০ টকা হয়গৈ। ৰাজধানী দিল্লীত কালি ২২ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ৯২,৯০০ টকা হয়। আনহাতে, ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম মুম্বাই, কলকাতা আৰু চেন্নাইত ১,০১,৩৫০ টকা আছিল। 

আনহাতে, গুৱাহাটীতো ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম একে সমান আছিল। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দ্বিতীয়টো কাৰ্যকালত আৰম্ভ কৰা শুল্ক যুদ্ধই বিশ্বৰ অৰ্থনীতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ উন্নয়নৰ গতি স্তিমিত হৈ পৰিছে আৰু মন্দাৱস্থাৰ আশংকা ক্রমাৎ বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগকাৰীসকলে সোণত বিনিয়োগ বৃদ্ধি কৰিছে। এনে কাৰণত সোণৰ দাম বৃদ্ধি পাইছে। আনহাতে, বর্তমান দেশত বিয়াৰ বতৰ চলি আছে। ইয়াৰ ফলত সোণৰ চাহিদা বৃদ্ধি পাইছে। 

মুম্বাই, দিল্লী আৰু চেন্নাইৰ দৰে আগশাৰীৰ মহানগৰসমূহৰ গহনাৰ ব্যৱসায়ীসকলে কয় যে দাম বৃদ্ধি পোৱা সত্ত্বেও সোণৰ গহনাৰ বিক্ৰী বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে ২০১৫ চনত ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ২৬,৩৪৩ টকা। আনহাতে, ২০১৫-২০২০ সময়ছোৱাত অৰ্থাৎ পাঁচ বছৰত সোণৰ দাম বৃদ্ধি পাইছিল ২৩,৭৯৮ টকা। ইয়াৰ পাছৰ পাঁচ বছৰত সোণৰ দাম বৃদ্ধি পায় ৪৮,৪০৯ টকা। আনহাতে যোৱা দহ বছৰত অৰ্থাৎ ২০১৫-২০২৫ সময়ছোৱাত প্রতি দহ গ্রাম সোণৰ দাম ৭১,৬৫৭ টকা বৃদ্ধি পায়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ