--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অগ্নিকাণ্ডত প্ৰায় এক কোটি টকাৰ ক্ষতিসাধন হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পল্লীমঙ্গল গাঁৱত আজি দুপৰীয়া সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।


এই অগ্নিকাণ্ডত প্ৰায় এক কোটি টকাৰ ক্ষতিসাধন হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।


এই অগ্নিকাণ্ডত পলিমঙ্গল গাঁৱৰ হানিফ আলী, বাহাৰ আলী, ছাহাব উদ্দিন, নিশান আলী, শুনুফা বেগম, আচমত আলী আৰু ছাদেক আলীৰ পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি জুইত জাহ যায়। 


স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপণ কৰা হয় যদিও পিছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক। 


ইফালে, ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বাতৰি যুগুতোৱা পৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও সাহাব উদ্দিনৰ ঘৰৰ পৰা প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত