--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়খন টেষ্টত নিউজিলেণ্ডৰ হাতত ১১৩ ৰানত পৰাস্ত হয় ভাৰত। ইয়াৰ লগে লগে নিউজিলেণ্ডে শৃংখলাত ২-০ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ এই পৰাজয়ে ঐতিহাসিক কাৰণ ২০১২ চনৰ পিছত ভাৰতীয় দলে ঘৰুৱা ক্ষেত্ৰত একেৰাহে ১৮ খন শৃংখলা জয় কৰিছিল কিন্তু নিউজিলেণ্ডে এই শৃংখলাৰ অন্ত পেলাই ইতিহাসৰ সৃষ্টি কৰিছে। ভাৰতৰ হৈ এই খেলখনত ৱাশ্বিংটন সুন্দৰে মুঠ ১১টা উইকেট দখল কৰিছিল যদিও দলৰ জয় নিশ্চিত কৰিব পৰা নাছিল। প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত টেষ্ট শৃংখলাত ভাৰতক পৰাস্ত কৰিছে নিউজিলেণ্ডে।


এই মেচখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল। যদিও কিউইৰ স্ক’ৰ ২৫৯লৈ হ্ৰাস পাই, কিন্তু যেতিয়া ভাৰতে বেটিং কৰিবলৈ আহিছিল, তেতিয়াও ইয়াক বিশাল স্ক’ৰ যেন দেখা গ’ল। ভাৰতীয় দলৰ প্ৰথম ইনিংছত মাত্ৰ ১৫৬ ৰানত অল আউট হয় । প্ৰথম ইনিংছত ১০৩ ৰানৰ অগ্ৰগতি লাভ কৰি নিউজিলেণ্ডে বহু সুবিধা লাভ কৰে, যাৰ বাবে ভাৰতীয় দলেও পিছুৱাই যায়। প্ৰথম ইনিংছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ক্ৰমে ০ আৰু ১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

india lost to new zealand by 113 runs pune first home series loss since 2012 washington sundar virat kohli yashasvi jaiswal ind vs nz 2nd test report IND vs NZ 2nd Test: 12 साल और 18 सीरीज के बाद भारत की हार, न्यूजीलैंड ने 3 दिन में जीता पुणे टेस्ट; पहली बार जीती सीरीज

প্ৰথম ইনিংছত নিউজিলেণ্ডে ১০৩ ৰানৰ অগ্ৰগতি লাভ কৰিছিল, এনে পৰিস্থিতিত ভাৰতীয় দলে কিউই দলটোক নিম্ন স্ক’ৰলৈ হ্ৰাস কৰাৰ প্ৰয়োজন আছিল। কিন্তু ইয়াত নিউজিলেণ্ডৰ অধিনায়ক টম লেথাম ভাৰতৰ পথত বাধা হৈ পৰিল, যিয়ে ৮৬ ৰানৰ ইনিংছ খেলি ভাৰতীয় দলক জয়ৰ পৰা আঁতৰাই আনিলে। টম ব্লুণ্ডেল আৰু গ্লেন ফিলিপছেও ক্ৰমে ৪১ ৰান আৰু ৪৮ ৰান অৰিহণা যোগাইছিল যদিও টম লেথামৰ অৰ্ধশতক ভাৰতৰ বাবে আটাইতকৈ ক্ষতিকাৰক বুলি প্ৰমাণিত হয়।


বেটিঙত ব্যৰ্থতাও আছিল ভাৰতৰ পৰাজয়ৰ মূল কাৰণ। পুনে টেষ্টৰ দুয়োটা ইনিংছতে ৰোহিত শৰ্মাই ডাবল ফিগাৰ স্পৰ্শ কৰিব নোৱাৰাৰ বিপৰীতে বিৰাটে দুয়োটা ইনিংছতে মুঠ ১৮ ৰানহে সংগ্ৰহ কৰে। তেওঁৰ বাহিৰেও মিডল অৰ্ডাৰত থকা ঋষভ পণ্টে প্ৰথম ইনিংছত ১৮ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছতো একাউণ্ট খুলিব পৰা নাছিল। বেংগালুৰু টেষ্টৰ শতক বিজয়ী সৰফৰাজ খানে এইবাৰ কোনো যাদু দেখুৱাব নোৱাৰিলে। মুঠৰ ওপৰত বেটিঙত ব্যৰ্থতাই টিম ইণ্ডিয়াৰ ছিৰিজ পৰাজয়ৰ এটা ডাঙৰ কাৰণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ