--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোৱাৰ পানজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে মুঠ নটা পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰিছে৷ ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেৰ নেতৃত্বত যোৱা অসমৰ দলটোৱে তিনিটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

মঙলবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ কৃষ্ণ দাসে দুটাকৈ সোণ লাভ কৰিবলৈ সক্ষম হয়৷ তিনিদিনীয়া প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে জুনিয়ৰ ল’ৰাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰা কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইল শাখাতো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়৷ ইফালে, সূৰ্য শইকীয়াই অসমৰ হৈ তৃতীয়টো সোণ অৰ্জন কৰে৷ তেওঁ ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০ মিটাৰ ফ্ৰীষ্টাইল শাখাতো ৰূপ অৰ্জন কৰিবলৈ সক্ষম হয়৷

আনহাতে ইয়েছমিন খাতুনে তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ জুনিয়ৰ ছোৱালীৰ শাখাত খেলা ইয়েছমিনে এশ মিটাৰ বেষ্ট ষ্ট্ৰ’ক আৰু ফ্ৰীষ্টাইলত দ্বিতীয় হোৱাৰ লগতে ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত তৃতীয়টো ৰূপৰ পদক অৰ্জন কৰে৷ আনহাতে, ছিনিয়ৰ মহিলাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত অসমৰ ছাজিদা বেগম তথা ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত প্ৰীতি দাসে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷

অসমৰ পেৰা সাঁতোৰ খেলুৱৈৰ এই গৌৰৱময় সফলতাৰ বাবে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিনিকি ভূঞা শৰ্মাই অভিনন্দন জনাইছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ আঠজনীয়া এটা দলে অংশ লৈছিল৷ গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ সদৌ অসম পেৰা ক্ৰীড়া প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতে অসম পেৰালিম্পিক সন্থাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে দলটো নিৰ্বাচন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ