--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙৰ উৎসৱ হোলী প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়।হোলীৰ এদিন পূৰ্বে হোলিকা দহন উদ্যাপন কৰা হয়। সেই অনুসৰি ২০২৪ চনৰ ২৫ মাৰ্চত হোলী। এই দিনটোত মানুহে ইজনে সিজনৰ ওপৰত ৰং সানি হোলী পালন কৰে। এই উৎসৱ প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক। প্ৰাচীন কালত প্ৰহ্লাদৰ জন্ম হিৰণ্যকশিপুৰৰ ঘৰত হোৱা বুলি শাস্ত্ৰত ইংগিত পোৱা গৈছে। প্ৰহ্লাদ সৰুৰে পৰা জগতৰ ৰক্ষক বিষ্ণুৰ মহান ভক্ত আছিল।কিন্তু সেই সময়ত হিৰণ্যকশিপুৱে নিজকে ঈশ্বৰ বুলি গণ্য কৰিছিল।

কিম্বদন্তি অনুসৰি কোনোবাই যদি ভগৱান ভক্তি কৰিছিল তেন্তে তেওঁক হিৰণ্যকশিপুৰে শাস্তি দিছিল। দীৰ্ঘদিন ধৰি হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ চেষ্টা কৰিছিল যদিও ভগৱান বিষ্ণুৰ কৃপাত হিৰণ্যকশিপুৰ এই প্ৰচেষ্টা কেতিয়াও সফল নহ’ল। অৱশেষত ভগ্নী হোলিকাই হিৰণ্যকশিপুৰৰ সহায় কৰে। অৱশ্যে এই প্ৰচেষ্টাত হোলিকা নিজেই জ্বলি গ’ল। একে সময়তে ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদৰ একো নহ’ল। এই উপলক্ষে স্মৃতিত প্ৰতি বছৰে ফাগুন পূৰ্ণিমাত হোলী পালন কৰা হয়।

জ্যোতিষৰ হিচাপ অনুসৰি হোলিকা দহন ২৪ মাৰ্চত। একে সময়তে হোলিকা দহনৰ শুভ সময় ১ ঘণ্টা ১৪ মিনিট। হোলিকা দহনৰ শুভ সময় ২৪ মাৰ্চৰ নিশা ১১:১৩ বজাৰ পৰা ১২:২৭ বজালৈ। এই সময়ছোৱাত হোলিকা দহন কৰা হ’ব। পাছদিনা অৰ্থাৎ ২৫ মাৰ্চত হোলী পালন কৰা হ'ব।

পঞ্চাঙ্গৰ তথ্য অনুসৰি ২০২৪ চনৰ ফাগুন মাহৰ পূৰ্ণিমাৰ তাৰিখ ২৪ মাৰ্চৰ পুৱা ০৯:৫৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা অৰ্থাৎ ২৫ মাৰ্চৰ নিশা ১২:২৯ বজাত শেষ হ’ব। জ্যোতিষীসকলৰ মতে হোলিকা দহন ২৪ মাৰ্চত। আনহাতে, ২৫ মাৰ্চত হোলী উদ্‌যাপন কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী