--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু আধ্যাত্মিক পৰম্পৰাত তুলসীৰ অনন্য গুৰুত্ব আছে৷ ধৰ্মীয় বিশ্বাস অনুসৰি, দেৱী লক্ষ্মী তুলসীত বাস কৰে। তুলসী গছ ৰোপণ কৰা ঘৰত কোনো বাস্তু দোষ নাথাকে। যাৰ ফলত ঘৰখনত সুখ আৰু সমৃদ্ধি আহে।
  
বাস্তুশাস্ত্ৰৰ মতে, ঘৰত তুলসী গছ ৰোপণ কৰিলে ঘৰটোৰ পৰিবেশ আৰু চৌপাশৰ পৰিবেশ পৱিত্ৰ আৰু ইতিবাচক হৈ থাকে। হিন্দু ধৰ্মীয় ৰীতি অনুসৰি তুলসীক পুৱা আৰু সন্ধিয়া উপাসনা কৰা হয়। অকল এয়াই নহয় বহুবছৰ ধৰি তুলসী উদ্ভিদ আয়ুৰ্বেদত ঔষধ হিচাপেও ব্যৱহাৰ হৈ আহিছে।

আনহাতে, জ্যোতিষশাস্ত্ৰতো উল্লেখ আছে তুলসীৰ কথা৷ কিছুমান সৰল ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে, যি সকলো আকাংক্ষা পূৰণ কৰে। জ্যোতিষশাস্ত্ৰই কি কয়-

আকাংক্ষা পূপণৰ বাবে: আমাৰ মনত বহুতো আকাংক্ষা আছে, যিবোৰ আমি দীৰ্ঘদিন ধৰি আমাৰ মনত ৰাখোঁ। আৰু সেই আকাংক্ষা পূৰণৰ বাবে জ্যোতিষশাস্ত্ৰই কৈছে যে প্ৰতি দেওবাৰে বা একাদশীত তুলসী গছৰ পৰা ১১টা পাত লৈ তাৰ পাছত তুলসীৰ পাতবোৰ ধুব লাগে৷ তাৰ পাছত পাত্ৰত গেৰুৱা ৰঙৰ সেন্দূৰ আৰু তেল মিহলাই সেই ১১টা তুলসী পাতত ৰামৰ নাম লিখি আৰু হনুমান মূৰ্তিৰ ভৰিত দিব লাগে৷
  
শান্তি আৰু সমৃদ্ধিৰ বাবে: যদি ঘৰৰ পৰিবেশ অস্থিৰ হৈ থাকে, তেন্তে তুলসী গছৰ পৰা চাৰি বা পাঁচটা তুলসীৰ পাত ছিঙি আনি ভালদৰে ধুই দিয়ক। তাৰ পাছত পিতলৰ পাত্ৰ বা যিকোনো বিশুদ্ধ পাত্ৰত গংগাজল লৈ ধোৱা তুলসীৰ পাতবোৰ তাত পেলাই দিয়ক। এই কামে নেতিবাচকতা আঁতৰ কৰে আৰু ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি প্ৰতিষ্ঠা কৰে।

বিত্তীয় সংকট দূৰীকৰণ: আপুনি বিত্তীয় সংকটৰ সন্মুখীন হ’লেও, তুলসীয়ে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে৷ তুলসীৰ পাত ৰঙা কাপোৰত বান্ধি আপোনাৰ ঘৰৰ ধনত ৰাখিব পাৰে। বিশ্বাস কৰা হয় যে এনে কৰিলে বিত্তীয় সংকট হ্ৰাস হয়৷
  
সৌভাগ্যৰ বাবে: সৌভাগ্য বাবেও তুলসী৷ আপুনি বাৰে বাৰে এটা কাম কৰিবলৈ গৈ আছে, কিন্তু প্ৰতিবাৰেই বিফল হৈ আছে৷ সেয়ে সন্ধিয়া ঘৰৰ তুলসী গছৰ সন্মুখত চাকি দিয়ক৷ এই চাকিটো ঘৰৰ উত্তৰ দিশত তুলসীৰ শিপাৰ ঠিক ওচৰত ৰখাটোৱে ভাগ্যক সহায় কৰে আৰু বিফল কামটো সোনকালে পূৰণ কৰিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী