--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু আধ্যাত্মিক পৰম্পৰাত তুলসীৰ অনন্য গুৰুত্ব আছে৷ ধৰ্মীয় বিশ্বাস অনুসৰি, দেৱী লক্ষ্মী তুলসীত বাস কৰে। তুলসী গছ ৰোপণ কৰা ঘৰত কোনো বাস্তু দোষ নাথাকে। যাৰ ফলত ঘৰখনত সুখ আৰু সমৃদ্ধি আহে।
  
বাস্তুশাস্ত্ৰৰ মতে, ঘৰত তুলসী গছ ৰোপণ কৰিলে ঘৰটোৰ পৰিবেশ আৰু চৌপাশৰ পৰিবেশ পৱিত্ৰ আৰু ইতিবাচক হৈ থাকে। হিন্দু ধৰ্মীয় ৰীতি অনুসৰি তুলসীক পুৱা আৰু সন্ধিয়া উপাসনা কৰা হয়। অকল এয়াই নহয় বহুবছৰ ধৰি তুলসী উদ্ভিদ আয়ুৰ্বেদত ঔষধ হিচাপেও ব্যৱহাৰ হৈ আহিছে।

আনহাতে, জ্যোতিষশাস্ত্ৰতো উল্লেখ আছে তুলসীৰ কথা৷ কিছুমান সৰল ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে, যি সকলো আকাংক্ষা পূৰণ কৰে। জ্যোতিষশাস্ত্ৰই কি কয়-

আকাংক্ষা পূপণৰ বাবে: আমাৰ মনত বহুতো আকাংক্ষা আছে, যিবোৰ আমি দীৰ্ঘদিন ধৰি আমাৰ মনত ৰাখোঁ। আৰু সেই আকাংক্ষা পূৰণৰ বাবে জ্যোতিষশাস্ত্ৰই কৈছে যে প্ৰতি দেওবাৰে বা একাদশীত তুলসী গছৰ পৰা ১১টা পাত লৈ তাৰ পাছত তুলসীৰ পাতবোৰ ধুব লাগে৷ তাৰ পাছত পাত্ৰত গেৰুৱা ৰঙৰ সেন্দূৰ আৰু তেল মিহলাই সেই ১১টা তুলসী পাতত ৰামৰ নাম লিখি আৰু হনুমান মূৰ্তিৰ ভৰিত দিব লাগে৷
  
শান্তি আৰু সমৃদ্ধিৰ বাবে: যদি ঘৰৰ পৰিবেশ অস্থিৰ হৈ থাকে, তেন্তে তুলসী গছৰ পৰা চাৰি বা পাঁচটা তুলসীৰ পাত ছিঙি আনি ভালদৰে ধুই দিয়ক। তাৰ পাছত পিতলৰ পাত্ৰ বা যিকোনো বিশুদ্ধ পাত্ৰত গংগাজল লৈ ধোৱা তুলসীৰ পাতবোৰ তাত পেলাই দিয়ক। এই কামে নেতিবাচকতা আঁতৰ কৰে আৰু ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি প্ৰতিষ্ঠা কৰে।

বিত্তীয় সংকট দূৰীকৰণ: আপুনি বিত্তীয় সংকটৰ সন্মুখীন হ’লেও, তুলসীয়ে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে৷ তুলসীৰ পাত ৰঙা কাপোৰত বান্ধি আপোনাৰ ঘৰৰ ধনত ৰাখিব পাৰে। বিশ্বাস কৰা হয় যে এনে কৰিলে বিত্তীয় সংকট হ্ৰাস হয়৷
  
সৌভাগ্যৰ বাবে: সৌভাগ্য বাবেও তুলসী৷ আপুনি বাৰে বাৰে এটা কাম কৰিবলৈ গৈ আছে, কিন্তু প্ৰতিবাৰেই বিফল হৈ আছে৷ সেয়ে সন্ধিয়া ঘৰৰ তুলসী গছৰ সন্মুখত চাকি দিয়ক৷ এই চাকিটো ঘৰৰ উত্তৰ দিশত তুলসীৰ শিপাৰ ঠিক ওচৰত ৰখাটোৱে ভাগ্যক সহায় কৰে আৰু বিফল কামটো সোনকালে পূৰণ কৰিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ