--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰুৱা প্রস্তুতকাৰী সকললৈ এটা গুৰুত্বপূৰ্ণ প্রত্যাহ্বান আনি, সেনাই কমেও ৪০০ ড্র'ন ক্ৰয় কৰিবলগীয়া ২৩০ কোটি টকা মূল্যৰ এখন চুক্তি বাতিল কৰিছে। 

পূব লাডাখত থকা প্রকৃত নিয়ন্ত্রণ ৰেখাৰ (এল এ চি) কাষত নিয়োজিত কৰিব লগা এই ৪০০ ড্ৰ'নৰ প্ৰস্তুত কৰাৰ বাবে চীনৰ উপাদান ব্যৱহাৰ কৰাৰ কথিত অভিযোগৰ পাছতেই ভাৰতীয় সেনাই এই সিদ্ধান্ত লয়।

এই ঠিকাটোত ২০০ মধ্যমীয়া উচ্চতাৰ ড্ৰ'ন, ১০০ গধুৰ ওজনৰ ড্ৰ'ন আৰু ১০০ পাতল ওজনৰ ড্ৰ'ন ক্ৰয় কৰাৰ চুক্তি আছিল। এই লজিষ্টিক ড্র'নসমূহ প্রস্তুতৰ বাবে ঠিকা লাভ কৰাসকলৰ ভিতৰত চেন্নাইস্থিত ধাক্ষা নামৰ কোম্পানীটো আছিল অন্যতম মুখ্য কোম্পানী। ভাৰতীয় সেনাৰ এই সিদ্ধান্তৰ পাছত কোম্পানীটোৰ বেয়াকৈ ক্ষতি হৈছে। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চীন-ভিত্তিক ইলেক্ট্রনিক উপাদান এই ড্র'নসমূহত সংযোজন কৰা হৈছে বুলি তদন্তত প্রকাশ পোৱাৰ পাছতেই দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এই চুক্তি বাতিল কৰা হয়।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post