--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ধাৰা এতিয়া ফলাফললৈ পৰিণত হ’বলৈ আৰম্ভ কৰিছে। দিল্লীৰ ৭০খন আসনৰ অধিকাংশ আসনৰ ফলাফল আহি পৰিছে। অৱশ্যে কিছুমান আসনত এতিয়াও চূড়ান্ত ৰাউণ্ডৰ গণনা চলি আছে। কিন্তু ইফালে স্পষ্ট হৈ পৰিছে যে ২৭ বছৰৰ পাছত ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাইছে। কিন্তু দিল্লীত নিৰ্বাচনত পৰাস্ত হোৱা বিধায়কসকলে কিমান দিনত বাংলো খালী কৰিব লাগিব জানেনে? আজি আমি ইয়াৰ লগত জড়িত নিয়ম আপোনালোকক জনাম।

৭০খন আসনৰ দিল্লী বিধানসভাত বিজেপিয়ে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সীমা (৩৬) অতিক্ৰম কৰি ৪৮খন আসনৰ কাষ চাপিছে; আনহাতে আম আদমি পাৰ্টি ২২খন আসনত সীমাবদ্ধ যেন লাগে। এই নিৰ্বাচনত কংগ্ৰেছকে ধৰি আন সকলো দলৰ আসন সম্পূৰ্ণ খালী হৈ আছে।

এতিয়া প্ৰশ্ন হয় দিল্লীত পৰাজয়ৰ সন্মুখীন হোৱা বিধায়কসকলে কেতিয়া চৰকাৰী বাংলো খালী কৰিব লাগিব? তথ্য অনুসৰি দিল্লী বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা নেতাসকলে চৰকাৰী বাংলো খালী কৰিব লগা হৈছে। নিয়ম অনুসৰি পৰাজিত বিধায়কসকললৈ জাননী প্ৰেৰণ কৰে ৰাজহুৱা কাম-কাজ বিভাগে। এই জাননী পোৱাৰ এমাহৰ ভিতৰত বিধায়কসকলে চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব। এনে নকৰিলে জৰিমনা আৰোপ কৰা হয়।

উল্লেখ্য যে দেশৰ নেতাসকলৰ বাবেও আইন আছে। ২০১৯ চনত মোদী চৰকাৰে নেতাসকলৰ আৱাসগৃহ খালী কৰিবলৈ আইন আনিছিল। এই আইন অনুসৰি যদি কোনোবাই নিৰ্দিষ্ট সময়ৰ ভিতৰত খালী নকৰে তেন্তে তেওঁৰ ওপৰত ১০ লাখ টকাৰ জৰিমনা বিহা হ’ব পাৰে। জাননী দিয়াৰ পিছত চৰকাৰে বাংলো খালী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে।

এতিয়া আপুনি নিশ্চয় ভাবিছে, চৰকাৰী বাংলো খালী কৰাৰ বাহিৰে আৰু কি কি সুবিধা প্ৰদান কৰা হয়? উল্লেখ্য যে দেশৰ আন ৰাজ্যৰ দৰে দিল্লীতো প্ৰাক্তন বিধায়কক পেঞ্চন আৰু বহু ভাট্টা দিয়া হয়। বৰ্তমান দিল্লীৰ প্ৰাক্তন বিধায়কসকলক প্ৰতিমাহে ৩০ হাজাৰ টকা পেঞ্চন দিয়া হয়, আনহাতে যদি এজন বিধায়ক এবাৰতকৈ অধিক বিধায়ক হৈ আহিছে, তেন্তে প্ৰতিটো কাৰ্যকালৰ বাবে তেওঁৰ পেঞ্চন ১০০০ টকা অতিৰিক্তভাৱে বৃদ্ধি কৰা হয়। আনহাতে এজন প্ৰাক্তন বিধায়কৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালক ৫০% পৰ্যন্ত পেঞ্চন দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়