--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪ ৰ প্ৰথমখন টেষ্ট মেচত ভাৰতৰ ঐতিহাসিক জয়লাভ ৷অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯৫ ৰাণত জয় লাভ কৰে ভাৰতীয় দলে ৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলৰ অধিনায়কৰ দায়িত্ব বহন কৰা যশপ্ৰীত বুমৰাহৰ নেতৃত্বত পাৰ্থ টেষ্টত ভাৰতে বৃহৎ জয়লাভেৰে ইতিহাস ৰচিলে ৷

পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ প্ৰথমটো পৰাজয় ৷ ইয়াৰ পূৰ্বে এই ষ্টেডিয়ামত অনুষ্ঠিত আটাইবোৰ টেষ্টতে জয়লাভ কৰিছিল  কেংগাৰু বাহিনীয়ে ৷ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৫৩৪ ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ ক্ৰিজত নমা কেংগাৰু বাহিনীৰ অতি কম সময়ৰ ভিতৰতে এটাৰ পিছত আনটো উইকেটৰ পতন ঘটে ৷ যাৰ বাবে দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ২৩৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

মেচখনৰ প্ৰথম ইনিংছত ভাৰতে মাত্ৰ ১৫০ ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই ১০৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে প্ৰথম ইনিংছত ভাৰতীয় বলাৰসকলৰ উন্নত প্ৰদৰ্শন দেখা গ’ল ৷ আনহাতে, দ্বিতীয় ইনিংছত এজনৰ পিছত আনজন ভাৰতীয় বেটছমেনে বেটিং ধুমুহাৰে ৬ উইকেটৰ বিনিময়ত ৪৮৭ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ৷ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীয়ে শতক অৰ্জনৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে ৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post