--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪ ৰ প্ৰথমখন টেষ্ট মেচত ভাৰতৰ ঐতিহাসিক জয়লাভ ৷অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯৫ ৰাণত জয় লাভ কৰে ভাৰতীয় দলে ৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলৰ অধিনায়কৰ দায়িত্ব বহন কৰা যশপ্ৰীত বুমৰাহৰ নেতৃত্বত পাৰ্থ টেষ্টত ভাৰতে বৃহৎ জয়লাভেৰে ইতিহাস ৰচিলে ৷

পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ প্ৰথমটো পৰাজয় ৷ ইয়াৰ পূৰ্বে এই ষ্টেডিয়ামত অনুষ্ঠিত আটাইবোৰ টেষ্টতে জয়লাভ কৰিছিল  কেংগাৰু বাহিনীয়ে ৷ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৫৩৪ ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ ক্ৰিজত নমা কেংগাৰু বাহিনীৰ অতি কম সময়ৰ ভিতৰতে এটাৰ পিছত আনটো উইকেটৰ পতন ঘটে ৷ যাৰ বাবে দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ২৩৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

মেচখনৰ প্ৰথম ইনিংছত ভাৰতে মাত্ৰ ১৫০ ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই ১০৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে প্ৰথম ইনিংছত ভাৰতীয় বলাৰসকলৰ উন্নত প্ৰদৰ্শন দেখা গ’ল ৷ আনহাতে, দ্বিতীয় ইনিংছত এজনৰ পিছত আনজন ভাৰতীয় বেটছমেনে বেটিং ধুমুহাৰে ৬ উইকেটৰ বিনিময়ত ৪৮৭ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ৷ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীয়ে শতক অৰ্জনৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে ৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ