--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ পিতৃৰ পদাংক অনুসৰণ কৰিয়ে ক্ৰিকেটৰ জগতত আগবাঢ়ি আহিছে৷ ২০১৮ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আছিল ভাৰতৰ হৈ তেওঁৰ ১৯ বছৰ অনুৰ্ধৰ অভিষেক ঘটাইছিল। ২০২১ চনৰ ১৫ জানুৱাৰীত তেওঁ টি-২০ত অভিষেক ঘটায়৷ ২০২১ চনৰ আই পি এলৰ নিলামত মুম্বাই ইণ্ডিয়ানছৰ দলৰ অন্তৰ্ভুক্ত হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত ৰঞ্জি ট্ৰফীত ৰাজস্থানৰ বিৰুদ্ধে খেলি থকাৰ সময়তে তেণ্ডুলকাৰে প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়। তেওঁ প্ৰথম ইনিংছত ২০৭টা বলত ১২০ ৰান কৰি প্ৰথম শতক অৰ্জন কৰিবলৈ সক্ষম হয়৷ 

শেহতীয়াকৈ আই পি এল ২০২৫ত  মেগা নিলামৰ প্ৰথম ৰাউণ্ডত কোনো নিবিদা লাভ কৰা নাছিল 
অৰ্জুন তেণ্ডুলকাৰে কিন্তু শেষৰ ৰাউণ্ডত মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাত নিজৰ দলত অন্তৰ্ভুক্ত কৰে। উল্লেখযোগ্য যে মুম্বাইয়েও প্ৰথম ৰাউণ্ডত অৰ্জুনৰ বাবে নিবিদা দিয়া নাছিল। অৰ্থাৎ আকৌ এবাৰ অৰ্জুনে আই পি এলত মুম্বাইৰ হৈ খেলা দেখিবলৈ পোৱা যাব।  

এতিয়ালৈকে অৰ্জুনে আই পি এলত মাত্ৰ ৫ খন মেচ খেলিছে য’ত তেওঁ মাত্ৰ তিনিটা উইকেট লোৱাত সফল হৈছিল৷ অৰ্জুন তেণ্ডুলকাৰে মুম্বাই ইণ্ডিয়ানছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অভিষেক ঘটায়। ২০২৩ চনৰ আই পি এলতো খেলাৰ সুযোগ লাভ কৰাৰ লগতে উইকেটো দখল কৰিছিল। অৱশ্যে ইয়াৰ পিছত তেওঁ প্লেইং এঘাৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। ৰোহিত শৰ্মাৰ অধিনায়কত্বত খেলা অৰ্জুনে ভুৱনেশ্বৰ কুমাৰক আউট কৰি আই পি এলৰ প্ৰথমটো উইকেট দখল কৰিছিল। যোৱাটো ছিজনতো অৰ্জুনে বেঞ্চত বহিবলগীয়া হৈছিল৷দলটোৰ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া৷

উল্লেখযোগ্য যে প্ৰাৰম্ভিক ছিজনত নিলামত অৰ্জুন তেণ্ডুলকাৰৰ ভিত্তি মূল্য আছিল ২০ লাখ টকা। এইবাৰৰ নিলামৰ পূৰ্বে বিচিচিআইয়ে অনকেপড খেলুৱৈৰ বেছ প্ৰাইজ ২০ লাখৰ পৰা ৩০ লাখ টকালৈ বৃদ্ধি কৰিছিল। প্ৰথম ৰাউণ্ডত অৰ্জুনৰ কোনো দলে নিবিদা নিদিয়াকৈ আছিল যদিও অৱশেষত মুম্বাই ইণ্ডিয়ানছে অৰ্জুন তেণ্ডুলকাৰক দলত অন্তৰ্ভুক্ত কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ