--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটি ছয় বছৰীয়া ভোকাতুৰ শিশুৱে কিবা এটা খাবৰ বাবে বাৰে বাৰে পইচা বিচাৰি আছিল এজন আৰক্ষী কনিষ্টবলক। তাতেই যেন শিশুটিৱে কৰি দিলে ভয়ংকৰ অপৰাধ! পইচা বিচাৰি থকা বাবে ৬ বছৰীয়া শিশুটিক ডিঙি চেপি হত্যা কৰে আৰক্ষী কনিষ্টবলজনে। মধ্য প্ৰদেশৰ(Madhya Pradesh) দাতিয়া জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। মধ্য প্ৰদেশ আৰক্ষীয়ে জনোৱা অনুসৰি এটি ছয় বছৰীয়া লৰা ৪ মে'ত সন্ধানহীন হৈছিল। শিশুটোৰ দেউতাকে এখন সৰু চেলুন চলায়। ল'ৰাটো যিদিনা নিৰুদ্দেশ হৈছিল সেইদিনা মাতৃয়ে পীতাম্বৰা ৰথ যাত্ৰাৰ বাবে চহৰলৈ গৈছিল। ৫ মে'ত ল'ৰাটো নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। 

আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। সেইদিনাই গোৱালিয়ৰ জিলাৰ ঝান্সি ৰোড এলেকাত এটা কণমানি ল'ৰাৰ মৃতদেহ উদ্ধাৰ হয়। তদন্তত সেয়া নিৰুদ্দেশ হোৱা ল'ৰাটোৰে মৃতদেহ বুলি আৰক্ষী নিশ্চত হয়। আৰক্ষীৰ জোৰদাৰ তদন্তত হত্যাকাৰী পোহৰলৈ আহে। এই হত্যাকাণ্ডত খোদ আৰক্ষী জড়িত বুলি জানি সকলো স্তম্ভিত হৈ পৰিছে। 

হত্যাকাৰী ৰবি শৰ্মাই কয় যে তেওঁ সেই সময়ত হতাশাত আৰু কিবা চিন্তাত আছিল আৰু যেতিয়া ল'ৰাটোৱে তেওঁক পইচা বিচাৰি আছিল তেতিয়া তেওঁ বিৰক্ত হৈছিল। খং উঠাত গাড়ীৰ ওচৰলৈ ল'ৰাটোক লৈ গৈছিল আৰু তাৰ পিছত শিশুটিক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। মৃতদেহটো ৰবি শৰ্মাই নিজৰ গাড়ীৰে গোৱালিয়ৰলৈ লৈ গৈছিল আৰুএটা নিৰ্জন স্থানত মৃতদেহটো পেলাই দিছিল।  

অভিযুক্ত কনিষ্টবল ৰবি শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দাতিয়া জিলাৰ আৰক্ষী অধীক্ষকে শৰ্মাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ভূপালৰ আৰক্ষী মুখ্য কাৰ্যালয়লৈ পত্ৰ লিখিছে। ৰাজ্যিক আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ৰবি শৰ্মাক শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সম্ভাৱনা আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ