--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটি ছয় বছৰীয়া ভোকাতুৰ শিশুৱে কিবা এটা খাবৰ বাবে বাৰে বাৰে পইচা বিচাৰি আছিল এজন আৰক্ষী কনিষ্টবলক। তাতেই যেন শিশুটিৱে কৰি দিলে ভয়ংকৰ অপৰাধ! পইচা বিচাৰি থকা বাবে ৬ বছৰীয়া শিশুটিক ডিঙি চেপি হত্যা কৰে আৰক্ষী কনিষ্টবলজনে। মধ্য প্ৰদেশৰ(Madhya Pradesh) দাতিয়া জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। মধ্য প্ৰদেশ আৰক্ষীয়ে জনোৱা অনুসৰি এটি ছয় বছৰীয়া লৰা ৪ মে'ত সন্ধানহীন হৈছিল। শিশুটোৰ দেউতাকে এখন সৰু চেলুন চলায়। ল'ৰাটো যিদিনা নিৰুদ্দেশ হৈছিল সেইদিনা মাতৃয়ে পীতাম্বৰা ৰথ যাত্ৰাৰ বাবে চহৰলৈ গৈছিল। ৫ মে'ত ল'ৰাটো নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। 

আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। সেইদিনাই গোৱালিয়ৰ জিলাৰ ঝান্সি ৰোড এলেকাত এটা কণমানি ল'ৰাৰ মৃতদেহ উদ্ধাৰ হয়। তদন্তত সেয়া নিৰুদ্দেশ হোৱা ল'ৰাটোৰে মৃতদেহ বুলি আৰক্ষী নিশ্চত হয়। আৰক্ষীৰ জোৰদাৰ তদন্তত হত্যাকাৰী পোহৰলৈ আহে। এই হত্যাকাণ্ডত খোদ আৰক্ষী জড়িত বুলি জানি সকলো স্তম্ভিত হৈ পৰিছে। 

হত্যাকাৰী ৰবি শৰ্মাই কয় যে তেওঁ সেই সময়ত হতাশাত আৰু কিবা চিন্তাত আছিল আৰু যেতিয়া ল'ৰাটোৱে তেওঁক পইচা বিচাৰি আছিল তেতিয়া তেওঁ বিৰক্ত হৈছিল। খং উঠাত গাড়ীৰ ওচৰলৈ ল'ৰাটোক লৈ গৈছিল আৰু তাৰ পিছত শিশুটিক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। মৃতদেহটো ৰবি শৰ্মাই নিজৰ গাড়ীৰে গোৱালিয়ৰলৈ লৈ গৈছিল আৰুএটা নিৰ্জন স্থানত মৃতদেহটো পেলাই দিছিল।  

অভিযুক্ত কনিষ্টবল ৰবি শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দাতিয়া জিলাৰ আৰক্ষী অধীক্ষকে শৰ্মাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ভূপালৰ আৰক্ষী মুখ্য কাৰ্যালয়লৈ পত্ৰ লিখিছে। ৰাজ্যিক আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ৰবি শৰ্মাক শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সম্ভাৱনা আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ