--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰৰ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা মহাশিৱৰাত্ৰি পালন কৰা হয়। এই দিনটোত ভগৱান শিৱ আৰু মাপাৰ্বতীৰ পূজা কৰা হয়। বিশ্বাস অনুসৰি এই দিনটোতে ভোলেনাথ আৰু মাপাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। কেলেণ্ডাৰ অনুসৰি চলিত বৰ্ষৰ ৮ মাৰ্চত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ’ব। এইবাৰ মহাশিৱৰাত্ৰি ৫ ৰাশিৰ বাবে বিশেষ হ’বলৈ গৈ আছে। এইবাৰ কুম্ভ ৰাশিত সূৰ্য্য, শনি আৰু শুক্ৰ একেলগ হৈ ত্ৰিগ্ৰহী যোগ গঠন কৰিব। সেয়েহে এইবাৰৰ শিৱৰাত্ৰিয়ে ১২টা ৰাশিৰ ভিতৰত ৫টা ৰাশিক অত্যন্ত শুভ ফল প্ৰদান কৰিব। জানো আহক এই ভাগ্যৱান ৫ ৰাশিৰ বিষয়ে।

মেষ ৰাশি : মেষ ৰাশিৰ লোকসকলৰ বাবে এইবাৰৰ শিৱৰাত্ৰি বিশেষ হ’বলৈ গৈ আছে। এইবাৰৰ শিৱৰাত্ৰিয়ে মেষ ৰাশিৰ জাতক-জাতিকাসকলক কামত অহা সকলো বাধা আঁতৰাই সফলতা প্ৰদান কৰিব। এই ৰাশিৰ জাতক-জাতিকাৰ বাবে প্ৰগতিৰ দুৱাৰ মুকলি হ’ব। অর্থনৈতিক পৰিস্থিতি আগতকৈ শক্তিশালী হ’ব৷ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে শুভ ফল লাভ কৰিব।

বৃষ ৰাশি : বৃষ ৰাশিৰ লোকৰ বাবে সময় ফলপ্ৰসূ বুলিব পাৰি। বৈবাহিক জীৱন সুখকৰ হ’ব। অংশীদাৰৰ সৈতে সম্পৰ্ক শক্তিশালী হ’ব আৰু সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। লাভৰ নতুন উৎসৰ সৃষ্টি হ’ব যিয়ে আৰ্থিক সংকট দূৰ কৰিব পাৰে। কঠোৰ পৰিশ্ৰম কৰি যাওক আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিব।

তুলা ৰাশি : তুলা ৰাশিৰ লোকসকলে সুখবৰ লাভ কৰিব। আবদ্ধ হৈ থকা কোনো ধনৰাশি ঘূৰাই পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে অত্যন্ত ভাল সময়, নতুন চুক্তি সম্পন্ন বাবে ভাল সময়।পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক মজবুত হ’ব।

মকৰ ৰাশি : মকৰ ৰাশিৰ লোকৰ বাবে মহাশিৱৰাত্ৰি বিশেষ হ’ব। প্ৰেম জীৱন ভাল হ'ব ভোলেনাথৰ কৃপাত। চাকৰি বিচৰাসকলে হয়তো ভাল খবৰ পাব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত এই ৰাশিৰ লোকসকলৰ শুভ, চাকৰিত পদোন্নতিৰ বাবে অপেক্ষা কৰি থকাসকলে হয়তো নিশ্চয় কিছু ভাল খবৰ পাব পাৰে।

কুম্ভ ৰাশি : এই সময়ছোৱা কুম্ভ ৰাশি লোকসকলে যিকোনো বাহন বা সম্পত্তিৰ ক্ৰয় কৰিব পাৰে। বাকী থকা কাম সম্পূৰ্ণ হ’ব। ব্যৱসায়ীসকলে যথেষ্ট লাভৱান হোৱাৰ আশা আছে। যদি আপুনি কোনো বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই সময় আপোনাৰ বাবে যথেষ্ট অনুকূল বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা; এহাল যুৱক-যুৱতী থিতাতে নিহত
ক্ষুদ্ৰ আকাৰৰ মুখা নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িলে ওৰাঙৰ কণজিৎ মেধিয়ে
নাহৰকটীয়াত শোকাৱহ ঘটনা; সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া কিশোৰীৰ
লখিমপুৰৰ ছাত্ৰ নিৰুদ্দেশ; পৰিয়ালত হাহাকাৰ
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’