--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰৰ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা মহাশিৱৰাত্ৰি পালন কৰা হয়। এই দিনটোত ভগৱান শিৱ আৰু মাপাৰ্বতীৰ পূজা কৰা হয়। বিশ্বাস অনুসৰি এই দিনটোতে ভোলেনাথ আৰু মাপাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। কেলেণ্ডাৰ অনুসৰি চলিত বৰ্ষৰ ৮ মাৰ্চত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ’ব। এইবাৰ মহাশিৱৰাত্ৰি ৫ ৰাশিৰ বাবে বিশেষ হ’বলৈ গৈ আছে। এইবাৰ কুম্ভ ৰাশিত সূৰ্য্য, শনি আৰু শুক্ৰ একেলগ হৈ ত্ৰিগ্ৰহী যোগ গঠন কৰিব। সেয়েহে এইবাৰৰ শিৱৰাত্ৰিয়ে ১২টা ৰাশিৰ ভিতৰত ৫টা ৰাশিক অত্যন্ত শুভ ফল প্ৰদান কৰিব। জানো আহক এই ভাগ্যৱান ৫ ৰাশিৰ বিষয়ে।

মেষ ৰাশি : মেষ ৰাশিৰ লোকসকলৰ বাবে এইবাৰৰ শিৱৰাত্ৰি বিশেষ হ’বলৈ গৈ আছে। এইবাৰৰ শিৱৰাত্ৰিয়ে মেষ ৰাশিৰ জাতক-জাতিকাসকলক কামত অহা সকলো বাধা আঁতৰাই সফলতা প্ৰদান কৰিব। এই ৰাশিৰ জাতক-জাতিকাৰ বাবে প্ৰগতিৰ দুৱাৰ মুকলি হ’ব। অর্থনৈতিক পৰিস্থিতি আগতকৈ শক্তিশালী হ’ব৷ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে শুভ ফল লাভ কৰিব।

বৃষ ৰাশি : বৃষ ৰাশিৰ লোকৰ বাবে সময় ফলপ্ৰসূ বুলিব পাৰি। বৈবাহিক জীৱন সুখকৰ হ’ব। অংশীদাৰৰ সৈতে সম্পৰ্ক শক্তিশালী হ’ব আৰু সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। লাভৰ নতুন উৎসৰ সৃষ্টি হ’ব যিয়ে আৰ্থিক সংকট দূৰ কৰিব পাৰে। কঠোৰ পৰিশ্ৰম কৰি যাওক আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিব।

তুলা ৰাশি : তুলা ৰাশিৰ লোকসকলে সুখবৰ লাভ কৰিব। আবদ্ধ হৈ থকা কোনো ধনৰাশি ঘূৰাই পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে অত্যন্ত ভাল সময়, নতুন চুক্তি সম্পন্ন বাবে ভাল সময়।পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক মজবুত হ’ব।

মকৰ ৰাশি : মকৰ ৰাশিৰ লোকৰ বাবে মহাশিৱৰাত্ৰি বিশেষ হ’ব। প্ৰেম জীৱন ভাল হ'ব ভোলেনাথৰ কৃপাত। চাকৰি বিচৰাসকলে হয়তো ভাল খবৰ পাব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত এই ৰাশিৰ লোকসকলৰ শুভ, চাকৰিত পদোন্নতিৰ বাবে অপেক্ষা কৰি থকাসকলে হয়তো নিশ্চয় কিছু ভাল খবৰ পাব পাৰে।

কুম্ভ ৰাশি : এই সময়ছোৱা কুম্ভ ৰাশি লোকসকলে যিকোনো বাহন বা সম্পত্তিৰ ক্ৰয় কৰিব পাৰে। বাকী থকা কাম সম্পূৰ্ণ হ’ব। ব্যৱসায়ীসকলে যথেষ্ট লাভৱান হোৱাৰ আশা আছে। যদি আপুনি কোনো বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই সময় আপোনাৰ বাবে যথেষ্ট অনুকূল বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত