--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰেমজনিত সংঘাতৰ পৰিণতিতেই এই ৰক্তক্ষয়ী কাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্কঃ দেশৰ তথ্য-প্ৰযুক্তিৰ কেন্দ্ৰস্থল হাইদৰাবাদত এক মৰ্মান্তিক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন ইঞ্জিনিয়াৰিং ছাত্ৰক দিন-দুপৰতে ৰাজপথত খেদি খেদি নৃশংসভাৱে হত্যা কৰা হয়।


প্ৰেমজনিত সংঘাতৰ পৰিণতিতেই এই ৰক্তক্ষয়ী কাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।


প্ৰাপ্ত তথ্য অনুসৰি, মৃত ছাত্ৰজনক এজন দুৰ্বৃত্তই দীৰ্ঘসময় ধৰি অনুসৰণ কৰি আছিল। ছাত্ৰজনে নিজৰ গন্তব্যস্থানলৈ গৈ থকা অৱস্থাত অভিযুক্তই হঠাতে চোকা অস্ত্ৰৰে তেওঁৰ ওপৰত জপিয়াই পৰে। প্ৰাণৰ মমতাত ছাত্ৰজনে দৌৰিবলৈ চেষ্টা কৰিছিল যদিও অভিযুক্তই তেওঁক পিছে পিছে খেদি গৈ ছুৰীৰে উপৰ্যুপৰি আঘাত কৰে।


প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এগৰাকী যুৱতীক কেন্দ্ৰ কৰি অভিযুক্ত আৰু ছাত্ৰজনৰ মাজত দীৰ্ঘদিন ধৰি মনোমালিন্য চলি আছিল। হত্যাকাৰীয়ে পূৰ্বৰে পৰা ছাত্ৰজনক হত্যা কৰাৰ পৰিকল্পনা কৰি থৈছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে।


ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে আইপিচিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।


এই ঘটনাই চহৰখনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত গভীৰ উদ্বেগ আৰু শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান