--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তেওঁৰ আছে কেইবাটাও ৰাজপ্রাসাদ সদৃশ বাসভৱন। নির্বাচনত অৱতীর্ণ হোৱাৰ বাবে মনোনয়ন দাখিলৰ সময়ত দিয়া শপতনামাত উল্লেখ কৰা মতে, বিজয়ৰ ৬০০ কোটি টকা মূল্যৰ সা-সম্পত্তি আছে।

ডিজিটেল ডেস্ক: এম জি ৰামচন্দ্ৰণে (এম জি আৰ) ১৯৭৭ চনত তামিলনাডুৰ ৰাজনীতিত পৰিৱর্তন অনাৰ ৪৯ বছৰৰ পাছত এইবাৰ ৰাজনীতিৰ পথাৰত আত্মপ্রকাশ কৰা দক্ষিণৰ জনপ্রিয় অভিনেতা যোছেফ বিজয় চন্দ্রশেখৰণৰ তামিলাগা ভেট্টি কাজাগাম (টি ভি কে) দলে ৰাজ্যখনৰ ৰাজনীতিত অভূতপূর্ব পৰিৱৰ্তন আনিছে।


বিধানসভাৰ নির্বাচনত প্রথমবাৰ নামিয়েই বিজয়ৰ টি ভি কেই ১০৮খন আসন দখল কৰে। অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয় এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত হৈছে। অভিনয়েৰে তামিলনাডুৰ জনতাৰ মন জয় কৰা বিজয়ে বহু দিনৰ পৰা ৰাজ্যখনৰ জনকল্যাণমূলক কার্যত জড়িত আছিল। 


অভিনয়ৰ জৰিয়তে বিজয় অগাধ সম্পত্তিৰ মালিক হৈছে। জনকল্যাণমূলক কার্যত সততে নিয়োজিত থকা বিজয়ে কিন্তু ৰজাৰ দৰে জীৱন কটায়। তেওঁৰ আছে কেইবাটাও ৰাজপ্রাসাদ সদৃশ বাসভৱন। নির্বাচনত অৱতীর্ণ হোৱাৰ বাবে মনোনয়ন দাখিলৰ সময়ত দিয়া শপতনামাত উল্লেখ কৰা মতে, বিজয়ৰ ৬০০ কোটি টকা মূল্যৰ সা-সম্পত্তি আছে। 


ভাৰতৰ অন্যতম এজন ধনী ৰাজনীতিক হিচাপে পৰিগণিত হোৱা বিজয়ৰ ৪০৪.৫৮ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু ১৯৮.৬২ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে। চিনেমাই হৈছে তেওঁৰ উপাৰ্জনৰ মূল উৎস। দক্ষিণ ভাৰতীয় চিনেমাত তেওঁ সর্বাধিক উপার্জনকাৰী অভিনেতা হিচাপে পৰিগণিত হৈছে। 


২০২৪-২৫ বর্ষতে বিজয়ে অভিনয়ৰ জৰিয়তে ১৮৪.৫৩ কোটি টকা উপার্জন কৰিছিল। আনহাতে, বিজয়ৰ বেংক ডিপজিট ২১৩ কোটি টকা আছে। তদুপৰি, বিভিন্ন বেংক একাউণ্টৰ জৰিয়তে তেওঁৰ বিনিয়োগ আছে। তেওঁৰ ১০০ কোটি টকাৰ 'ফিক্সড্ ডিপ'জিট' আছে আৰু যাৰ জৰিয়তে মাহিলি ২ লাখ টকা সুত পায়। চেন্নাইৰ বিভিন্ন স্থানত তেওঁৰ তেওঁৰ আবাসিক সম্পত্তি থকাৰ লগতে বিভিন্ন স্থানত কৃষিভূমি আছে। আনহাতে, তেওঁৰ পত্নীৰ ১৫.৭৬ কোটি টকা মূল্যৰ সম্পত্তি আছে বুলি শপতনামাত বিজয়ে উল্লেখ কৰিছিল।



উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান