--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ গ্ৰীষ্মকালীন ভ্রমণত যাত্রীসকলে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে।

ডিজিটেল ডেস্ক: দেশৰ তিনিটা বিমান পৰিবহণ সংস্থা- এয়াৰ ইণ্ডিয়া, ইণ্ডিগ' আৰু স্পাইছজেটে যোৱা ২৬ এপ্রিলত ফেডাৰেশ্যন অব্ ইণ্ডিয়ান এয়াৰলাইনছৰ (এফ আই এ) জৰিয়তে বিমান পৰিবহণ মন্ত্ৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি কয় যে তেওঁলোকৰ বিমান চলাচল যিকোনো সময়ত ব্যাহত হ'ব পাৰে। 


দেশৰ গ্ৰীষ্মকালীন ভ্রমণত যাত্রীসকলে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। সমগ্র দেশতে ভ্রমণকাৰীয়ে 'বন্ধৰ দিন' উদযাপনৰ পৰিকল্পনা কৰাৰ সময়তে দেশৰ তিনিটা প্রধান বিমান পৰিবহণ কোম্পানীৰ এই স্থিতিয়ে বিমান পৰিবহণ খণ্ডলৈ সংকট নমাৰ আশংকা হৈছে। বিশেষকৈ ইৰানৰ সৈতে ইজৰাইল-আমেৰিকাৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা সমগ্র বিশ্বত ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। 


আনহাতে, ইৰানে বিশ্বৰ গুৰুত্বপূর্ণ বাণিজ্য জলপথ বন্ধ কৰি দিয়াৰ বাবে সমগ্ৰ বিশ্বতে তেলৰ সংকট হৈছে। ইয়াৰ সামন্তৰালভাৱে জেট ইন্ধনৰ দাম অস্বাভাৱিক ধৰণে বৃদ্ধি পাইছে। বিশ্বজনীনভাৱে খাৰুৱা তেল আৰু এভিয়েশ্যন টার্বাইন ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ বাবে সমগ্র বিশ্বতে বিমান পৰিবহণ ব্যৱস্থাত প্ৰভাৱ পৰিছে। ইউৰোপীয় দেশসমূহতো কেইবাসপ্তাহমানৰ পাছত বিমান চলাচল বন্ধ হোৱাৰ উপক্রম হৈছে। 


ফেডাৰেশ্যন অব্ ইণ্ডিয়ান এয়াৰলাইনছ আৰু বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়া, ইণ্ডিগ' আৰু স্পাইছজেটে শেহতীয়াকৈ ভাৰত চৰকাৰক সতৰ্ক কৰি দি কৈছে যে দেশৰ বিমান পৰিবহণ ব্যৱস্থালৈ সংকট নামি আহিছে। বর্ধিত ইন্ধন ব্যয়ে বিমান চলাচলত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰে দেশৰ প্রধান বিমান পৰিবহন সংস্থাকেইটাই। বিমানৰ উৰণ বাতিলৰ দৰে পৰিস্থিতি অতি শীঘ্ৰেই উদ্ভৱ হ'ব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে বিমান পৰিবহণ সংস্থাকেইটাই। বিমান পৰিচালনৰ বাবে পূর্বে ৪০% ব্যয় ইন্ধনত হৈছিল। এতিয়া সেই ব্যয় ৬০ শতাংশলৈ বৃদ্ধি পাইছে। সেইবাবে দেশৰ ঘৰুৱা বিমান সংস্থাকেইটাই বিমান ভাৰাৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post