--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ গ্ৰীষ্মকালীন ভ্রমণত যাত্রীসকলে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে।

ডিজিটেল ডেস্ক: দেশৰ তিনিটা বিমান পৰিবহণ সংস্থা- এয়াৰ ইণ্ডিয়া, ইণ্ডিগ' আৰু স্পাইছজেটে যোৱা ২৬ এপ্রিলত ফেডাৰেশ্যন অব্ ইণ্ডিয়ান এয়াৰলাইনছৰ (এফ আই এ) জৰিয়তে বিমান পৰিবহণ মন্ত্ৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি কয় যে তেওঁলোকৰ বিমান চলাচল যিকোনো সময়ত ব্যাহত হ'ব পাৰে। 


দেশৰ গ্ৰীষ্মকালীন ভ্রমণত যাত্রীসকলে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। সমগ্র দেশতে ভ্রমণকাৰীয়ে 'বন্ধৰ দিন' উদযাপনৰ পৰিকল্পনা কৰাৰ সময়তে দেশৰ তিনিটা প্রধান বিমান পৰিবহণ কোম্পানীৰ এই স্থিতিয়ে বিমান পৰিবহণ খণ্ডলৈ সংকট নমাৰ আশংকা হৈছে। বিশেষকৈ ইৰানৰ সৈতে ইজৰাইল-আমেৰিকাৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা সমগ্র বিশ্বত ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। 


আনহাতে, ইৰানে বিশ্বৰ গুৰুত্বপূর্ণ বাণিজ্য জলপথ বন্ধ কৰি দিয়াৰ বাবে সমগ্ৰ বিশ্বতে তেলৰ সংকট হৈছে। ইয়াৰ সামন্তৰালভাৱে জেট ইন্ধনৰ দাম অস্বাভাৱিক ধৰণে বৃদ্ধি পাইছে। বিশ্বজনীনভাৱে খাৰুৱা তেল আৰু এভিয়েশ্যন টার্বাইন ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ বাবে সমগ্র বিশ্বতে বিমান পৰিবহণ ব্যৱস্থাত প্ৰভাৱ পৰিছে। ইউৰোপীয় দেশসমূহতো কেইবাসপ্তাহমানৰ পাছত বিমান চলাচল বন্ধ হোৱাৰ উপক্রম হৈছে। 


ফেডাৰেশ্যন অব্ ইণ্ডিয়ান এয়াৰলাইনছ আৰু বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়া, ইণ্ডিগ' আৰু স্পাইছজেটে শেহতীয়াকৈ ভাৰত চৰকাৰক সতৰ্ক কৰি দি কৈছে যে দেশৰ বিমান পৰিবহণ ব্যৱস্থালৈ সংকট নামি আহিছে। বর্ধিত ইন্ধন ব্যয়ে বিমান চলাচলত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰে দেশৰ প্রধান বিমান পৰিবহন সংস্থাকেইটাই। বিমানৰ উৰণ বাতিলৰ দৰে পৰিস্থিতি অতি শীঘ্ৰেই উদ্ভৱ হ'ব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে বিমান পৰিবহণ সংস্থাকেইটাই। বিমান পৰিচালনৰ বাবে পূর্বে ৪০% ব্যয় ইন্ধনত হৈছিল। এতিয়া সেই ব্যয় ৬০ শতাংশলৈ বৃদ্ধি পাইছে। সেইবাবে দেশৰ ঘৰুৱা বিমান সংস্থাকেইটাই বিমান ভাৰাৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান