--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰশাসনৰ তথ্য অনুসৰি, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই দেৱাল খহি পৰা, গছৰ ডাল পৰা বা বজ্ৰপাতৰ চিকাৰ হৈছে।

ডিজিটেল ডেস্কঃ বিগত ২৪ ঘণ্টাত উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু ধাৰাসাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে। এই প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখনৰ বিভিন্ন জিলাত বৰ্তমানলৈকে প্ৰায় ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে।


প্ৰশাসনৰ তথ্য অনুসৰি, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই দেৱাল খহি পৰা, গছৰ ডাল পৰা বা বজ্ৰপাতৰ চিকাৰ হৈছে। বিশেষকৈ গ্ৰামাঞ্চলসমূহত কেঁচা ঘৰবোৰ খহি পৰাৰ ফলত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। ধুমুহাৰ প্ৰকোপ ইমান তীব্ৰ আছিল যে শ শ গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাত যাতায়ত আৰু বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।


মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে জিলা দণ্ডাধীশসকলক ক্ষয়-ক্ষতিৰ বুজ লৈ সোনকালে সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে। আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবেও স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া হৈছে।


কেৱল জনজীৱনেই নহয়, কৃষি খণ্ডতো এই বৰষুণে মোক্ষম আঘাত হানিছে। কটাৰ বাবে সাজু হোৱা শস্য পথাৰতে নষ্ট হোৱাত কৃষকসকল এতিয়া হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে।


বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৪৮ ঘণ্টাৰ বাবে ৰাজ্যখনৰ কেইবাখনো জিলাত পুনৰ ধুমুহা আৰু বৰষুণৰ আগজাননী দি 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান