--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰশাসনৰ তথ্য অনুসৰি, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই দেৱাল খহি পৰা, গছৰ ডাল পৰা বা বজ্ৰপাতৰ চিকাৰ হৈছে।

ডিজিটেল ডেস্কঃ বিগত ২৪ ঘণ্টাত উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু ধাৰাসাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে। এই প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যখনৰ বিভিন্ন জিলাত বৰ্তমানলৈকে প্ৰায় ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে।


প্ৰশাসনৰ তথ্য অনুসৰি, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই দেৱাল খহি পৰা, গছৰ ডাল পৰা বা বজ্ৰপাতৰ চিকাৰ হৈছে। বিশেষকৈ গ্ৰামাঞ্চলসমূহত কেঁচা ঘৰবোৰ খহি পৰাৰ ফলত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। ধুমুহাৰ প্ৰকোপ ইমান তীব্ৰ আছিল যে শ শ গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাত যাতায়ত আৰু বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।


মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে জিলা দণ্ডাধীশসকলক ক্ষয়-ক্ষতিৰ বুজ লৈ সোনকালে সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে। আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবেও স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া হৈছে।


কেৱল জনজীৱনেই নহয়, কৃষি খণ্ডতো এই বৰষুণে মোক্ষম আঘাত হানিছে। কটাৰ বাবে সাজু হোৱা শস্য পথাৰতে নষ্ট হোৱাত কৃষকসকল এতিয়া হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে।


বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৪৮ ঘণ্টাৰ বাবে ৰাজ্যখনৰ কেইবাখনো জিলাত পুনৰ ধুমুহা আৰু বৰষুণৰ আগজাননী দি 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post