--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰগাঁওৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিছাত কৰ্মৰত এহাল দম্পতীৰ আঢ়ৈ বছৰীয়া কনমানি ।

ডিজিটেল ডেস্কঃ উজনি অসমৰ তিনিচুকীয়া জিলাত পোহৰলৈ আহিছে এটাৰ পাছত আন এটা মানৱ সৰবৰাহৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান জিলাখনৰ ফিল'বাৰী । 


মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰগাঁওৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিছাত কৰ্মৰত এহাল দম্পতীৰ আঢ়ৈ বছৰীয়া কনমানি । 


উল্লেখ্য যে, ৪ নৱেম্বৰ তাৰিখে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৱাৰমৰা চিংফৌ গাঁ‌ৱৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ তিনিগৰাকী কিশোৰীক এখন ৱেগনাৰ বাহনত নিবলৈ অহাৰ সময়তেই স্থানীয় আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই বাহনখনৰ চালক ডুমডুমা টপোবনৰ দিপক ফুকনক কৰায়ক্ত কৰি সোধ-পোছ কৰাত পোহৰলৈ আহে উজনিত চলি থকা মানৱ সৰবৰাহৰ ভয়ংকৰ জাল । 


দিপক ফুকনে জানিবলৈ দিয়া অনুসৰি পিটৰ সোনা আৰু উমাকান্ত ছেত্ৰী (টিকে) নামৰ দুই মানৱ সৰবৰাহকাৰীয়ে ৮ হাজাৰ টকা গাড়ীভাৰা দি পঠিয়াইছিল দীপকক । লক্ষীমপুৰৰ হাৰমতিলৈ নিবলৈ কৈছিল কিশোৰী তিনিগৰাকীক । 


পৰিয়ালৰ অভিযোগ অনুসৰি পিটৰ সোনা নামৰ শিশু সৰবৰাহকাৰীটোৱে নিজকে চাহ জনগোষ্ঠীৰ এটা সংগঠনৰ নেতা হিচাপে চিনাকি দি কিশোৰী তিনিগৰাকীৰ পিতৃক ফুচলাই তিনি কিশোৰীক নিয়াৰ চেষ্টা কৰিছিল । 


উল্লেখযোগ্য যে, পিটৰ সোনা নামৰ এই মানৱ সৰবৰাহকাৰীটোৱে পূৰ্বতেও অঞ্চলটোৰ সহজ-সৰল চাহ শ্ৰমিক পৰিয়ালৰ কেইবাগৰাকীও কিশোৰী-যুৱতীক বহিঃৰাজ্যলৈ লৈ গৈ বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে । আনকি, বিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰীকো কেইমাহমান পূৰ্বে বহিঃৰাজ্যলৈ নি বিক্ৰী কৰিছে । পিটৰ আৰু টিকেৰ নিৰ্দেশ মৰ্মে তিনি কিশোৰীক নিবলৈ অহা দীপক ফুকন নামৰ লোকজনক AS 23 AF 5952 নম্বৰৰ বাহনসহ ৰাইজে কৰায়ক্ত কৰি আৰক্ষীক গতাই দিয়ে ।


এই ঘটনাৰ পাছতেই সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা । পিটৰ আৰু টিকে নামৰ শিশু সৰবৰাহকাৰী দুটাই প্ৰায় ৫ মাহ পূৰ্বে মাইকেল বাৰ্লাৰ আঢ়ৈ বছৰীয়া এগৰাকী নাবালিকাক কৌশলেৰে বহিঃৰাজ্যত ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । 


আঢ়ৈ বছৰীয়া নাবালিকা গৰাকীৰ পিতৃ-মাতৃৰ হাতত প্ৰথমে ৫০ হাজাৰ টকা দি ভিডিঅ' প্ৰস্তুত কৰি পুনৰ সেই টকা পিটৰ আৰু টিকে নামৰ এই দুই মানৱ সৰবৰাহকাৰীয়ে লৈ উধাও হয় । বৰ্তমানেও কোনো অজ্ঞাত লোকৰ কৱলত আছে আঢ়ৈ বছৰীয়া নাবালিকা গৰাকী । উল্লেখযোগ্য যে, পিটৰ সোনাই অঞ্চলটোত নিজকে চাহ জনগোষ্ঠীৰ এটা সংগঠনৰ নেতা হিচাপে পৰিচয় দি অহাৰ বিপৰীতে উমাকান্ত ছেত্ৰী ওৰফে টিকে প্ৰায় ছয় মাহ পূৰ্বে মানৱ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত হৈ জেলৰ ভাত খাই আহিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত পেঙেৰী আৰক্ষীয়ে উমাকান্ত ছেত্ৰী, পিটৰ চাখাৰীয়া, ৰহিত খাদাল, অজিত মুণ্ডা, দীপক ফুকন আৰু ববী দেউৰী চুনাক কৰায়ক্ত কৰিছে । 


বৰ্তমানেও পলাতক হৈ আছে মানৱ সৰবৰাহকাৰী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড পিটৰ সোনা । আৰক্ষীয়ে কৰায়ত্ত কৰা ববী দেউৰী সোনা পিটৰ সোনাৰ পত্নী । ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পেঙেৰী আৰক্ষীয়ে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু