--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰগাঁওৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিছাত কৰ্মৰত এহাল দম্পতীৰ আঢ়ৈ বছৰীয়া কনমানি ।

ডিজিটেল ডেস্কঃ উজনি অসমৰ তিনিচুকীয়া জিলাত পোহৰলৈ আহিছে এটাৰ পাছত আন এটা মানৱ সৰবৰাহৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান জিলাখনৰ ফিল'বাৰী । 


মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰগাঁওৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিছাত কৰ্মৰত এহাল দম্পতীৰ আঢ়ৈ বছৰীয়া কনমানি । 


উল্লেখ্য যে, ৪ নৱেম্বৰ তাৰিখে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৱাৰমৰা চিংফৌ গাঁ‌ৱৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ তিনিগৰাকী কিশোৰীক এখন ৱেগনাৰ বাহনত নিবলৈ অহাৰ সময়তেই স্থানীয় আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই বাহনখনৰ চালক ডুমডুমা টপোবনৰ দিপক ফুকনক কৰায়ক্ত কৰি সোধ-পোছ কৰাত পোহৰলৈ আহে উজনিত চলি থকা মানৱ সৰবৰাহৰ ভয়ংকৰ জাল । 


দিপক ফুকনে জানিবলৈ দিয়া অনুসৰি পিটৰ সোনা আৰু উমাকান্ত ছেত্ৰী (টিকে) নামৰ দুই মানৱ সৰবৰাহকাৰীয়ে ৮ হাজাৰ টকা গাড়ীভাৰা দি পঠিয়াইছিল দীপকক । লক্ষীমপুৰৰ হাৰমতিলৈ নিবলৈ কৈছিল কিশোৰী তিনিগৰাকীক । 


পৰিয়ালৰ অভিযোগ অনুসৰি পিটৰ সোনা নামৰ শিশু সৰবৰাহকাৰীটোৱে নিজকে চাহ জনগোষ্ঠীৰ এটা সংগঠনৰ নেতা হিচাপে চিনাকি দি কিশোৰী তিনিগৰাকীৰ পিতৃক ফুচলাই তিনি কিশোৰীক নিয়াৰ চেষ্টা কৰিছিল । 


উল্লেখযোগ্য যে, পিটৰ সোনা নামৰ এই মানৱ সৰবৰাহকাৰীটোৱে পূৰ্বতেও অঞ্চলটোৰ সহজ-সৰল চাহ শ্ৰমিক পৰিয়ালৰ কেইবাগৰাকীও কিশোৰী-যুৱতীক বহিঃৰাজ্যলৈ লৈ গৈ বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে । আনকি, বিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰীকো কেইমাহমান পূৰ্বে বহিঃৰাজ্যলৈ নি বিক্ৰী কৰিছে । পিটৰ আৰু টিকেৰ নিৰ্দেশ মৰ্মে তিনি কিশোৰীক নিবলৈ অহা দীপক ফুকন নামৰ লোকজনক AS 23 AF 5952 নম্বৰৰ বাহনসহ ৰাইজে কৰায়ক্ত কৰি আৰক্ষীক গতাই দিয়ে ।


এই ঘটনাৰ পাছতেই সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা । পিটৰ আৰু টিকে নামৰ শিশু সৰবৰাহকাৰী দুটাই প্ৰায় ৫ মাহ পূৰ্বে মাইকেল বাৰ্লাৰ আঢ়ৈ বছৰীয়া এগৰাকী নাবালিকাক কৌশলেৰে বহিঃৰাজ্যত ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । 


আঢ়ৈ বছৰীয়া নাবালিকা গৰাকীৰ পিতৃ-মাতৃৰ হাতত প্ৰথমে ৫০ হাজাৰ টকা দি ভিডিঅ' প্ৰস্তুত কৰি পুনৰ সেই টকা পিটৰ আৰু টিকে নামৰ এই দুই মানৱ সৰবৰাহকাৰীয়ে লৈ উধাও হয় । বৰ্তমানেও কোনো অজ্ঞাত লোকৰ কৱলত আছে আঢ়ৈ বছৰীয়া নাবালিকা গৰাকী । উল্লেখযোগ্য যে, পিটৰ সোনাই অঞ্চলটোত নিজকে চাহ জনগোষ্ঠীৰ এটা সংগঠনৰ নেতা হিচাপে পৰিচয় দি অহাৰ বিপৰীতে উমাকান্ত ছেত্ৰী ওৰফে টিকে প্ৰায় ছয় মাহ পূৰ্বে মানৱ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত হৈ জেলৰ ভাত খাই আহিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত পেঙেৰী আৰক্ষীয়ে উমাকান্ত ছেত্ৰী, পিটৰ চাখাৰীয়া, ৰহিত খাদাল, অজিত মুণ্ডা, দীপক ফুকন আৰু ববী দেউৰী চুনাক কৰায়ক্ত কৰিছে । 


বৰ্তমানেও পলাতক হৈ আছে মানৱ সৰবৰাহকাৰী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড পিটৰ সোনা । আৰক্ষীয়ে কৰায়ত্ত কৰা ববী দেউৰী সোনা পিটৰ সোনাৰ পত্নী । ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পেঙেৰী আৰক্ষীয়ে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা