--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৬ বৰ্ষৰ ২,৩ আৰু ৪ জানুৱাৰীত দিচাংপানীত অনুষ্ঠিত হ'বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ'ব চিৰ সেউজ বঁটা।‌

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ "চিৰ সেউজ বঁটা" , জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক "সাহসী কণ্ঠ" আৰু ডাঃ অমিত বৰুৱাক "মানৱ দৰদী চিকিৎসক বঁটা" ঘোষণা ।


প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ চিৰ সেউজ বঁটা। মৰণোত্তৰভাৱে আগবঢ়োৱা হ'ব এই বঁটা।‌ সোণাৰু কাঞ্চন কৃষ্ণচূড়া সমিতিৰ উদ্যোগত আগবঢ়োৱা হ'ব এই বঁটা। ২০২৬ বৰ্ষৰ ২,৩ আৰু ৪ জানুৱাৰীত দিচাংপানীত অনুষ্ঠিত হ'বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ'ব চিৰ সেউজ বঁটা।‌ এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰে চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে সজ্জিত কৰিবলৈ বিগত পাঁচ বছৰ ধৰি প্ৰয়াস অব্যাহত ৰখা প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই। আনহাতে সোণাৰি কাঞ্চন কৃষ্ণচূড়া মহোৎসৱতেই প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত মাত মাতি অহা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক "সাহসী কণ্ঠ বঁটা" আৰু বিশিষ্ট চিকিৎসক ডাঃ অমিত বৰুৱাক প্ৰদান কৰা হ'ব "মানৱদৰদী চিকিৎসক বঁটা"। 


উল্লেখ্য যে, প্ৰাণৰ শিল্পী গৰাকীক যুগমীয়া কৰি ৰাখিবলৈ আগন্তুক বৰ্ষত চৰাইদেউ জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহত দুই লাখ সোণাৰু, কাঞ্চন,কৃষ্ণচূড়া, নাহৰৰ পুলি ৰোপণৰ লগতে প্ৰতিপালন কৰাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলিও জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত