--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৬ বৰ্ষৰ ২,৩ আৰু ৪ জানুৱাৰীত দিচাংপানীত অনুষ্ঠিত হ'বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ'ব চিৰ সেউজ বঁটা।‌

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ "চিৰ সেউজ বঁটা" , জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক "সাহসী কণ্ঠ" আৰু ডাঃ অমিত বৰুৱাক "মানৱ দৰদী চিকিৎসক বঁটা" ঘোষণা ।


প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ চিৰ সেউজ বঁটা। মৰণোত্তৰভাৱে আগবঢ়োৱা হ'ব এই বঁটা।‌ সোণাৰু কাঞ্চন কৃষ্ণচূড়া সমিতিৰ উদ্যোগত আগবঢ়োৱা হ'ব এই বঁটা। ২০২৬ বৰ্ষৰ ২,৩ আৰু ৪ জানুৱাৰীত দিচাংপানীত অনুষ্ঠিত হ'বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ'ব চিৰ সেউজ বঁটা।‌ এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰে চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে সজ্জিত কৰিবলৈ বিগত পাঁচ বছৰ ধৰি প্ৰয়াস অব্যাহত ৰখা প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই। আনহাতে সোণাৰি কাঞ্চন কৃষ্ণচূড়া মহোৎসৱতেই প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত মাত মাতি অহা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক "সাহসী কণ্ঠ বঁটা" আৰু বিশিষ্ট চিকিৎসক ডাঃ অমিত বৰুৱাক প্ৰদান কৰা হ'ব "মানৱদৰদী চিকিৎসক বঁটা"। 


উল্লেখ্য যে, প্ৰাণৰ শিল্পী গৰাকীক যুগমীয়া কৰি ৰাখিবলৈ আগন্তুক বৰ্ষত চৰাইদেউ জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহত দুই লাখ সোণাৰু, কাঞ্চন,কৃষ্ণচূড়া, নাহৰৰ পুলি ৰোপণৰ লগতে প্ৰতিপালন কৰাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলিও জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা