--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইণ্টাৰপলৰ সন্মিলনৰ সময়ত ভাৰতীয় নিৰাপত্তা সংস্থাবোৰে এই 'অপাৰেশ্যন গ্ল'বেল হান্ট'ৰ ফ্রেমৱৰ্ক গঠন কৰিছিল।

ডিজিটেল ডেস্ক : বিদেশত পলাতক হৈ থকা অপৰাধীৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অন্যতম বৃহৎ অভিযান চলাব। ভাৰতত অপৰাধ সংঘটিত কৰি পৰৱৰ্তী সময়ত বিদেশত শৰণাৰ্থী হৈ থকা ভাৰতীয় অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাব। 


'অপাৰেশ্যন গ্ল'বেল হান্ট' শীৰ্ষক অভিযানৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰি ভাৰত চৰকাৰে বিভিন্ন কেন্দ্ৰীয় নিৰাপত্তা বাহিনীলৈ নির্দেশনা দিছে যে সমগ্র বিশ্বত ইণ্টাৰপলৰে সহযোগিতা কৰি যুটীয়া অভিযান চলাব লাগে। উল্লেখযোগ্য যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইণ্টাৰপলৰ সন্মিলনৰ সময়ত ভাৰতীয় নিৰাপত্তা সংস্থাবোৰে এই 'অপাৰেশ্যন গ্ল'বেল হান্ট'ৰ ফ্রেমৱৰ্ক গঠন কৰিছিল। 



ইণ্টাৰপলৰ সহযোগত পলাতক অপৰাধী লুকাই থকা স্থান চিনাক্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা আৰু বিশেষ বিমানেৰে বিদেশৰ পৰা ভাৰতলৈ প্রত্যর্পণ কৰোৱা আদি বিষয়ত ফ্রেমৱৰ্ক গঠন কৰা হয়। তদুপৰি বিদেশৰ চৰকাৰবোৰক পলাতক অপৰাধীৰ ব্যাপক দলিল (ড'ছিয়াৰ) দাখিলৰ প্রক্রিয়াও কৰিব ভাৰত চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় ড্রাগ চক্ৰ আৰু সংঘবদ্ধ অপৰাধ নেটৱৰ্কৰে সংযোগ থকা ভাৰতীয় অপৰাধীক গ্ৰেপ্তাৰ কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে ইতিমধ্যে কুখ্যাত অপৰাধী ডাউড ইব্রাহিমৰ ঘনিষ্ঠ সহযোগী ছালীম ডোলাক ইষ্টানবুলৰ পৰা সফলতাৰে বিতাৰণ কৰি ভাৰতলৈ প্রত্যর্পণ কৰোৱাইছে। 


ভাৰতীয় অনুসন্ধানকাৰী সংস্থাবোৰে প্ৰকাশ কৰা মতে, এই 'ড্রাগ-সন্ত্ৰাসৰ' নেটৱৰ্কে বিদেশৰ ভূমিৰ পৰা ভাৰতলৈ নিচাযুক্ত সামগ্ৰীৰ যোগান ধৰি আহিছিল। এই ড্ৰাগছ সৰবৰাহ চক্ৰৰে জড়িত ১১টা মূল অপৰাধীক চিনাক্ত কৰিছে ভাৰতে। ইয়াৰ ভিতৰত আছিফ ইকবাল মেমন, হাজৰা মেমন, জুনাইড মেমন, হৰমীত সিং, প্রদীপ সিং, পৰমজিত ধালিৱালা, ছানী গোছালভিছ, যশবিন্দৰ সিং, টাইছান বিষ্ণয়, হালী ছালিম আৰু সন্দীপ ধুমীয়াৰ নাম আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান