--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইণ্টাৰপলৰ সন্মিলনৰ সময়ত ভাৰতীয় নিৰাপত্তা সংস্থাবোৰে এই 'অপাৰেশ্যন গ্ল'বেল হান্ট'ৰ ফ্রেমৱৰ্ক গঠন কৰিছিল।

ডিজিটেল ডেস্ক : বিদেশত পলাতক হৈ থকা অপৰাধীৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অন্যতম বৃহৎ অভিযান চলাব। ভাৰতত অপৰাধ সংঘটিত কৰি পৰৱৰ্তী সময়ত বিদেশত শৰণাৰ্থী হৈ থকা ভাৰতীয় অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাব। 


'অপাৰেশ্যন গ্ল'বেল হান্ট' শীৰ্ষক অভিযানৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰি ভাৰত চৰকাৰে বিভিন্ন কেন্দ্ৰীয় নিৰাপত্তা বাহিনীলৈ নির্দেশনা দিছে যে সমগ্র বিশ্বত ইণ্টাৰপলৰে সহযোগিতা কৰি যুটীয়া অভিযান চলাব লাগে। উল্লেখযোগ্য যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইণ্টাৰপলৰ সন্মিলনৰ সময়ত ভাৰতীয় নিৰাপত্তা সংস্থাবোৰে এই 'অপাৰেশ্যন গ্ল'বেল হান্ট'ৰ ফ্রেমৱৰ্ক গঠন কৰিছিল। 



ইণ্টাৰপলৰ সহযোগত পলাতক অপৰাধী লুকাই থকা স্থান চিনাক্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা আৰু বিশেষ বিমানেৰে বিদেশৰ পৰা ভাৰতলৈ প্রত্যর্পণ কৰোৱা আদি বিষয়ত ফ্রেমৱৰ্ক গঠন কৰা হয়। তদুপৰি বিদেশৰ চৰকাৰবোৰক পলাতক অপৰাধীৰ ব্যাপক দলিল (ড'ছিয়াৰ) দাখিলৰ প্রক্রিয়াও কৰিব ভাৰত চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় ড্রাগ চক্ৰ আৰু সংঘবদ্ধ অপৰাধ নেটৱৰ্কৰে সংযোগ থকা ভাৰতীয় অপৰাধীক গ্ৰেপ্তাৰ কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে ইতিমধ্যে কুখ্যাত অপৰাধী ডাউড ইব্রাহিমৰ ঘনিষ্ঠ সহযোগী ছালীম ডোলাক ইষ্টানবুলৰ পৰা সফলতাৰে বিতাৰণ কৰি ভাৰতলৈ প্রত্যর্পণ কৰোৱাইছে। 


ভাৰতীয় অনুসন্ধানকাৰী সংস্থাবোৰে প্ৰকাশ কৰা মতে, এই 'ড্রাগ-সন্ত্ৰাসৰ' নেটৱৰ্কে বিদেশৰ ভূমিৰ পৰা ভাৰতলৈ নিচাযুক্ত সামগ্ৰীৰ যোগান ধৰি আহিছিল। এই ড্ৰাগছ সৰবৰাহ চক্ৰৰে জড়িত ১১টা মূল অপৰাধীক চিনাক্ত কৰিছে ভাৰতে। ইয়াৰ ভিতৰত আছিফ ইকবাল মেমন, হাজৰা মেমন, জুনাইড মেমন, হৰমীত সিং, প্রদীপ সিং, পৰমজিত ধালিৱালা, ছানী গোছালভিছ, যশবিন্দৰ সিং, টাইছান বিষ্ণয়, হালী ছালিম আৰু সন্দীপ ধুমীয়াৰ নাম আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post