--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যাত্ৰীৰে ভৰ্তি নাৱখন বান্ধটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ গৈ থকাৰ সময়তে মাজভাগত হঠাত ভাৰসাম্য হেৰুৱাই পানীত ডুব যায়।

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত অৱস্থিত বাৰগী বান্ধৰ বুকুত আজি এক মৰ্মান্তিক নাও দুৰ্ঘটনা সংঘটিত হয়। এই শোকাৱহ ঘটনাত শিশু আৰু মহিলাসহ মুঠ ৯ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।


সূত্ৰ অনুসৰি, যাত্ৰীৰে ভৰ্তি নাৱখন বান্ধটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ গৈ থকাৰ সময়তে মাজভাগত হঠাত ভাৰসাম্য হেৰুৱাই পানীত ডুব যায়। স্থানীয় লোকৰ মতে, নাৱখনত বহন ক্ষমতাাতকৈ অধিক যাত্ৰী উঠিছিল আৰু তীব্ৰ বতাহৰ বাবে নাৱখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। যাত্ৰীসকলৰ আৰ্তনাদ শুনি ওচৰৰ একাংশ লোকে উদ্ধাৰৰ চেষ্টা চলায় যদিও ৯ জনক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল।


ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ উৰ্ধতম কৰ্তৃপক্ষ আৰু SDRF ৰ দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে ইতিমধ্যে সকলো কেইটা মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰিছে। আহত কেইবাজনো যাত্ৰীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।


মধ্যপ্ৰদেশ চৰকাৰে এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্ৰীয়ে মৃতকৰ নিকট আত্মীয়লৈ এককালীন আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে আৰু আহতসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান