--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যাত্ৰীৰে ভৰ্তি নাৱখন বান্ধটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ গৈ থকাৰ সময়তে মাজভাগত হঠাত ভাৰসাম্য হেৰুৱাই পানীত ডুব যায়।

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত অৱস্থিত বাৰগী বান্ধৰ বুকুত আজি এক মৰ্মান্তিক নাও দুৰ্ঘটনা সংঘটিত হয়। এই শোকাৱহ ঘটনাত শিশু আৰু মহিলাসহ মুঠ ৯ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।


সূত্ৰ অনুসৰি, যাত্ৰীৰে ভৰ্তি নাৱখন বান্ধটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ গৈ থকাৰ সময়তে মাজভাগত হঠাত ভাৰসাম্য হেৰুৱাই পানীত ডুব যায়। স্থানীয় লোকৰ মতে, নাৱখনত বহন ক্ষমতাাতকৈ অধিক যাত্ৰী উঠিছিল আৰু তীব্ৰ বতাহৰ বাবে নাৱখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। যাত্ৰীসকলৰ আৰ্তনাদ শুনি ওচৰৰ একাংশ লোকে উদ্ধাৰৰ চেষ্টা চলায় যদিও ৯ জনক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল।


ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ উৰ্ধতম কৰ্তৃপক্ষ আৰু SDRF ৰ দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে ইতিমধ্যে সকলো কেইটা মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰিছে। আহত কেইবাজনো যাত্ৰীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।


মধ্যপ্ৰদেশ চৰকাৰে এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্ৰীয়ে মৃতকৰ নিকট আত্মীয়লৈ এককালীন আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে আৰু আহতসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post