--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰ্তমানৰ ডেপুটি গভৰ্ণৰ টি
  • ৰবি শংকৰৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত খালী হোৱা পদটোত ৰোহিত জৈনক নিযুক্তি দিয়া হৈছে।

ডিজিটেল ডেস্কঃ ভাৰতীয় অৰ্থনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছে ৰোহিত জৈনে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই নিযুক্তিৰ সন্দৰ্ভত আনুষ্ঠানিক মোহৰ মাৰিছে।


বৰ্তমানৰ ডেপুটি গভৰ্ণৰ টি. ৰবি শংকৰৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত খালী হোৱা পদটোত ৰোহিত জৈনক নিযুক্তি দিয়া হৈছে। ৰবি শংকৰৰ কাৰ্যকালৰ সফল সমাপ্তিৰ পাছত এতিয়া ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ দায়িত্ব ল’ব জৈনে।



ৰোহিত জৈনৰ বেংকিং খণ্ড আৰু আৰবিআইৰ আভ্যন্তৰীণ কাৰ্যপ্রণালীত দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে। তেওঁ ইয়াৰ পূৰ্বে বেংকটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যবাহী সঞ্চালক হিচাপেও কাম কৰিছে।


নিয়ম অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেংকত এজন গভৰ্ণৰ আৰু সৰ্বাধিক চাৰিজন ডেপুটি গভৰ্ণৰ থাকে। ৰোহিত জৈনৰ নিযুক্তিয়ে বেংকটোৰ শীৰ্ষ পৰিচালনা সমিতিক অধিক শক্তিশালী কৰিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।


দেশৰ বৰ্তমানৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু ডিজিটেল বেংকিং ব্যৱস্থাৰ সম্প্ৰসাৰণৰ সময়ত জৈনৰ এই নিযুক্তি অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post