--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মউ জিলাত শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজনী কিশোৰীয়ে নিজৰ প্ৰেমিকক বিয়া কৰোৱাৰ জেদ ধৰি এটা ওখ মোবাইল টাৱাৰত উঠি এক নাটকীয় পৰিৱেশৰ সৃষ্টি কৰে।


এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।


ঘটনাটো জিলাখনৰ কোপাগঞ্জ থানা এলেকাৰ অন্তৰ্গত এটা গাঁৱত সংঘটিত হৈছে। স্থানীয় সূত্ৰৰ মতে, কিশোৰীগৰাকীয়ে এজন স্থানীয় যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল আৰু তেওঁক বিয়া কৰাব বিচাৰিছিল। কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালে এই বিয়াত সন্মতি জনোৱা নাছিল। পৰিয়ালৰ বাধাৰ পৰিপ্ৰেক্ষিততে তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰে।


প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীয়ে হঠাতে ওচৰৰে এটা মোবাইল টাৱাৰলৈ দৌৰি গৈ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। তেওঁক টাৱাৰৰ ওপৰত দেখা পাই স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগে। তেওঁ চিঞৰি চিঞৰি প্ৰেমিকৰ সৈতে বিয়া পাতি দিবলৈ দাবী জনাই থাকে।



স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বুজনিৰ অন্তত আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত কিশোৰীগৰাকীক সুৰক্ষিতভাৱে তললৈ নমাই অনা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান