--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মউ জিলাত শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজনী কিশোৰীয়ে নিজৰ প্ৰেমিকক বিয়া কৰোৱাৰ জেদ ধৰি এটা ওখ মোবাইল টাৱাৰত উঠি এক নাটকীয় পৰিৱেশৰ সৃষ্টি কৰে।


এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।


ঘটনাটো জিলাখনৰ কোপাগঞ্জ থানা এলেকাৰ অন্তৰ্গত এটা গাঁৱত সংঘটিত হৈছে। স্থানীয় সূত্ৰৰ মতে, কিশোৰীগৰাকীয়ে এজন স্থানীয় যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল আৰু তেওঁক বিয়া কৰাব বিচাৰিছিল। কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালে এই বিয়াত সন্মতি জনোৱা নাছিল। পৰিয়ালৰ বাধাৰ পৰিপ্ৰেক্ষিততে তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰে।


প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীয়ে হঠাতে ওচৰৰে এটা মোবাইল টাৱাৰলৈ দৌৰি গৈ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। তেওঁক টাৱাৰৰ ওপৰত দেখা পাই স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগে। তেওঁ চিঞৰি চিঞৰি প্ৰেমিকৰ সৈতে বিয়া পাতি দিবলৈ দাবী জনাই থাকে।



স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বুজনিৰ অন্তত আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত কিশোৰীগৰাকীক সুৰক্ষিতভাৱে তললৈ নমাই অনা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post