--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আদি ছিকিমৰ ৰাজধানী মহানগৰখনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছখন অত্যাধুনিক ক্রিকেট একাডেমি ভার্চুৱেলী মুকলি কৰে।

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আদি ছিকিমৰ ৰাজধানী মহানগৰখনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছখন অত্যাধুনিক ক্রিকেট একাডেমি ভার্চুৱেলী মুকলি কৰে। ক্ৰিকেটৰ আন্তঃগাঁথনি সম্প্ৰসাৰৰ বাবে বি চি চি আয়ে লোৱা আঁচনিৰ অধীনত এই ক্রিকেট একাডেমিকেইখন নিৰ্মাণ কৰা হৈছে। 


প্রধানমন্ত্রীয়ে কালি মুকলি কৰা ক্রিকেট একাডেমিকেইখন ক্রমে ছিকিমৰ ৰংপো, অৰুণাচল প্ৰদেশৰ দৈমুখ, মণিপুৰৰ ইম্ফল, মেঘালয়ৰ মদনকুৰক্লাং, মিজোৰামৰ আইজল আৰু নগালেণ্ডৰ ডিমাপুৰত নিৰ্মাণ কৰা হৈছে। বি চি চি আয়ে এটা বিবৃতিত কয় যে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ গেংটকত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই ক্রিকেট একাডেমিকেইখন ভার্চুৱেলী উদ্বোধন কৰে। এই একাডেমিকেইখনৰ নিৰ্মাণ খেলবিধৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্রতিভাসমূহক উদ্ভাসিত কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই উপলক্ষে অনুষ্ঠিত সমাৰোহত প্ৰধানমন্ত্ৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহ, বিচি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ লগতে আন


বিষয়ববীয়াসকল উপস্থিত আছিল। আনহাতে, পাঁচখন ৰাজ্যৰ প্রশাসকসকলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই কার্যসূচীত অংশগ্রহণ কৰে। এই প্রকল্পসমূহৰ পৰিকল্পনা বি চি চি আইৰ আৰু জয় শ্বাহৰ নেতৃত্বত ইয়াক আগবঢয়াই নিয়া হয়। এই একাডেমিকেই খনৰ আধাৰশিলা ২০২৪ চনৰ মে' মাহত স্থাপন কৰা হৈছিল। ইয়াৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলত বিশ্বমানৰ ক্ৰিকেটৰ আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ এক সু-পৰিকল্পিত প্ৰচেষ্টাৰ আৰম্ভণি কৰা হয়। এই একাডেমিকেইখন 'হাই পাৰফৰমেন্স চেণ্টাৰ' ৰূপে ডিজাইন কৰা হৈছে। ইয়াক ইনড'ৰ অনুশীলন পিটচ, অত্যাধুনিক ব্যায়ামাগাৰ, তাপমান নিয়ন্ত্রিত ছুইমিং পুল আৰু প্রশাসক তথা প্ৰশিক্ষণৰ বাবে সুকীয়া সুকীয়া ব্লক নিৰ্মাণ কৰা হৈছে। ইয়াত খেলুৱৈসকলে সমগ্ৰ বছৰটো প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব। 


বি চি চি আইৰ সভাপতি মিথুন মনহাসে কয় যে এই পদক্ষেপৰ জৰিয়তে দেশৰ প্ৰতিটো অঞ্চললৈ আন্তঃগাঁথনিৰ বিস্তাৰ আৰু খেলৰ বাবে এক শক্তিশালী অধিক সার্বজনীন ভেটি ৰচনা কৰাৰ বি চি চি আইৰ উদ্দেশ্যক প্রতিফলিত কৰিছে। বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে ই উত্তৰ-পূৰ্বাঞ্চলৰ আৰু অধিক খেলুৱৈক সকলোতকৈ উচ্চস্তৰত উপনীত হোৱাৰ পথ মুকলি কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান