--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আদি ছিকিমৰ ৰাজধানী মহানগৰখনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছখন অত্যাধুনিক ক্রিকেট একাডেমি ভার্চুৱেলী মুকলি কৰে।

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আদি ছিকিমৰ ৰাজধানী মহানগৰখনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছখন অত্যাধুনিক ক্রিকেট একাডেমি ভার্চুৱেলী মুকলি কৰে। ক্ৰিকেটৰ আন্তঃগাঁথনি সম্প্ৰসাৰৰ বাবে বি চি চি আয়ে লোৱা আঁচনিৰ অধীনত এই ক্রিকেট একাডেমিকেইখন নিৰ্মাণ কৰা হৈছে। 


প্রধানমন্ত্রীয়ে কালি মুকলি কৰা ক্রিকেট একাডেমিকেইখন ক্রমে ছিকিমৰ ৰংপো, অৰুণাচল প্ৰদেশৰ দৈমুখ, মণিপুৰৰ ইম্ফল, মেঘালয়ৰ মদনকুৰক্লাং, মিজোৰামৰ আইজল আৰু নগালেণ্ডৰ ডিমাপুৰত নিৰ্মাণ কৰা হৈছে। বি চি চি আয়ে এটা বিবৃতিত কয় যে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ গেংটকত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই ক্রিকেট একাডেমিকেইখন ভার্চুৱেলী উদ্বোধন কৰে। এই একাডেমিকেইখনৰ নিৰ্মাণ খেলবিধৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্রতিভাসমূহক উদ্ভাসিত কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই উপলক্ষে অনুষ্ঠিত সমাৰোহত প্ৰধানমন্ত্ৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহ, বিচি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ লগতে আন


বিষয়ববীয়াসকল উপস্থিত আছিল। আনহাতে, পাঁচখন ৰাজ্যৰ প্রশাসকসকলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই কার্যসূচীত অংশগ্রহণ কৰে। এই প্রকল্পসমূহৰ পৰিকল্পনা বি চি চি আইৰ আৰু জয় শ্বাহৰ নেতৃত্বত ইয়াক আগবঢয়াই নিয়া হয়। এই একাডেমিকেই খনৰ আধাৰশিলা ২০২৪ চনৰ মে' মাহত স্থাপন কৰা হৈছিল। ইয়াৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলত বিশ্বমানৰ ক্ৰিকেটৰ আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ এক সু-পৰিকল্পিত প্ৰচেষ্টাৰ আৰম্ভণি কৰা হয়। এই একাডেমিকেইখন 'হাই পাৰফৰমেন্স চেণ্টাৰ' ৰূপে ডিজাইন কৰা হৈছে। ইয়াক ইনড'ৰ অনুশীলন পিটচ, অত্যাধুনিক ব্যায়ামাগাৰ, তাপমান নিয়ন্ত্রিত ছুইমিং পুল আৰু প্রশাসক তথা প্ৰশিক্ষণৰ বাবে সুকীয়া সুকীয়া ব্লক নিৰ্মাণ কৰা হৈছে। ইয়াত খেলুৱৈসকলে সমগ্ৰ বছৰটো প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব। 


বি চি চি আইৰ সভাপতি মিথুন মনহাসে কয় যে এই পদক্ষেপৰ জৰিয়তে দেশৰ প্ৰতিটো অঞ্চললৈ আন্তঃগাঁথনিৰ বিস্তাৰ আৰু খেলৰ বাবে এক শক্তিশালী অধিক সার্বজনীন ভেটি ৰচনা কৰাৰ বি চি চি আইৰ উদ্দেশ্যক প্রতিফলিত কৰিছে। বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে ই উত্তৰ-পূৰ্বাঞ্চলৰ আৰু অধিক খেলুৱৈক সকলোতকৈ উচ্চস্তৰত উপনীত হোৱাৰ পথ মুকলি কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post