--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ BCCI-এ শনিবাৰে ২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে।

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ BCCI-এ শনিবাৰে ২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টৰ বাবে অভিজ্ঞ অলৰাউণ্ডাৰ হৰমনপ্ৰীত কৌৰক অধিনায়ক আৰু স্মৃতি মান্ধানাক সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে।


ভাৰতীয় দলটোত স্থান নাপালে অসমৰ ক্ৰিকেটাৰে 


এইবাৰ নিৰ্বাচকসকলে ঘৰুৱা ক্ৰিকেট আৰু মহিলা প্ৰিমিয়াৰ লীগ (WPL)ত সুন্দৰ প্ৰদৰ্শন কৰা কেইবাজনো খেলুৱৈক সুযোগ দিছে। আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছে অলৰাউণ্ডাৰ অমনজ্যোত কৌৰ। তেওঁৰ স্থানত স্থান লাভ কৰিছে ভাৰতী ফুলমালিয়ে।


আনহাতে, বলিঙত ২০২৬ চনৰ WPL-ত সৰ্বাধিক উইকেট দখল কৰি চমক সৃষ্টি কৰা পেচাৰ নন্দিনী শৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে, অভিজ্ঞ খেলুৱৈ স্নেহ ৰাণা আৰু হৰলীন দেউলীয়ে এইবাৰ দলত স্থান লাভ কৰাত ব্যৰ্থ হৈছে।


ভাৰতীয় দলটোৰ গঠন


দলটোত বেটিং বিভাগ শক্তিশালী কৰিবলৈ শ্বাফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগছ আৰু ৰিচা ঘোষৰ দৰে বিস্ফোৰক বেটাৰক ৰখা হৈছে। উইকেটকীপাৰ হিচাপে ৰিচা ঘোষৰ লগতে ইয়াস্তিকা ভাটিয়াকো অন্তৰ্ভুক্ত কৰা হৈছে।


স্পিন বিভাগৰ দায়িত্বত থাকিব ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল আৰু শ্ৰী চৰণী। পেচ বিভাগটো ৰেণুকা সিং ঠাকুৰৰ নেতৃত্বত অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড় আৰু নৱাগতা নন্দিনী শৰ্মাই চম্ভালিব।


টী-২০ মহিলা বিশ্বকাপ ২০২৬ৰ ভাৰতীয় দলত আছেঃ 


হৰমনপ্ৰীত কৌৰ,অধিনায়ক (অলৰাউণ্ডাৰ)

স্মৃতি মান্ধানা(সহ-অধিনায়ক)

শ্বাফালী বাৰ্মা

জেমিমাহ ৰড্ৰিগছ

ভাৰতী ফুলমালি

ৰিচা ঘোষ,উইকেটকীপাৰ

ইয়াস্তিকা ভাটিয়া,উইকেটকীপাৰ

দীপ্তি শৰ্মা,অলৰাউণ্ডাৰ

শ্ৰেয়াংকা পাটিল,স্পিনাৰ

ৰাধা যাদৱ,স্পিনাৰ

শ্ৰী চৰণী,স্পিনাৰ

ৰেণুকা সিং ঠাকুৰ,পেচাৰ

অৰুন্ধতী ৰেড্ডী,পেচাৰ

নন্দিনী শৰ্মা,পেচাৰ

ক্ৰান্তি গৌড়,পেচাৰ


উল্লেখ্য যে, অহা ১৪ জুনৰ পৰা ব্ৰিটেইনৰ মাটিত এই বিশ্বকাপৰ যুঁজ আৰম্ভ হ’ব।ইংলেণ্ড, ৱেলছত অনুষ্ঠিত হ’ব টী-২০ মহিলা বিশ্বকাপ । ১২ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ মেচসমূহ । ভাৰতে ১৪ জুনত পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post