--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ BCCI-এ শনিবাৰে ২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে।

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ BCCI-এ শনিবাৰে ২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টৰ বাবে অভিজ্ঞ অলৰাউণ্ডাৰ হৰমনপ্ৰীত কৌৰক অধিনায়ক আৰু স্মৃতি মান্ধানাক সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে।


ভাৰতীয় দলটোত স্থান নাপালে অসমৰ ক্ৰিকেটাৰে 


এইবাৰ নিৰ্বাচকসকলে ঘৰুৱা ক্ৰিকেট আৰু মহিলা প্ৰিমিয়াৰ লীগ (WPL)ত সুন্দৰ প্ৰদৰ্শন কৰা কেইবাজনো খেলুৱৈক সুযোগ দিছে। আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছে অলৰাউণ্ডাৰ অমনজ্যোত কৌৰ। তেওঁৰ স্থানত স্থান লাভ কৰিছে ভাৰতী ফুলমালিয়ে।


আনহাতে, বলিঙত ২০২৬ চনৰ WPL-ত সৰ্বাধিক উইকেট দখল কৰি চমক সৃষ্টি কৰা পেচাৰ নন্দিনী শৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে, অভিজ্ঞ খেলুৱৈ স্নেহ ৰাণা আৰু হৰলীন দেউলীয়ে এইবাৰ দলত স্থান লাভ কৰাত ব্যৰ্থ হৈছে।


ভাৰতীয় দলটোৰ গঠন


দলটোত বেটিং বিভাগ শক্তিশালী কৰিবলৈ শ্বাফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগছ আৰু ৰিচা ঘোষৰ দৰে বিস্ফোৰক বেটাৰক ৰখা হৈছে। উইকেটকীপাৰ হিচাপে ৰিচা ঘোষৰ লগতে ইয়াস্তিকা ভাটিয়াকো অন্তৰ্ভুক্ত কৰা হৈছে।


স্পিন বিভাগৰ দায়িত্বত থাকিব ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল আৰু শ্ৰী চৰণী। পেচ বিভাগটো ৰেণুকা সিং ঠাকুৰৰ নেতৃত্বত অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড় আৰু নৱাগতা নন্দিনী শৰ্মাই চম্ভালিব।


টী-২০ মহিলা বিশ্বকাপ ২০২৬ৰ ভাৰতীয় দলত আছেঃ 


হৰমনপ্ৰীত কৌৰ,অধিনায়ক (অলৰাউণ্ডাৰ)

স্মৃতি মান্ধানা(সহ-অধিনায়ক)

শ্বাফালী বাৰ্মা

জেমিমাহ ৰড্ৰিগছ

ভাৰতী ফুলমালি

ৰিচা ঘোষ,উইকেটকীপাৰ

ইয়াস্তিকা ভাটিয়া,উইকেটকীপাৰ

দীপ্তি শৰ্মা,অলৰাউণ্ডাৰ

শ্ৰেয়াংকা পাটিল,স্পিনাৰ

ৰাধা যাদৱ,স্পিনাৰ

শ্ৰী চৰণী,স্পিনাৰ

ৰেণুকা সিং ঠাকুৰ,পেচাৰ

অৰুন্ধতী ৰেড্ডী,পেচাৰ

নন্দিনী শৰ্মা,পেচাৰ

ক্ৰান্তি গৌড়,পেচাৰ


উল্লেখ্য যে, অহা ১৪ জুনৰ পৰা ব্ৰিটেইনৰ মাটিত এই বিশ্বকাপৰ যুঁজ আৰম্ভ হ’ব।ইংলেণ্ড, ৱেলছত অনুষ্ঠিত হ’ব টী-২০ মহিলা বিশ্বকাপ । ১২ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ মেচসমূহ । ভাৰতে ১৪ জুনত পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান