--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰাথমিকভাৱে জানিব পৰা মতে, ছাত্ৰজনৰ ডিঙিত নুডলছ লাগি যোৱাৰ ফলতেই অসুস্থ হৈ পৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক: কাটিগড়াৰ বেচৰকাৰী শিক্ষানুষ্ঠান হ’লি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি পুৱা সংঘটিত হয় এক শোকাবহ ঘটনা।


জানিব পৰা মতে, বিদ্যালয়খনত নিয়মীয়া পাঠদান চলি থকাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে এজন ছাত্ৰ। ঘটনাই তৎক্ষণাত চাঞ্চল্যৰ সৃষ্টি কৰে বিদ্যালয় চৌহদত।


প্ৰাথমিকভাৱে জানিব পৰা মতে, ছাত্ৰজনৰ ডিঙিত নুডলছ লাগি যোৱাৰ ফলতেই অসুস্থ হৈ পৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই দ্ৰুতগতিত ছাত্ৰজনক কাটিগড়া মডেল হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰজনক মৃত ঘোষণা কৰে। মৃত ছাত্ৰজনৰ নাম ছাকিব বুলি জানিব পৰা গৈছে।


ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতেই কাটিগড়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ছাত্ৰজনৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি বিদ্যালয়খনত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত