--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰাথমিকভাৱে জানিব পৰা মতে, ছাত্ৰজনৰ ডিঙিত নুডলছ লাগি যোৱাৰ ফলতেই অসুস্থ হৈ পৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক: কাটিগড়াৰ বেচৰকাৰী শিক্ষানুষ্ঠান হ’লি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি পুৱা সংঘটিত হয় এক শোকাবহ ঘটনা।


জানিব পৰা মতে, বিদ্যালয়খনত নিয়মীয়া পাঠদান চলি থকাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে এজন ছাত্ৰ। ঘটনাই তৎক্ষণাত চাঞ্চল্যৰ সৃষ্টি কৰে বিদ্যালয় চৌহদত।


প্ৰাথমিকভাৱে জানিব পৰা মতে, ছাত্ৰজনৰ ডিঙিত নুডলছ লাগি যোৱাৰ ফলতেই অসুস্থ হৈ পৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই দ্ৰুতগতিত ছাত্ৰজনক কাটিগড়া মডেল হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰজনক মৃত ঘোষণা কৰে। মৃত ছাত্ৰজনৰ নাম ছাকিব বুলি জানিব পৰা গৈছে।


ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতেই কাটিগড়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ছাত্ৰজনৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি বিদ্যালয়খনত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান