--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দলংঘাটৰ দুলাল চন্দ্ৰ বৰদলৈ আৰু চন্দীমাই বৰদলৈৰ কন্যা পাপৰি ডেকা শেহতীয়াকৈ তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথলৈ গৈছিল।

ডিজিটেল ডেস্কঃ পবিত্ৰ তীৰ্থস্থান কেদাৰনাথ দৰ্শনৰ হেঁপাহ বুকুত বান্ধি বন্ধু-বান্ধৱীৰ সৈতে যাত্ৰা কৰিছিল মৰিগাঁৱৰ দলংঘাটৰ যুৱতী পাপৰি ডেকাই। কিন্তু কোনে জানিছিল, এই যাত্ৰাই হ’ব তেওঁৰ জীৱনৰ অন্তিম যাত্ৰা! কেদাৰনাথ মন্দিৰৰ মাত্ৰ ৫০০ মিটাৰ দূৰত্বত থাকোঁতেই এক কৰুণ মৃত্যুক সাৱটি ল’লে যুৱতীগৰাকীয়ে।


জানিব পৰা মতে, দলংঘাটৰ দুলাল চন্দ্ৰ বৰদলৈ আৰু চন্দীমাই বৰদলৈৰ কন্যা পাপৰি ডেকা শেহতীয়াকৈ তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথলৈ গৈছিল। যোৱা ৪ মে’ত কেদাৰনাথৰ দুৰ্গম পথ অতিক্ৰম কৰি থকাৰ সময়তে হঠাত স্বাস-প্ৰশ্বাসজনিত সমস্যাত অসুস্থ হৈ পৰে তেওঁ। অক্সিজেনৰ অভাৱ তথা স্বাস্থ্যৰ অৱনতি ঘটাত মন্দিৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


পাপৰিৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিশেষকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ এক কৰুণ সত্যই সকলোৰে চকু সেমেকাই তুলিছে। অহা ডিচেম্বৰ মাহত গুৱাহাটীৰ জ্যোতি প্ৰসাদ দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল পাপৰিৰ। ঘৰখনত বিয়াৰ আয়োজনৰ প্ৰস্তুতি চলি থকাৰ মাজতেই এই অনাকাংক্ষিত দুৰ্ঘটনাই সকলো থানবান কৰি পেলালে।


যাৰ সৈতে জীৱনটো অতিবাহিত কৰাৰ সপোন দেখিছিল, সেই হবলগীয়া স্বামী জ্যোতি প্ৰসাদ দত্তই আজি সামাজিক ৰীতি-নীতিৰে পাপৰিৰ মৃতদেহৰ সেঁওতাত সেন্দূৰ পিন্ধাই শেষ বিদায় দিয়ে।


পাপৰি ডেকাৰ এই অকাল মৃত্যুৱে পৰিয়ালটোৰ লগতে সমগ্ৰ মৰিগাঁও জিলাখনতে এক গভীৰ শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান