--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দলংঘাটৰ দুলাল চন্দ্ৰ বৰদলৈ আৰু চন্দীমাই বৰদলৈৰ কন্যা পাপৰি ডেকা শেহতীয়াকৈ তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথলৈ গৈছিল।

ডিজিটেল ডেস্কঃ পবিত্ৰ তীৰ্থস্থান কেদাৰনাথ দৰ্শনৰ হেঁপাহ বুকুত বান্ধি বন্ধু-বান্ধৱীৰ সৈতে যাত্ৰা কৰিছিল মৰিগাঁৱৰ দলংঘাটৰ যুৱতী পাপৰি ডেকাই। কিন্তু কোনে জানিছিল, এই যাত্ৰাই হ’ব তেওঁৰ জীৱনৰ অন্তিম যাত্ৰা! কেদাৰনাথ মন্দিৰৰ মাত্ৰ ৫০০ মিটাৰ দূৰত্বত থাকোঁতেই এক কৰুণ মৃত্যুক সাৱটি ল’লে যুৱতীগৰাকীয়ে।


জানিব পৰা মতে, দলংঘাটৰ দুলাল চন্দ্ৰ বৰদলৈ আৰু চন্দীমাই বৰদলৈৰ কন্যা পাপৰি ডেকা শেহতীয়াকৈ তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথলৈ গৈছিল। যোৱা ৪ মে’ত কেদাৰনাথৰ দুৰ্গম পথ অতিক্ৰম কৰি থকাৰ সময়তে হঠাত স্বাস-প্ৰশ্বাসজনিত সমস্যাত অসুস্থ হৈ পৰে তেওঁ। অক্সিজেনৰ অভাৱ তথা স্বাস্থ্যৰ অৱনতি ঘটাত মন্দিৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


পাপৰিৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিশেষকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ এক কৰুণ সত্যই সকলোৰে চকু সেমেকাই তুলিছে। অহা ডিচেম্বৰ মাহত গুৱাহাটীৰ জ্যোতি প্ৰসাদ দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল পাপৰিৰ। ঘৰখনত বিয়াৰ আয়োজনৰ প্ৰস্তুতি চলি থকাৰ মাজতেই এই অনাকাংক্ষিত দুৰ্ঘটনাই সকলো থানবান কৰি পেলালে।


যাৰ সৈতে জীৱনটো অতিবাহিত কৰাৰ সপোন দেখিছিল, সেই হবলগীয়া স্বামী জ্যোতি প্ৰসাদ দত্তই আজি সামাজিক ৰীতি-নীতিৰে পাপৰিৰ মৃতদেহৰ সেঁওতাত সেন্দূৰ পিন্ধাই শেষ বিদায় দিয়ে।


পাপৰি ডেকাৰ এই অকাল মৃত্যুৱে পৰিয়ালটোৰ লগতে সমগ্ৰ মৰিগাঁও জিলাখনতে এক গভীৰ শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত