--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সামাজিক শৈক্ষিক পৰিৱেশ এনেকুৱা কৈ কলুষিত হৈ পৰিছে যে মনুহ ধৰ্ম, সম্প্ৰায়কলৈ অসহিষ্ণু হৈ পৰিছে৷ শিক্ষকে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নিজৰ মুছলমান বন্ধুক চৰ মাৰিবলৈ দি সম্প্ৰদায়িক মন্তব্য কৰিবলৈও কুণ্ঠাবোধ নকৰে৷

ঘটনা ক্ৰম অনুসৰি ২০২৩ চনৰ আগষ্ট মাহত তৃপ্তি ত্যাগীয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক এজন মুছলমান ছাত্ৰক চৰ মাৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল। এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে আইনী ব্যৱস্থা লোৱা হৈছিল৷

শেহতীয়াকৈ অভিযুক্ত বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ আগতীয়া জামিন আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ দীপক ভাৰ্মাৰ আদালতে শিক্ষক তৃপ্তি ত্যাগীৰ জামিন আবেদন নাকচ কৰি কয় যে এই নিৰ্দেশৰ তাৰিখৰ পৰা দুসপ্তাহৰ ভিতৰত সংশ্লিষ্ট আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰি নিয়মীয়া জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তৃপ্তী ত্যাগীৰ বিৰুদ্ধে ৩২৩, ৫০৪ আৰু ২৯৫এ ধাৰাকে ধৰি বিভিন্ন ধাৰাৰ অধীনত অভিযোগনামা দাখিল কৰিছে। ইয়াৰ উপৰিও শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে কিশোৰ ন্যায় আইনৰ ৭৫ নং ধাৰাৰ অধীনতো অভিযোগ উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement