--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সামাজিক শৈক্ষিক পৰিৱেশ এনেকুৱা কৈ কলুষিত হৈ পৰিছে যে মনুহ ধৰ্ম, সম্প্ৰায়কলৈ অসহিষ্ণু হৈ পৰিছে৷ শিক্ষকে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নিজৰ মুছলমান বন্ধুক চৰ মাৰিবলৈ দি সম্প্ৰদায়িক মন্তব্য কৰিবলৈও কুণ্ঠাবোধ নকৰে৷

ঘটনা ক্ৰম অনুসৰি ২০২৩ চনৰ আগষ্ট মাহত তৃপ্তি ত্যাগীয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক এজন মুছলমান ছাত্ৰক চৰ মাৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল। এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে আইনী ব্যৱস্থা লোৱা হৈছিল৷

শেহতীয়াকৈ অভিযুক্ত বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ আগতীয়া জামিন আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ দীপক ভাৰ্মাৰ আদালতে শিক্ষক তৃপ্তি ত্যাগীৰ জামিন আবেদন নাকচ কৰি কয় যে এই নিৰ্দেশৰ তাৰিখৰ পৰা দুসপ্তাহৰ ভিতৰত সংশ্লিষ্ট আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰি নিয়মীয়া জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তৃপ্তী ত্যাগীৰ বিৰুদ্ধে ৩২৩, ৫০৪ আৰু ২৯৫এ ধাৰাকে ধৰি বিভিন্ন ধাৰাৰ অধীনত অভিযোগনামা দাখিল কৰিছে। ইয়াৰ উপৰিও শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে কিশোৰ ন্যায় আইনৰ ৭৫ নং ধাৰাৰ অধীনতো অভিযোগ উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post