--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগক লৈ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, কংগ্ৰেছৰ নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভীৰ বাবে সংৰক্ষিত আসনত ধন ভৰ্তি বেগ এটা উদ্ধাৰ হয়। বাণ্ডিলে বাণ্ডিলে নোট উদ্ধাৰ হয়। 

পুৱা ১১.১৩ বজাত ৰাজ্যসভাত এই বিষয়ে অৱগত কৰে অধ্যক্ষ জগদীপ ধনখড়ে। ৰাজ্যসভাৰ বিজেপি নেতা জে পি নড্ডাই এই ঘটনাক গৰিহণা দিয়ে। কিন্তু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই ৰাজ্যসভাৰ আসনত ধন উদ্ধাৰৰ তদন্ত শেষ হোৱাৰ পূর্বে সংশ্লিষ্ট সাংসদসকলৰ নাম কিয় প্রকাশ কৰা হ’ল বুলি প্রশ্ন উত্থাপন কৰে৷

নিৰাপত্তাৰক্ষীয়ে পৰীক্ষা কৰা সময়ত কংগ্ৰেছৰ সাংসদগৰাকীৰ আসনৰ পৰা মুদ্ৰাৰ নোটৰ বাণ্ডিল উদ্ধাৰ হোৱাত ৰাজ্যসভাত হুলস্থুলৰ সৃষ্টি হয়। কালি নিৰাপত্তা পৰীক্ষাৰ সময়ত ২২২ নম্বৰৰ আসনত মুদ্ৰাৰ নোটৰ বাণ্ডিল উদ্ধাৰ হয়। এই আসন আছিল কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভীৰ।

এই সন্দৰ্ভত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে কয় যে সমগ্ৰ বিষয়টো নিয়ম অনুসৰি তদন্ত কৰা হ’ব। আনহাতে অভিষেক মনু সিংভীয়ে কৈছিল যে তেওঁ এই বিষয়ে একো নাজানে। তেওঁ কয় যে- মই ৫০০ টকা লৈ সংসদলৈ গৈছিলোঁ।বাকী মই একো নাজানোঁ।

অভিষেক মনু সিংভী কোন?

অভিষেক মনু সিংভী ভাৰতৰ এজন বিখ্যাত অধিবক্তা। তেওঁ প্ৰায়ে আদালতত বিৰোধী দলৰ নেতাৰ গোচৰৰ বিৰুদ্ধে যুঁজ দিয়ে। শেহতীয়াকৈ সিংভীয়ে সুৰা কেলেংকাৰিৰ গোচৰত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে অৰবিন্দ কেজৰিৱালক প্ৰতিনিধিত্ব কৰিছিল। অৰবিন্দ কেজৰিৱালে অভিষেক মনু সিংভীকো জামিন লাভৰ বাবে ধন্যবাদ জনাইছিল। অভিষেক মনু সিংভীয়ে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজ আৰু আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

সিংভী কিমান শিক্ষিত?

অভিষেক মনু সিংভীৰ জন্ম হৈছিল ১৯৫৯ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাজস্থানৰ যোধপুৰত। তেওঁ বি.এ.(খ্যাতি), এম.এ., পি এইচ ডি আৰু এল এল বি ডিগ্ৰী লাভ কৰিছে। সিংভীয়ে প্ৰতিষ্ঠিত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন কৰিছিল। তেওঁৰ পি এইচ ডি কৰিছিল ন্যায়িক বিজ্ঞানত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?