--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ নিৰ্লিপ্ততাই কংগ্ৰেছৰে সম্পৰ্ক সন্দৰ্ভত সন্দিহান কৰিছিল প্ৰশান্ত কিশোৰক! ৰাজনীতিত ৰাহুল গান্ধীৰ নিৰ্লিপ্ত ভূমিকা তথা ‘পাৰ্ট টাইম’ ৰাজনীতিক হিচাপে তেওঁৰ ইমেজ কংগ্ৰেছৰ বাবে ক্ষতিকাৰক হৈ পৰাটো এতিয়া কাৰো অবিদিত নহয়। এইবাৰো ৰাহুল গান্ধীৰ এই নিৰ্লিপ্ত আৰু উৎসাহহীন ভূমিকা প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদানৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰা বুলি চৰ্চা চলিছে। এইটো প্ৰশান্ত কিশোৰৰ সিদ্ধান্তৰ ক্ষেত্ৰত নিৰ্ণায়ক কাৰণ আছিল বুলি স্পষ্টকৈ ক’ব নোৱাৰিলেও এই কথাই যে প্ৰশান্ত কিশোৰ আৰু কংগ্ৰেছৰ আনুষ্ঠানিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল বুলি প্ৰশান্ত কিশোৰৰ ঘনিষ্ঠই সদৰি কৰিছে।

এইকথা নক’লেও চলে যে, আনুষ্ঠানিকভাৱে দলৰ কোনো শীৰ্ষ পদত নাথাকিলেও ৰাহুল গান্ধীয়েই দলৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ ‘হা’ বা ‘না’তেই প্ৰদেশ একোখনৰ মুৰব্বী তথা মুখ্যমন্ত্ৰীও হয়। কিন্তু এইগৰাকী দলৰ সৰ্বময় কৰ্তা ৰাহুল গান্ধী প্ৰশান্ত কিশোৰে দলৰ নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত অনুপস্থিত আছিল। পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণসূচীৰে তেওঁ গৈছিল বিদেশলৈ। স্বাভাৱিকতে এই ভ্ৰমণ ব্যক্তিগত বুলিয়েই এটা সূত্ৰই প্ৰকাশ কৰিছে। এই কথাটোক প্ৰশান্ত কিশোৰে সাধাৰণভাৱে ল’ব পৰা নাছিল বুলি এতিয়া চৰ্চা চলিছে।

কংগ্ৰেছ দলটোৰ সংস্কাৰৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ সময়ত ৰাহুল গান্ধীৰ অনুপস্থিতিৰ প্ৰসংগটোক প্ৰশান্ত কিশোৰে আওকান কৰা নাছিল বুলি তেওঁৰ ঘনিষ্ঠই প্ৰকাশ কৰিছে। ৰাহুলৰ নিৰ্লিপ্ততাৰ বিপৰীতে তেওঁৰ ভগ্নী তথা দলৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ উৎসাহ তথা তৎপৰতা আছিল চকুত লগা। কিন্তু সেইটোক পৰ্যাপ্ত বুলি প্ৰশান্ত কিশোৰ গণ্য নকৰিলে। ৰাহুল গান্ধীয়ে এই গুৰুপূৰ্ণ বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ভ্ৰমণ নিশ্চয় পিছুৱাই দিব পাৰিলেহেঁতেন বুলি প্ৰশান্ত কিশোৰৰ ঘনিষ্ঠই আপত্তি দৰ্শাইছে। 

উল্লেখ্য যে, ছোনিয়া গান্ধীৰ সৈতে ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত কৰা তথা কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ বাবে প্রশান্ত কিশোৰে বিতং পৰিকল্পনা প্ৰকাশ কৰাৰ পাছতো অৱশেষত নেতাগৰাকীয়ে কংগ্ৰেছৰ সৈতে আনুষ্ঠানিক সম্পৰ্ক স্থাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে যে, প্ৰশান্ত কিশোৰে বিচৰা ‘ফ্ৰী হেণ্ড’ দিবলৈ সন্মত হোৱা নাছিল শীৰ্ষ নেতৃত্ব। তেওঁক দলৰ শীৰ্ষ স্থানলৈ আদৰণি জনোৱা হৈছিল যদিও ‘সৰ্বময় কৰ্তা’ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত আপত্তি আছিল কংগ্ৰেছৰ। যিটো অপ্ৰত্যাশিত নহয়। তদুপৰি দলৰ একাংশ জ্যেষ্ঠ নেতাৰো প্ৰশান্ত কিশোৰক দললৈ আদৰাক লৈ আপত্তি আছিল বুলি প্ৰকাশ পাইছে। বিভিন্ন দলৰ সৈতে তেওঁৰ সম্পৰ্কক লৈও আপত্তি দৰ্শোৱা হৈছিল।

তদুপৰি প্ৰশান্ত কিশোৰে উত্থাপন কৰা প্ৰস্তাৱবোৰত কংগ্ৰেছ নেতৃত্বই পৰ্যাপ্ত পৰিমাণৰ গুৰুত্ব আৰোপ নকৰা বুলি তেওঁ ধাৰণা কৰা বুলিও সদৰি কৰিছে তেওঁৰে ঘনিষ্ঠই। প্ৰশান্ত কিশোৰে প্ৰতিটো পদক্ষেপতে নানাধৰণৰ বিভ্ৰান্তিৰ মাজেৰে আগুৱাবলগীয়া হৈছিল বুলি প্ৰকাশ কৰা হৈছে। ৰাজনৈতিক কৌশল নিৰ্ধাৰকগৰাকীৰ প্ৰস্তাৱক সন্মতি দিয়াৰ পাছতো তেওঁ আশ্বস্ত হ’ব পৰা নাছিল বুলি জানিব পৰা গৈছে।
ইফালে, আজি দলৰ এগৰাকী জ্যেষ্ঠ নেতা পৱন খেৰাই কৰা মন্তব্যই কংগ্ৰেছৰ মনোভাব সম্পৰ্কত ভালেমান কথাৰ ইংগিত দিয়ে। তেওঁ কৈছে যে, আমাৰ দলত যোগদান কৰিব বিচৰা যিকোনো লোকৰ বাবেই আমাৰ দলৰ দুৱাৰ-খিৰিকী খোলা আছে। আমি এটা দল আৰু আমা আমাৰ কৰ্মী আৰু নেতাসকলৰ আকাংক্ষা পূৰণ কৰাৰ জোখাৰে দলত প্ৰয়োজনীয় সাল-সলনি ঘটোৱাৰ কাম কৰি আছোঁ।

এতিয়া কথাটো হৈছে কংগ্ৰেছৰ খোলা দুৱাৰেৰে সোমাই যাবলৈ প্ৰশান্ত কিশোৰ ‘যিকোনো এজন লোক’ বা নেতা নিশ্চয় নহয়। তেওঁ দলত এটা বিশেষ স্থান দখল কৰি দলটোৰ আমূল পৰিৱৰ্তনৰ কথা কৈছিল। নেতৃত্ব সলনিৰ পৰা আৰম্ভ কৰি গাঁঠনিগত সংস্কাৰলৈ সকলো দিশতে পৰিৱৰ্তন প্ৰস্তাৱ তুলি ধৰিছিল প্ৰশান্ত কিশোৰে। কিন্তু দলৰ একাংশ জ্যেষ্ঠ নেতাৰ বিৰোধ তথা অনমনীয়তা আৰু অঘোষিত মুৰব্বী ৰাহুল গান্ধীৰ নিৰ্লিপ্ততাই দলটোৰ ভিতৰৰ স্থবিৰতা ভঙাৰ দিশত হেঙাৰ হৈ পৰাটো প্ৰশান্ত কিশোৰে অনুধাৱন স্বাভাৱিকতেই কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ