--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এসময়ত যাক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি গণ্য কৰা হৈছিল। যিজন ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত শতক অৰ্জনেৰে ভাৰতীয় দলত প্ৰৱেশ কৰিছিল। আই পি এলতে অপেনাৰ হিচাপে বহুতৰে টোপনি সৰিছিল। এইবাৰ আইপিএলৰ নিলামত কোনো দলতে স্থান নাপালে পৃথ্বী শ্ব’ৱে। বিগত দুটা ছিজনত খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ গ্ৰাফ ক্ৰমাগতভাৱে নিম্মগামী হোৱা পৰিলক্ষিত হৈছে। ভাৰতীয় দলৰ পৰাও বাদ পৰাৰ লগতে। ৰঞ্জী ট্ৰফিটো ধাৰবাহিক ভৱে খেলা পৰিলক্ষিত হোৱা নাই খেলুৱৈগৰাকীক। যাৰ বাবে খেলুৱৈগৰাকীয়ে তেওঁৰ প্ৰতিভাৰ সৈতে ন্যায় কৰা নাই বুলি অনুৰাগীৰ পৰা সমালোচিত হৈ আহিছে। খেলপথাৰৰ বাহিৰত বিতৰ্কই ল’গ নেৰা হৈছে খেলুৱৈ গৰাকীৰ। এইবাৰ আই পি এলৰ নিলামতো পৃথ্বীয়ে কোনো দলত স্থান নোপোৱাটো অনুৰাগীসকলৰ বাবে অপ্ৰত্যাক্ষিত নহয়৷

বিনোদ কাম্ব্লেক হয়টো সকলোৰে মনত আছে৷ যি একেৰাহে দ্বৈত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ পাছলৈ এই প্ৰতিভাশালী খেলুৱৈ গৰাকী ভাৰতীয় দলৰ পৰা বাদ পৰিছিল। পৃথ্বীৰো সম্প্ৰতি একে দশা দেখিবলৈ পোৱা গৈছে৷

এইবাৰ আই পি এলত কোনো দলতে স্থান লাভ নকৰাৰ বাবে নেটিজেনৰ ট্ৰ’লৰ সন্মুখীন হোৱাৰ পাছত এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিৰৱতা ভংগ কৰিলে ক্ৰিকেটাৰ গৰাকীয়ে৷ তেওঁ কয় যে ‘কোনোবাই যেতিয়া মোক অনুসৰণ কৰি মোক ট্ৰ’ল কৰে, অৰ্থাৎ তেওঁলোকে গোপনে মোৰ ওপৰত চকু ৰাখে। ট্ৰলিং কৰাটো ৱেয়া যদিও, সম্পূৰ্ণ বেয়াও নহয়। সকলোৱে ট্ৰল হয়। কিন্তু মোৰ ওপৰত কৰা কৌতুকবোৰে কেতিয়াবা বহুত আঘাত দিয়ে বুলি উল্লেখ কৰে ৷ 

লগতে খেলুৱৈগৰাকীয়ে কয় যে ‘যেতিয়াই মোক বাহিৰত দেখা যায়, মানুহে কয় যে মই প্ৰেকটিছ কৰা নাই। কিন্তু মই নিজিৰ বাবে এটা দিনো পাৰ কৰিব নোৱাৰিম নেকি। জন্মদিন উদযাপন আছিল। মই মোৰ জন্মদিনো উদযাপন নকৰিম নেকি? কি ভুল কৰিলোঁ বুজি পোৱা নাই। ভুল হ’লে বেলেগ কথা আছিল। যদি কোনো ভুল নাই৷ সেটো বেয়া ধৰণে উপস্থাপন কৰাটো বেয়া কথা বুলি মন্তব্য কৰে৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ