--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এসময়ত যাক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি গণ্য কৰা হৈছিল। যিজন ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত শতক অৰ্জনেৰে ভাৰতীয় দলত প্ৰৱেশ কৰিছিল। আই পি এলতে অপেনাৰ হিচাপে বহুতৰে টোপনি সৰিছিল। এইবাৰ আইপিএলৰ নিলামত কোনো দলতে স্থান নাপালে পৃথ্বী শ্ব’ৱে। বিগত দুটা ছিজনত খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ গ্ৰাফ ক্ৰমাগতভাৱে নিম্মগামী হোৱা পৰিলক্ষিত হৈছে। ভাৰতীয় দলৰ পৰাও বাদ পৰাৰ লগতে। ৰঞ্জী ট্ৰফিটো ধাৰবাহিক ভৱে খেলা পৰিলক্ষিত হোৱা নাই খেলুৱৈগৰাকীক। যাৰ বাবে খেলুৱৈগৰাকীয়ে তেওঁৰ প্ৰতিভাৰ সৈতে ন্যায় কৰা নাই বুলি অনুৰাগীৰ পৰা সমালোচিত হৈ আহিছে। খেলপথাৰৰ বাহিৰত বিতৰ্কই ল’গ নেৰা হৈছে খেলুৱৈ গৰাকীৰ। এইবাৰ আই পি এলৰ নিলামতো পৃথ্বীয়ে কোনো দলত স্থান নোপোৱাটো অনুৰাগীসকলৰ বাবে অপ্ৰত্যাক্ষিত নহয়৷

বিনোদ কাম্ব্লেক হয়টো সকলোৰে মনত আছে৷ যি একেৰাহে দ্বৈত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ পাছলৈ এই প্ৰতিভাশালী খেলুৱৈ গৰাকী ভাৰতীয় দলৰ পৰা বাদ পৰিছিল। পৃথ্বীৰো সম্প্ৰতি একে দশা দেখিবলৈ পোৱা গৈছে৷

এইবাৰ আই পি এলত কোনো দলতে স্থান লাভ নকৰাৰ বাবে নেটিজেনৰ ট্ৰ’লৰ সন্মুখীন হোৱাৰ পাছত এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিৰৱতা ভংগ কৰিলে ক্ৰিকেটাৰ গৰাকীয়ে৷ তেওঁ কয় যে ‘কোনোবাই যেতিয়া মোক অনুসৰণ কৰি মোক ট্ৰ’ল কৰে, অৰ্থাৎ তেওঁলোকে গোপনে মোৰ ওপৰত চকু ৰাখে। ট্ৰলিং কৰাটো ৱেয়া যদিও, সম্পূৰ্ণ বেয়াও নহয়। সকলোৱে ট্ৰল হয়। কিন্তু মোৰ ওপৰত কৰা কৌতুকবোৰে কেতিয়াবা বহুত আঘাত দিয়ে বুলি উল্লেখ কৰে ৷ 

লগতে খেলুৱৈগৰাকীয়ে কয় যে ‘যেতিয়াই মোক বাহিৰত দেখা যায়, মানুহে কয় যে মই প্ৰেকটিছ কৰা নাই। কিন্তু মই নিজিৰ বাবে এটা দিনো পাৰ কৰিব নোৱাৰিম নেকি। জন্মদিন উদযাপন আছিল। মই মোৰ জন্মদিনো উদযাপন নকৰিম নেকি? কি ভুল কৰিলোঁ বুজি পোৱা নাই। ভুল হ’লে বেলেগ কথা আছিল। যদি কোনো ভুল নাই৷ সেটো বেয়া ধৰণে উপস্থাপন কৰাটো বেয়া কথা বুলি মন্তব্য কৰে৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post