--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ আই চি চি ৰেংকিঙত টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিশেষ সফলতা লাভ কৰিছে৷ সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ পাৰ্থ টেষ্টত ২৯৫ ৰানেৰে জয়লাভ কৰাৰ পিছত, বুধবাৰে প্ৰকাশ পোৱা আই চি চি পুৰুষৰ টেষ্ট বলাৰ ৰেংকিঙত তেওঁ পুনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে যশপ্ৰীত বুমৰাহ। এই ৰেংকিঙত যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীৰো পূৰ্বৰ ৰেংকিঙৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।

আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ছিৰিজৰ অন্তৰ্গত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰে৷মেচখনত বুমৰাহে ৮টা উইকেট দখল কৰিবলৈ সক্ষম হয়। আৰু মেচখনত ‘প্লেয়াৰ অৱ দ্য মেচ’ লাভ কৰে। এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই বুমৰাহৰ পুৰণি ৰেংকিঙৰ পৰা দুটা স্থান উন্নিত হৈ আই চি চি ৰেংকিঙত শীৰ্ষ স্থানত উপনিত হয়। দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউডক পিছপেলাই শীৰ্ষস্থানত উপনিত হয়। 

উল্লেখযোগ্য যে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনম টেষ্টত ৯টা উইকেট দখল কৰি ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বুমৰাহে প্ৰথমবাৰৰ বাবে আই চি চি পুৰুষৰ টেষ্ট বলাৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পিছত অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত পুনৰ শীৰ্ষস্থান দখল কৰিছিল যদিও বিগত কেইটামান সপ্তাহত কাগিছ’ ৰাবাদাই বুমৰাহক পিছপেলাই ৰেংকিঙত আগবাঢ়ি আছে।

টিম ইণ্ডিয়াৰ আন এজন বেগী বলাৰ মহম্মদ ছিৰাজেও এই ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে।সোঁহাতৰ বেগী বলাৰ মহম্মদ ছিৰাজে পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। যাৰবাবে খেলুৱৈগৰাকী তিনিটা স্থান আগোৱাই ২৫ নম্বৰ স্থানত উপনীত হৈছে।

ইফালে ইংলেণ্ডৰ অভিজ্ঞ খেলুৱৈ জো ৰুট এতিয়াও আই চি চি পুৰুষৰ টেষ্ট বেটছমেনৰ ৰেংকিঙত ১ নম্বৰত আছে। শেহতীয়াকৈ যশস্বী জয়ছৱালে এতিয়া ইংলেণ্ডৰ খেলুৱৈগৰাকীক ৰেংকিঙত প্ৰত্যাহ্বান জনাইছে।যশস্বী জয়ছোৱাল শেহতীয়া আই চি চি পুৰুষৰ টেষ্ট ৰেংকিঙত ২ নম্বৰ স্থানত আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত তেওঁ এক উজ্জ্বল শতক অৰ্জন কৰে। যিটো পাৰ্থ টেষ্টৰ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হোৱাৰ লগতে ইনিংছৰ বাবেই তেওঁ দুটা স্থান আগোৱাই দ্বিতীয় স্থান লাভ কৰে আৰু কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং পইণ্ট ৮২৫ পইণ্টো লাভ কৰে

উল্লেখনীয় যে পাৰ্থত ৮৯ ৰানৰ ইনিংছ খেলি অষ্ট্ৰেলিয়াৰ বাওঁহাতৰ বেটছমেন ট্ৰেভিছ হেডে তিনিটা স্থান আগোৱাই দশম স্থানত উপনিত হৈছে। একে সময়তে বিৰাট কোহলীয়ে টেষ্টত ৩০ সংখ্যক শতক অৰ্জন কৰাৰ পিছত ৯টা স্থান আগোৱাই ত্ৰয়োদশ স্থানত উপনিত হৈছে। টেষ্ট অলৰাউণ্ডাৰৰ ৰেংকিঙত ভাৰতীয় যুটি ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিন শীৰ্ষ ২টা স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ