--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৩ অক্টোবৰ অৰ্থাৎ দেওবাৰে মহিলা টি-২০ বিশ্বকাপ ২০২৪ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দল। এই পৰাজয়ৰ পিছত এতিয়া ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ যেন পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলৰ হাতত একোৱেই নাছিল।


গ্ৰুপ-এত ভাৰতীয় দল। এই গ্ৰুপত মুঠ ৫ টা দল আছে, য'ত পাকিস্তান আৰু নিউজিলেণ্ডৰ বাহিৰে বাকী সকলো দলে ৪-৪ খন খেল খেলিছে। পাকিস্তান আৰু নিউজিলেণ্ডৰ দলে ১৪ অক্টোবৰ অৰ্থাৎ আজি অন্তিমখন খেল খেলিব। ভাৰত, নিউজিলেণ্ড আৰু পাকিস্তানৰ ভিতৰত কোনটো দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব এই খেলখনেই নিৰ্ণয় কৰিব। 


Pakistan vs New Zealand 5th T20I Highlights: Babar Azam, Shaheen Afridi  Help PAK Beat NZ To Draw Series | Cricket News
পাকিস্তানে এতিয়ালৈকে তিনিখন মেচৰ ভিতৰত মাত্ৰ এখন মেচত জয়লাভ কৰিছে। এনে পৰিস্থিতিত যদি পাকিস্তানে অন্তিমখন খেলত নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে ভাৰত আৰু নিউজিলেণ্ডৰ দৰে পাকিস্তানো দুটা জয়ৰ সৈতে ৪ পইণ্টত থাকিব। এইদৰে উন্নত নেট ৰান ৰেট থকা দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

এতিয়ালৈকে গ্ৰুপ পৰ্যায়ৰ তিনিখন মেচৰ ভিতৰত দুখন মেচত জয়লাভ কৰিছে নিউজিলেণ্ডে। এনে পৰিস্থিতিত যদি পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডে জয়লাভ কৰে তেন্তে মহিলা দলটোৱে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰত্যক্ষ ছেমি ফাইনেলত প্ৰৱেশ কৰিব।


Disney Star signs 14 sponsors for ICC Women's T20 World Cup 2024, including  Dream11 and OnePlus

মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলে গ্ৰুপৰ চাৰিওখন মেচ খেলিছিল। ভাৰতীয় দলে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিছিল, য’ত ভাৰতীয় দলে ৫৮ ৰানত পৰাস্ত হৈছিল। তাৰ পাছত দ্বিতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত আৰু তৃতীয়খন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৮২ ৰানত জয়লাভ কৰে ভাৰতীয় দলে। কিন্তু তাৰ পিছত গ্ৰুপ পৰ্যায়ৰ চতুৰ্থ আৰু অন্তিমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ