--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ টেষ্ট মেচৰ প্ৰথম দিনৰ খেল বাতিল কৰা হৈছে। বেংগালুৰুত ধাৰাসাৰ বৰষুণ। আনকি টছটোও কৰিব পৰা নগ’ল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। এতিয়া টছ খেলখনৰ দ্বিতীয় দিন বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব। ইতিমধ্য বিচিচিআইয়ে টছ আৰু মেচৰ সময় অৱগত কৰিছে।


Persistent rain delays toss in India vs New Zealand first Test in Bengaluru  - Crictoday

বুধবাৰে পুৱা ৯.৩০ বজাৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট মেচখন আৰম্ভ হ’ব লাগিছিল। ইয়াৰ বাবে টছ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব লাগিছিল। বিচিচিআইয়ে ঘোষণা কৰিছে মেচ আৰু টছৰ নতুন সময়। এই খেলখনৰ বাবে টছ বৃহস্পতিবাৰে পুৱা ৮.৪৫ বজাত অনুষ্ঠিত হ’ব। ৯.১৫ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। খেলখনৰ প্ৰথম দিনটোত সম্পূৰ্ণৰূপে বৰষুনে ধুই পেলালে ৷

বেংগালুৰু টেষ্টৰ দ্বিতীয় দিনাও সলনি হ’ব ইনিংচৰ সময়। দিনটোৰ প্ৰথম ইনিংচ পুৱা ৯.১৫ বজাৰ পৰা ১১.৩০ বজালৈ হ’ব। দ্বিতীয় ইনিংচ দিনৰ ১২.১০ বজাৰ পৰা ০২.২৫ বজালৈ হ’ব। আনহাতে তৃতীয় ইনিংচ হ’ব নিশা ০২.৪৫ বজাৰ পৰা ০৪.৪৫ বজালৈ।


India vs New Zealand Test Series 2024: Full schedule, squads, where to  watch, live streaming and more | Mint

সংবাদ মাধ্যমে জনোৱা মতে খেলখনৰ প্ৰথম দিনাই বিৰাট কোহলী আৰু যশস্বী জয়ছৱালকে ধৰি বহু খেলুৱৈয়ে ইনড’ৰ প্ৰেকটিছ কৰিছিল। বৰষুণৰ বাবে মাটি অতি তিতি যায়। এই কাৰণেই খেলুৱৈসকলে ঘৰৰ ভিতৰতে অনুশীলন কৰে। খেলপথাৰৰ পৰা কিট বেগ কঢ়িয়াই অনাও দেখা গ’ল কোহলী আৰু যশস্বী। প্লেইং ইলেভেনত যশস্বী আৰু কোহলীৰ স্থান প্ৰায় নিশ্চিত। যশস্বীয়ে হয়তো ৰোহিত শৰ্মাৰ সৈতে অ’পেনিংৰ বাবে সুযোগ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement