--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলি আছে আইপিএল। আইপিএলক লৈ ক্ৰীড়ানুৰাগীৰ মাজত দেখিবলৈ পোৱা গৈছে অন্তহীন উছাহ-উদ্দীপনা। তাৰ মাজতে আহিছে এটা খবৰ। ষ্টাৰ স্পৰ্টছৰ সৈতে আইপিএলৰ চুক্তি এই বৰ্ষতে সমাপ্ত হ'ব। বিচিচিআইয়ে পৰৱৰ্তী ছিজনৰ পৰা ২০২৭ চনলৈ আইপিএল দেখুওৱাৰ বাবে মিডিয়া স্বত্ব বিক্ৰীৰ নতুন নিবিদা প্ৰস্তুত কৰিছে। সেই মিডিয়া অধিকাৰ ক্ৰয়ৰ বাবে মুখামুখী হোৱাৰ সম্ভাৱনা আছে দুই ধনকুৱেৰ জেফ বেজোছ আৰু মুকেশ আম্বানী। আৰু সেইবাবে ভাৰতীয় পৰিষদে ধনৰ বৰষুণ হোৱাৰ আশা কৰিছে।

পৰৱৰ্তী কেইটামান ছিজনৰ বাবে মিডিয়া স্বত্ব বচাই মুঠ ৫০,০০০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰাৰ লক্ষ্য পৰিষদৰ। মিডিয়া স্বত্বৰ নিম্নতম মূল্য ৩৩,০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে। দৰাচলতে, বিচিচিআইয়ে পৰৱৰ্তী ছিজনৰ পৰা টেলিভিশন ৰাইট আৰু ডিজিটেল ৰাটি পৃথকে পৃথকে বিক্ৰী কৰিব। এই মিডিয়া স্বত্ববোৰ চাৰিটা ভাগত বিভক্ত কৰি বিক্ৰী কৰা হ'ব। এছিয়া উপমহাদেশৰ বাবে টেলিভিশন স্বত্ব, বিশ্বৰ বাকী অংশৰ বাবে টেলিভিশন স্বত্ব, বিশেষ গেমছৰ স্বত্ব, ডিজিটেল মিডিয়া স্বত্ব। টেলিভিশন স্বত্ব ক্ৰয়ৰ যুঁজত আছে ষ্টাৰ স্পৰ্টছ, জি এণ্টাৰটেইনমেণ্ট আৰু ছ’নী পিকচাৰ্ছে ।

জানিবলৈ পোৱা মতে, এই যুঁজত আটাইতকৈ বেছি গুৰুত্ব দিয়া হ'ব ডিজিটেল মাধ্যমক। ইফালে ভাৰতীয় বজাৰখন দখলৰ বাবে দীৰ্ঘদিনৰ পৰা যুঁজ চলি আহিছে জেফ বেজোছ আৰু মুকেশ আম্বানীৰ মাজত। এইবাৰ, আইপিএলৰ ডিজিটেল অধিকাৰ দখলৰ বাবে বেজোছৰ অ'টিটি প্লেটফৰ্ম আমাজন প্ৰাইম আৰু মুকেশ আম্বানীৰ ভুট তথা জিঅ' টিভিৰ মাজত তুমুল যুঁজ হোৱাৰ আকাংশ প্ৰকাশ কৰা হৈছে। 
সূত্ৰঅনুসৰি, এই দুয়োটা কোম্পানীয়ে ভাৰতীয় বজাৰত আইপিএল অনলাইন ষ্ট্ৰীমিং অধিকাৰ ক্ৰয় কৰাৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। দুয়োটা কোম্পানীৰ মাজত হোৱা এই যুঁজখনে অনাগত দিনত  এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে বুলিও ক্ৰীড়ামহলত হৈছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post