--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলি আছে আইপিএল। আইপিএলক লৈ ক্ৰীড়ানুৰাগীৰ মাজত দেখিবলৈ পোৱা গৈছে অন্তহীন উছাহ-উদ্দীপনা। তাৰ মাজতে আহিছে এটা খবৰ। ষ্টাৰ স্পৰ্টছৰ সৈতে আইপিএলৰ চুক্তি এই বৰ্ষতে সমাপ্ত হ'ব। বিচিচিআইয়ে পৰৱৰ্তী ছিজনৰ পৰা ২০২৭ চনলৈ আইপিএল দেখুওৱাৰ বাবে মিডিয়া স্বত্ব বিক্ৰীৰ নতুন নিবিদা প্ৰস্তুত কৰিছে। সেই মিডিয়া অধিকাৰ ক্ৰয়ৰ বাবে মুখামুখী হোৱাৰ সম্ভাৱনা আছে দুই ধনকুৱেৰ জেফ বেজোছ আৰু মুকেশ আম্বানী। আৰু সেইবাবে ভাৰতীয় পৰিষদে ধনৰ বৰষুণ হোৱাৰ আশা কৰিছে।

পৰৱৰ্তী কেইটামান ছিজনৰ বাবে মিডিয়া স্বত্ব বচাই মুঠ ৫০,০০০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰাৰ লক্ষ্য পৰিষদৰ। মিডিয়া স্বত্বৰ নিম্নতম মূল্য ৩৩,০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে। দৰাচলতে, বিচিচিআইয়ে পৰৱৰ্তী ছিজনৰ পৰা টেলিভিশন ৰাইট আৰু ডিজিটেল ৰাটি পৃথকে পৃথকে বিক্ৰী কৰিব। এই মিডিয়া স্বত্ববোৰ চাৰিটা ভাগত বিভক্ত কৰি বিক্ৰী কৰা হ'ব। এছিয়া উপমহাদেশৰ বাবে টেলিভিশন স্বত্ব, বিশ্বৰ বাকী অংশৰ বাবে টেলিভিশন স্বত্ব, বিশেষ গেমছৰ স্বত্ব, ডিজিটেল মিডিয়া স্বত্ব। টেলিভিশন স্বত্ব ক্ৰয়ৰ যুঁজত আছে ষ্টাৰ স্পৰ্টছ, জি এণ্টাৰটেইনমেণ্ট আৰু ছ’নী পিকচাৰ্ছে ।

জানিবলৈ পোৱা মতে, এই যুঁজত আটাইতকৈ বেছি গুৰুত্ব দিয়া হ'ব ডিজিটেল মাধ্যমক। ইফালে ভাৰতীয় বজাৰখন দখলৰ বাবে দীৰ্ঘদিনৰ পৰা যুঁজ চলি আহিছে জেফ বেজোছ আৰু মুকেশ আম্বানীৰ মাজত। এইবাৰ, আইপিএলৰ ডিজিটেল অধিকাৰ দখলৰ বাবে বেজোছৰ অ'টিটি প্লেটফৰ্ম আমাজন প্ৰাইম আৰু মুকেশ আম্বানীৰ ভুট তথা জিঅ' টিভিৰ মাজত তুমুল যুঁজ হোৱাৰ আকাংশ প্ৰকাশ কৰা হৈছে। 
সূত্ৰঅনুসৰি, এই দুয়োটা কোম্পানীয়ে ভাৰতীয় বজাৰত আইপিএল অনলাইন ষ্ট্ৰীমিং অধিকাৰ ক্ৰয় কৰাৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। দুয়োটা কোম্পানীৰ মাজত হোৱা এই যুঁজখনে অনাগত দিনত  এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে বুলিও ক্ৰীড়ামহলত হৈছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ