--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ সময়সূচী ঘোষণা কৰা হৈছে। চলিত বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ'ব বিশ্বকাপ ফুটবল। ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব ফাইনেল। আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ। প্ৰথম দিনটোৰ কৰ্ষণ হিচাপে থাকিব ছেনেগাল-নেডাৰলেণ্ড, ইংলেণ্ড-ইৰাণ। একেদিনাই, আমেৰিকাৰ সৈতে ৱেলছ, স্কটলেণ্ড আৰু ইউক্ৰেইনৰ মাজৰ যিকোনো এটা দলৰ সৈতে অনুষ্ঠিত হ’ব।

বিশ্বকাপৰ দ্বিতীয় দিনা খোলপথাৰত অৱতীৰ্ণ হ’ব লিঅ’নেল মেছী। ২২ নৱেম্বৰত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব চৌদি আৰৱ। একেদিনাই অভিযান আৰম্ভ কৰিব বিগত বৰ্ষৰ চেম্পিয়ন ফ্ৰান্সে। পেৰু, অষ্ট্ৰেলিয়া কিম্বা সংযুক্ত আৰৱ আমিৰাৰ যিকোনো এটা দলৰ বিৰুদ্ধে খেলিব ফ্ৰান্সে। ইফালে বিশ্ৰ অন্যতম শক্তিশালী দল ব্ৰাজিলে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ২৪নৱেম্বৰত। ব্ৰাজিলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ছাৰ্বিয়া। একেদিনাই খেলপথাৰত দেখিবলৈ পোৱা যাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডক। ক্ৰিষ্টিয়ানোৰ’নাল্ডৰ পৰ্তুগালে খেলিব ঘানাৰ বিৰুদ্ধে।
কোৱাৰ্টাৰ ফাইনেলৰ মেচ সমূহ অনুষ্ঠিত হ’ব ৯ আৰু ১০ ডিচেম্বৰত। ছেমিফাইনেল অনুষ্ঠিত হ’ব ১৩ আৰু ১৪ ডিচেম্বৰত। আৰু বিশ্বকাপৰ ফাইনেল অনুষ্তি হ’ব ১৮ ডিচেম্বৰত।


স্মৰ্তব্য যে, অনুষ্ঠানটোৰ আৰম্ভণিতে, দুই আয়োজক ইদ্ৰিছ আলবা আৰু ৰেশ্মিন চৌধুৰীক মঞ্চত দেখিবলৈ পোৱা যায়। তেওঁলোক উপস্থিতিতে প্ৰথমবাৰৰ বাবে কাটাৰ বিশ্বকাপৰ প্ৰথমটো গীত 'হাইয়া হাইয়া'ৰ ৰাজহুৱা সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানটোত উপস্থিত আছিল তিনিজন শিল্পী ক্ৰমে- ত্ৰিনিদাদ কাৰ্ডোনা, ডেভিডো আৰু আইশা। বিশ্বকাপৰ গীত ৰাজহুৱা হোৱাৰ পিছতে ফিফাৰ সভাপতি ইনফাণ্টিনো মঞ্চলৈ আহিছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ বাবে ফিফাই ৰাছিয়াক ফুটবলৰ পৰা বহু দূৰত ৰাখিছে। বিশ্বকাপৰ কাৰ্যসূচী ঘোষণা আগদিনা একেটা হ’লতে অনুষ্ঠিত ফিফাৰ ওচৰত যুদ্ধ বন্ধৰ বাবে ভাৰ্চুৱেলী আৱেদন জনাইছিল ফুটবল ফেডাৰেচন অৱ ইউক্ৰেইনৰ সভাপতিয়ে। 

বিশ্বকাপ সূচী-
গ্ৰুপ এ – কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড
গ্ৰুপ বি - ইংলেণ্ড, আইআৰ ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰো প্লে-অফ
গ্ৰুপ চি - আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড
গ্ৰুপ ডি- ফ্ৰান্স, আইচি প্লে-অফ, ডেনমাৰ্ক, টিউনিচিয়া
গ্ৰুপ ই- স্পেইন, আইচি প্লে-অফ 2, জাৰ্মানী, জাপান
গ্ৰুপ এফ - বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া
গ্ৰুপ জি- ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন
গ্ৰুপ এইচ- পৰ্তুগাল, ঘানা, উৰুগুৱে, কোৰিয়া গণৰাজ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ