--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ফুটবলৰ সময়সূচী ঘোষণা কৰা হৈছে। চলিত বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ'ব বিশ্বকাপ ফুটবল। ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব ফাইনেল। আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ। প্ৰথম দিনটোৰ কৰ্ষণ হিচাপে থাকিব ছেনেগাল-নেডাৰলেণ্ড, ইংলেণ্ড-ইৰাণ। একেদিনাই, আমেৰিকাৰ সৈতে ৱেলছ, স্কটলেণ্ড আৰু ইউক্ৰেইনৰ মাজৰ যিকোনো এটা দলৰ সৈতে অনুষ্ঠিত হ’ব।

বিশ্বকাপৰ দ্বিতীয় দিনা খোলপথাৰত অৱতীৰ্ণ হ’ব লিঅ’নেল মেছী। ২২ নৱেম্বৰত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব চৌদি আৰৱ। একেদিনাই অভিযান আৰম্ভ কৰিব বিগত বৰ্ষৰ চেম্পিয়ন ফ্ৰান্সে। পেৰু, অষ্ট্ৰেলিয়া কিম্বা সংযুক্ত আৰৱ আমিৰাৰ যিকোনো এটা দলৰ বিৰুদ্ধে খেলিব ফ্ৰান্সে। ইফালে বিশ্ৰ অন্যতম শক্তিশালী দল ব্ৰাজিলে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ২৪নৱেম্বৰত। ব্ৰাজিলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ছাৰ্বিয়া। একেদিনাই খেলপথাৰত দেখিবলৈ পোৱা যাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডক। ক্ৰিষ্টিয়ানোৰ’নাল্ডৰ পৰ্তুগালে খেলিব ঘানাৰ বিৰুদ্ধে।
কোৱাৰ্টাৰ ফাইনেলৰ মেচ সমূহ অনুষ্ঠিত হ’ব ৯ আৰু ১০ ডিচেম্বৰত। ছেমিফাইনেল অনুষ্ঠিত হ’ব ১৩ আৰু ১৪ ডিচেম্বৰত। আৰু বিশ্বকাপৰ ফাইনেল অনুষ্তি হ’ব ১৮ ডিচেম্বৰত।


স্মৰ্তব্য যে, অনুষ্ঠানটোৰ আৰম্ভণিতে, দুই আয়োজক ইদ্ৰিছ আলবা আৰু ৰেশ্মিন চৌধুৰীক মঞ্চত দেখিবলৈ পোৱা যায়। তেওঁলোক উপস্থিতিতে প্ৰথমবাৰৰ বাবে কাটাৰ বিশ্বকাপৰ প্ৰথমটো গীত 'হাইয়া হাইয়া'ৰ ৰাজহুৱা সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানটোত উপস্থিত আছিল তিনিজন শিল্পী ক্ৰমে- ত্ৰিনিদাদ কাৰ্ডোনা, ডেভিডো আৰু আইশা। বিশ্বকাপৰ গীত ৰাজহুৱা হোৱাৰ পিছতে ফিফাৰ সভাপতি ইনফাণ্টিনো মঞ্চলৈ আহিছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ বাবে ফিফাই ৰাছিয়াক ফুটবলৰ পৰা বহু দূৰত ৰাখিছে। বিশ্বকাপৰ কাৰ্যসূচী ঘোষণা আগদিনা একেটা হ’লতে অনুষ্ঠিত ফিফাৰ ওচৰত যুদ্ধ বন্ধৰ বাবে ভাৰ্চুৱেলী আৱেদন জনাইছিল ফুটবল ফেডাৰেচন অৱ ইউক্ৰেইনৰ সভাপতিয়ে। 

বিশ্বকাপ সূচী-
গ্ৰুপ এ – কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড
গ্ৰুপ বি - ইংলেণ্ড, আইআৰ ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰো প্লে-অফ
গ্ৰুপ চি - আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড
গ্ৰুপ ডি- ফ্ৰান্স, আইচি প্লে-অফ, ডেনমাৰ্ক, টিউনিচিয়া
গ্ৰুপ ই- স্পেইন, আইচি প্লে-অফ 2, জাৰ্মানী, জাপান
গ্ৰুপ এফ - বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া
গ্ৰুপ জি- ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন
গ্ৰুপ এইচ- পৰ্তুগাল, ঘানা, উৰুগুৱে, কোৰিয়া গণৰাজ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন