--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ৰ লগে লগেই মানুহৰ চিন্তাধাৰাও সলনি হৈছে।সলনি হৈছে বহু বিচাৰ ধৰা। এনে বহুলোক আছে যি নিজৰ জন্মগত পৰিচয় পুৰুষ নে মহিলা এইলৈ মানসিক দ্বন্দ্বত ভোগে। কিয়নো জন্মগতভাৱে শাৰীৰ পৰা পুৰুষ হ’লেও মনৰ পৰা নিজকে নাৰী হিচাপে গণ্য কৰে। এনে মানসিক দ্বন্দ্বত ভোগা একাংশ লোকে আধুনিক চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে অস্ত্ৰোপচাৰৰ জৰিয়তে লিংগ পৰিৱৰ্তন কৰে৷ শেহতীয়াকৈ সঞ্জয় বাংগাৰ পুত্ৰ আৰিয়ান অনায়া হোৱাৰ কাহিনীয়ে চৰ্চা লাভ কৰিছে৷

ইয়াৰ পূৰ্বে কানাডাৰ খেলুৱৈ ডেনিয়েল মেকগেহে। ল’ৰাৰ পৰা ছোৱালীলৈ ৰূপান্তৰিত হৈছে৷ অৱশ্যে  ক্ৰিকেটৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আইচিচিৰ এটা নিয়ম বাধা হৈ পৰিল আৰু তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি যাব লগীয়া হয়।

বিগত বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকৰ পাছত আইচিচিয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে যিকোনো খেলুৱৈয়ে পুৰুষৰ পৰা মহিলালৈ লিংগ সলনি কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহিলা ক্ৰিকেট খেলিব নোৱাৰিব। আইচিচিৰ নিয়ম পোহৰলৈ অহাৰ পাছত ডেনিয়েল মেকগেহে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে ক্ৰীড়াক্ষেত্ৰত সমতাৰ বাবে যুঁজি থাকিব বুলি কয়।

এনে পৰিস্থিতিত বাওঁহাতৰ বেটছমেন আৰিয়ান এতিয়াৰ অনায়াই বহু স্থানীয় ক্লাবৰ হৈ ক্ৰিকেট খেলিছে। শেহতীয়াকৈ এখন মেচত ১৪৫ ৰানৰ ইনিংছ খেলিছিল৷ কিন্তু অনয়াই শীৰ্ষ পৰ্যায়ত কোনো ক্ৰিকেট খেল খেলা নাই। এনে পৰিস্থিতিত কানাডাৰ ক্ৰিকেটাৰ ডেনিয়েল মেকগেহৰ দৰে আই চি চিৰ নিয়মে ওপৰত প্ৰভাৱ পেলাব নেকি প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post