--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰেলা চৰকাৰে আচৰণ উলংঘাৰ অভিযোগত সোমবাৰে আইএএছ বিষয়া গোপালকৃষ্ণনক নিলম্বন কৰে। গোপালকৃষ্ণনৰ বিৰুদ্ধে ধৰ্মভিত্তিক হোৱাটছএপ গ্ৰুপ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে । গোপালকৃষ্ণনে "মল্লু হিন্দু বিষয়া" নামৰ এটা হোৱাটছএপ গ্ৰুপ গঠন কৰিছিল।

নিলম্বন নিৰ্দেশত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ সৰ্বভাৰতীয় সেৱাৰ কেডাৰসকলৰ মাজত বিভাজন, অমিলতা আৰু ঐক্য ভংগ কৰাটোৱেই আছিল হোৱাটছএপ গ্ৰুপৰ উদ্দেশ্য। বিষয়াজনৰ এই কাৰ্য্যই প্ৰাথমিকভাৱে "সৰ্বভাৰতীয় সেৱাৰ কেডাৰৰ ভিতৰত সাম্প্ৰদায়িক গাঁথনি আৰু দলীয়তাবাদ" সৃষ্টি কৰা বুলি পোৱা গৈছে।

গোপালকৃষ্ণনে তেওঁৰ মোবাইল ফোনটো কোনোবাই হেক কৰি আন এজন ব্যক্তিয়ে এই হোৱাটছএপ গ্ৰুপটো সৃষ্টি কৰি তেওঁৰ সন্মতি অবিহনে তেওঁক দুটা হোৱাটছএপ গ্ৰুপ- মল্লু হিন্দু অফিচাৰ আৰু মল্লু মুছলিম অফিচাৰৰ এডমিন কৰি তোলাৰ অভিযোগ স্পষ্ট কৰি দিয়ে। অৱশ্যে তেওঁৰ যুক্তি নাকচ কৰা হয়। ফৰেনছিক পৰীক্ষাৰ বাবে ডিভাইচটো জমা দিয়াৰ পূৰ্বে গোপালকৃষ্ণনে মোবাইল ফোনটো কেইবাবাৰো ফেক্টৰী ৰিছেট কৰা বুলিও আৰক্ষীয়ে জানিব পাৰে।


এই বিবাদ ৩১ অক্টোবৰৰ। কেৰেলাৰ কেডাৰৰ কেইবাজনো আই এছ বিষয়াক অভাৱনীয়ভাৱে মল্লু হিন্দু অফিচাৰ নামৰ হোৱাটছএপ গ্ৰুপত সংযোজন কৰা হয়। এই গোটত কেৱল হিন্দু বিষয়া আছিল। বহু বিষয়াই এই গোটটোক ধৰ্মনিৰপেক্ষ মূল্যবোধৰ উলংঘা বুলি গণ্য কৰিছিল। অৱশ্যে দুদিন পিছত গ্ৰুপটো ডিলিট কৰি দিয়া হয়। শেহতীয়াকৈ এক প্ৰতিবেদনৰ ভিত্তিত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বিষয়াগৰাকীক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ