--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰেলা চৰকাৰে আচৰণ উলংঘাৰ অভিযোগত সোমবাৰে আইএএছ বিষয়া গোপালকৃষ্ণনক নিলম্বন কৰে। গোপালকৃষ্ণনৰ বিৰুদ্ধে ধৰ্মভিত্তিক হোৱাটছএপ গ্ৰুপ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে । গোপালকৃষ্ণনে "মল্লু হিন্দু বিষয়া" নামৰ এটা হোৱাটছএপ গ্ৰুপ গঠন কৰিছিল।

নিলম্বন নিৰ্দেশত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ সৰ্বভাৰতীয় সেৱাৰ কেডাৰসকলৰ মাজত বিভাজন, অমিলতা আৰু ঐক্য ভংগ কৰাটোৱেই আছিল হোৱাটছএপ গ্ৰুপৰ উদ্দেশ্য। বিষয়াজনৰ এই কাৰ্য্যই প্ৰাথমিকভাৱে "সৰ্বভাৰতীয় সেৱাৰ কেডাৰৰ ভিতৰত সাম্প্ৰদায়িক গাঁথনি আৰু দলীয়তাবাদ" সৃষ্টি কৰা বুলি পোৱা গৈছে।

গোপালকৃষ্ণনে তেওঁৰ মোবাইল ফোনটো কোনোবাই হেক কৰি আন এজন ব্যক্তিয়ে এই হোৱাটছএপ গ্ৰুপটো সৃষ্টি কৰি তেওঁৰ সন্মতি অবিহনে তেওঁক দুটা হোৱাটছএপ গ্ৰুপ- মল্লু হিন্দু অফিচাৰ আৰু মল্লু মুছলিম অফিচাৰৰ এডমিন কৰি তোলাৰ অভিযোগ স্পষ্ট কৰি দিয়ে। অৱশ্যে তেওঁৰ যুক্তি নাকচ কৰা হয়। ফৰেনছিক পৰীক্ষাৰ বাবে ডিভাইচটো জমা দিয়াৰ পূৰ্বে গোপালকৃষ্ণনে মোবাইল ফোনটো কেইবাবাৰো ফেক্টৰী ৰিছেট কৰা বুলিও আৰক্ষীয়ে জানিব পাৰে।


এই বিবাদ ৩১ অক্টোবৰৰ। কেৰেলাৰ কেডাৰৰ কেইবাজনো আই এছ বিষয়াক অভাৱনীয়ভাৱে মল্লু হিন্দু অফিচাৰ নামৰ হোৱাটছএপ গ্ৰুপত সংযোজন কৰা হয়। এই গোটত কেৱল হিন্দু বিষয়া আছিল। বহু বিষয়াই এই গোটটোক ধৰ্মনিৰপেক্ষ মূল্যবোধৰ উলংঘা বুলি গণ্য কৰিছিল। অৱশ্যে দুদিন পিছত গ্ৰুপটো ডিলিট কৰি দিয়া হয়। শেহতীয়াকৈ এক প্ৰতিবেদনৰ ভিত্তিত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বিষয়াগৰাকীক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post