--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা৷ লক্ষ্মী পূজাৰ দিনটোত মা লক্ষ্মী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি ধন, সম্পত্তি, জ্ঞান, উন্নতি, সৌভাগ্য আদি প্ৰাপ্তিৰ বাবে আশীৰ্বাদ দিয়ে।

এই লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীক আদৰিবলৈ সকলোৱে নিজৰ ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি আলোকিত কৰি ৰাখে। এই পূজাত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰাটো খুবেই আৱশ্যকীয়। ভাৰতৰ বিভিন্ন ঠাইত মা লক্ষ্মীক বিভিন্ন ধৰণে পূজা-অৰ্চনা কৰা হয়। কিছুমান ঠাইত মূৰ্তি প্ৰতিষ্ঠা কৰি মাক পূজা কৰা হয়।আনহাতে ঘৰত শৰাই দি অথবা থাপনা পাতি মাৰ উপাসনা কৰা হয়।

যি ঘৰত পৰিষ্কাৰ অথবা পৰিচন্নতা থাকে, সেই ঘৰত লক্ষ্মী বাস কৰে বুলি কোৱা হয়। কাজিয়া-পেচাল নথকা ঘৰত মা লক্ষ্মীয়ে বসতি স্থাপন কৰে৷ মা লক্ষ্মীৰ আশীৰ্বাদপ্ৰাপ্ত ঘৰত সদায়ে ধন-সম্পত্তি, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে ভৰি থাকে৷

কিন্তু কিছুমান কথাত মা লক্ষ্মী সহজে অসন্তুষ্ট হয়৷ ৮টা ভুল কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ ঘৰ এৰি গুচি যায়.. জানো আহক কি এই ৮টা ভুল

১)জুঠা বাচন-বৰ্তন থৈ দিয়াঃ বহুতে জুঠা বাচন-বৰ্তন ৰাখি ৰাতিপুৱা ধুৱে। যিটো শাস্ত্ৰ অনুযায়ী উপযুক্ত নহয়। কেতিয়াও ঘৰত জুঠা বাচন পৰি থাকিব নালাগে৷ এনে কৰিলে দেৱী লক্ষ্মীৰ খং উঠে আৰু বেছি দিন ঘৰত নাথাকে। গতিকে ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় বিশেষ যত্ন লোৱা উচিত, যাতে মাতৃৰ আশীৰ্বাদ সদায় থাকে।

২) এই ঠাইত আৱৰ্জনা নাৰাখিবঃ বাস্তু শাস্ত্ৰৰ মতে উত্তৰ দিশৰ অধ্যক্ষ দেৱতা হৈছে কুবেৰ আৰু ধন-সম্পত্তিৰ দেৱী লক্ষ্মী, যিসকল ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক। এই ঠাইখনক মাতৃ স্থান বুলিও কোৱা হয়। গতিকে জাবৰ বা অসাৰ বস্তু এই ঠাইত ৰাখিব নালাগে। এই দিশটো সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা উচিত, ইয়াৰ দ্বাৰা আৰ্থিক লাভৰ সৃষ্টি হয়। ঘৰৰ এই অংশটো ধনাত্মক শক্তিৰে ভৰি থাকে, যদি এই ঠাইত অসাৰ বস্তু ৰখা হয় তেতিয়া দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ খং উঠে। 

৩) এই বস্তুটো চৌকাত নাৰাখিবঃ জুঠা আৰু খালী বাচন-বৰ্তন ৰন্ধন গেছত ৰাখিব নালাগে। চৌকাটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ দ্বাৰা ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি থাকে। পুৰাণত কোৱা হৈছে যে চৌকাত খালী বাচন এৰি দিলে ঘৰত দৰিদ্ৰতা আহি পৰে। এনে মানুহৰ ঘৰত কেতিয়াও কোনো আশীৰ্বাদ নাথাকে। মন্দিৰৰ পাছতেই পাকঘৰ আটাইতকৈ পবিত্ৰ স্থান আৰু ইয়াত দেৱ-দেৱী বাস কৰে।

৫) এই সময়ত ঝাড়ু দিয়াটো ভুলঃ সূৰ্যাস্তৰ পাছত ঘৰ ঝাড়ু দিলে দুৰ্ভাগ্যৰ লক্ষণ বুলি গণ্য কৰা হয়। লক্ষ্মী দেৱী ঝাড়ুত বাস কৰে আৰু সূৰ্যাস্তৰ সময়ত যদি কোনোবাই ঘৰখন ঝাড়ু দিয়ে তেন্তে দেৱীয়ে খং কৰি ঘৰৰ পৰা ওলাই যায়। যদি কিবা কাৰণত ঝাড়ু দিব লগা হয়, তেন্তে ঘৰৰ ভিতৰতে এচুকত জাবৰখিনি ৰাখক আৰু পুৱা পেলাই দিয়ক। 

৬) এই কাম কেতিয়াও এহাতেৰে নকৰিবঃ কেতিয়াও এহাতেৰে চন্দন ঘঁহিব নালাগে। এই কাম কৰিলে দেৱী লক্ষ্মীৰ খং উঠে আৰু ধনৰ অভাৱৰ সন্মুখীন হয়। ইয়াৰ লগতে চন্দন ঘঁহি ঘঁহি পোনপটীয়াকৈ ভগৱানক লগাব নালাগে, ইয়াক ভাল বুলি গণ্য কৰা নহয়। প্ৰথমে চন্দনখিনি এটা পাত্ৰত ৰাখি তাৰ পিছত দেৱতাসকলৰ ওপৰত প্ৰয়োগ কৰিব লাগে।

৭) বিষ্ণুৰ অবিহনে লক্ষ্মী দেৱীৰ পূজা আধৰুৱাঃ শাস্ত্ৰত কোৱা হৈছে যে কেৱল লক্ষ্মী দেৱীক পূজা কৰিলেই নহব, ভগৱান বিষ্ণুকো আৰাধনা কৰিব লাগিব। সেইবাবেই তেওঁক লক্ষ্মী নাৰায়ণ বুলি কোৱা হয়। কেৱল লক্ষ্মী দেৱীক পূজা কৰিলেই তেওঁৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰি। গতিকে লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ লক্ষ্মী দেৱীৰ লগতে বিষ্ণুকো পূজা কৰিব লাগে।

৮) এই সময়ত শুলে খং উঠে মা লক্ষ্মীৰঃ পূজাৰ বাবে গধূলিৰ সময় সৰ্বোত্তম বুলি গণ্য কৰা হয়, এই সময়ত শোৱাটো অশুভ বুলি গণ্য কৰা হয়।

ইয়াৰ লগতে গৃহলক্ষ্মী অৰ্থাৎ ঘৰৰ নাৰী বা বাহিৰৰ যিকোনো ঠাইৰ নাৰীক অসন্মান কৰা উচিত নহয় কাৰণ দেৱী লক্ষ্মীক তেওঁলোকৰ মাজত বাস কৰা বুলি গণ্য কৰা হয়। যিবোৰ ঘৰত মানুহে নাৰীক অপমান কৰে বা প্ৰহাৰ কৰে, সেইবোৰ ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। আৰু ঘৰৰ বয়োজ্যেষ্ঠ আৰু দুখীয়াক অপমান কৰিলে মা লক্ষ্মীৰ খং উঠে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ