--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি মূলসুঁতিলৈ উভতিব ডিমাচা বিদ্ৰোহী সংগঠন চমুকৈ ডিএনএলএ৷ মুখ্য সেনাধ্যক্ষসহ ৪০ কেডাৰে কৰিব আত্মসমৰ্পণ৷ ডিমা হাচাও-নাগালেণ্ড সীমান্তৰ জংঘলত কৰিব আত্মসমৰ্পণ৷ সংগঠনটোৱে ডিমা হাচাওৰ আৰক্ষীৰ ওচৰত কৰিব আত্মসমৰ্পণ৷ আত্মসমৰ্পণৰ তদাৰক কৰিব এডিজিপি হীৰেণ নাথে৷ স্বাধীন ডিমাচা ৰাষ্ট্ৰৰ দাবীত ২০১৯ৰ ১৫ এপ্ৰিলত জন্ম হৈছিল সংগঠনটোৰ ৷

সম্প্ৰতি ডিমা হাচাওত পূৰ্ণ সক্ৰিয় হৈ আছিল এই শসস্ত্ৰ সংগঠনটো ৷ কিছুদিন পূৰ্বে এই সংগঠনটোৱে আক্ৰমন চলাইছিল কেইবাখনো মালবাহী ট্ৰাকত ৷ ৫ জনকৈ ট্ৰাক ড্ৰাইভাৰৰ মৃত্যু হৈছিল সেই আক্ৰমণৰ ঘটনাত ৷ শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যৰে এই আক্ৰমণ সংঘটিত কৰিছিল ডিএনএলএ৷

ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ তথা হেচাৰ বাবে আত্মসমৰ্পণ কৰিবলৈ লৈছে সংগঠনটোৱে ৷ আজি সংগঠনটোৰ মূখ্য সেনাধক্ষ মুংশ্ৰী মুশ্ৰাং ডিমাচা সহ ৪০ কেদাৰৰ আত্মসমৰ্পণ কৰিব বুলি জানিবলৈ পোৱা গৈছে ৷ ডিমা হাচাও নাগালেণ্ড সীমান্তৱৰ্তী জংঘলত আত্মসমৰ্পণ কৰিব ৪০ কেদাৰে ৷ ডিমা হাচাও আৰক্ষী অধীক্ষক জয়ন্ত সিঙৰ ওচৰত আত্মসমৰ্পণ কৰিব ৪০ কেদাৰে ৷ বিশেষ শাখাৰ এডিজিপি হীৰেন নাথ নেতৃত্বত হব আত্মসমৰ্পণ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত