--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি মূলসুঁতিলৈ উভতিব ডিমাচা বিদ্ৰোহী সংগঠন চমুকৈ ডিএনএলএ৷ মুখ্য সেনাধ্যক্ষসহ ৪০ কেডাৰে কৰিব আত্মসমৰ্পণ৷ ডিমা হাচাও-নাগালেণ্ড সীমান্তৰ জংঘলত কৰিব আত্মসমৰ্পণ৷ সংগঠনটোৱে ডিমা হাচাওৰ আৰক্ষীৰ ওচৰত কৰিব আত্মসমৰ্পণ৷ আত্মসমৰ্পণৰ তদাৰক কৰিব এডিজিপি হীৰেণ নাথে৷ স্বাধীন ডিমাচা ৰাষ্ট্ৰৰ দাবীত ২০১৯ৰ ১৫ এপ্ৰিলত জন্ম হৈছিল সংগঠনটোৰ ৷

সম্প্ৰতি ডিমা হাচাওত পূৰ্ণ সক্ৰিয় হৈ আছিল এই শসস্ত্ৰ সংগঠনটো ৷ কিছুদিন পূৰ্বে এই সংগঠনটোৱে আক্ৰমন চলাইছিল কেইবাখনো মালবাহী ট্ৰাকত ৷ ৫ জনকৈ ট্ৰাক ড্ৰাইভাৰৰ মৃত্যু হৈছিল সেই আক্ৰমণৰ ঘটনাত ৷ শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যৰে এই আক্ৰমণ সংঘটিত কৰিছিল ডিএনএলএ৷

ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ তথা হেচাৰ বাবে আত্মসমৰ্পণ কৰিবলৈ লৈছে সংগঠনটোৱে ৷ আজি সংগঠনটোৰ মূখ্য সেনাধক্ষ মুংশ্ৰী মুশ্ৰাং ডিমাচা সহ ৪০ কেদাৰৰ আত্মসমৰ্পণ কৰিব বুলি জানিবলৈ পোৱা গৈছে ৷ ডিমা হাচাও নাগালেণ্ড সীমান্তৱৰ্তী জংঘলত আত্মসমৰ্পণ কৰিব ৪০ কেদাৰে ৷ ডিমা হাচাও আৰক্ষী অধীক্ষক জয়ন্ত সিঙৰ ওচৰত আত্মসমৰ্পণ কৰিব ৪০ কেদাৰে ৷ বিশেষ শাখাৰ এডিজিপি হীৰেন নাথ নেতৃত্বত হব আত্মসমৰ্পণ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ