--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়পুৰৰ চৰকাৰী চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ভৰ্তি হোৱা ১০ বছৰীয়া ল’ৰা এটাৰ ভৰিৰ আঙুলিটো নিগনিয়ে কামোৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত শিশুটিৰ মৃত্যু হয়। শনিবাৰে এজন বিষয়াই এই তথ্য প্ৰদান কৰে। চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, শিশুটিৰ মৃত্যু এন্দুৰে কামোৰাৰ বাবে নহয়, বৰঞ্চ “চেপটিচেমিয়া শ্বক আৰু উচ্চ সংক্ৰমণৰ বাবে”। 

এই সন্দৰ্ভত তদন্তৰ বাবে ৰাজস্থান চৰকাৰে গঠন কৰিছে এখন কমিটী। যোৱা ১১ ডিচেম্বৰত শিশুটিক চিকিৎসাৰ বাবে ইয়াৰ ৰাজ্যিক কৰ্কট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়ৰ অধীক্ষক ডাঃ সন্দীপ জাছুজাই কয় যে, ‘‘শিশুটোৰ জ্বৰ আৰু নিউমোনিয়াও আছিল। শুকুৰবাৰে তেওঁৰ মৃত্যু হয় উচ্চ সংক্ৰমণ, চেপ্টিচেমিয়া শ্বকৰ বাবে।" বিষয়াসকলে জনোৱা মতে, চিকিৎসা শিক্ষা সম্পাদক অম্ব্ৰিশ কুমাৰে ছাৱাই মান সিং (এছ এম এছ) চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা প্ৰতিবেদন বিচাৰিছে।

এক প্ৰতিবেদন অনুসৰি ভৰ্তি হোৱাৰ কিছু সময়ৰ পিছতে শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে। যেতিয়া তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ শৰীৰৰ পৰা কম্বলখন আঁতৰাই দিয়ে, তেতিয়া তেওঁলোকে দেখিলে যে তেওঁৰ ভৰিৰ আঙুলিত এটা নিগনি কামোৰাৰ বাবে তেজ ওলাই আছে। পৰিয়ালৰ লোকে তাত উপস্থিত নাৰ্চিং কৰ্মচাৰীক অৱগত কৰে, যিয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত ভৰিখন বেণ্ডেজ কৰে। যশুজাই কয় যে নিগনি কামোৰাৰ তথ্য পোৱাৰ লগে লগে তেওঁ শিশুটিৰ চিকিৎসা আৰম্ভ কৰে। তেওঁ কয় যে চিকিৎসালয়ৰ চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ