--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুললৈ যাবলৈ কোৱাৰ বাবেই পুত্ৰই হত্যা কৰিলে মাতৃক। উত্তৰ প্ৰদেশৰ গোৰখপুৰত এজন পুত্ৰই হত্যা কৰিছে মাতৃক। এগৰাকীৰ বিজ্ঞানীৰ নাবালক পুত্ৰই মাতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ৩ ডিচেম্বৰত আৰতি বাৰ্মাৰ মূৰ বেৰত খুন্দা মৰাৰ ফলত মৃত্যু হয়। একাদশ শ্ৰেণীত অধ্যয়ন কৰা আৰতিৰ পুত্ৰই দাবী কৰে যে আকস্মিকভাৱে পৰি মাতৃৰ মৃত্যু হয়। অৱশ্যে পুত্ৰৰ এই বক্তব্যত বিশ্বাস নকৰিলে আৰক্ষীয়ে। সন্দেহজনক হৈ পৰাৰ পিছত আৰক্ষীয়ে কঠোৰভাৱে জেৰা কৰিলে আৰু সত্য ওলাই পৰিল। আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱে কয়, ‘দুঘণ্টা ধৰি জেৰাৰ অন্তত কিশোৰজনে স্বীকাৰ কৰে যে তেওঁ কাজিয়াৰ সময়ত মাকক ঠেলি দিছিল, যাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল।’

আৰতিৰ স্বামী ৰাম মিলন এজন বিজ্ঞানী। তেওঁ চেন্নাইৰ ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ সহকাৰী বিজ্ঞানী। তেওঁ চাৰিদিনৰ পাছতহে পত্নীৰ মৃত্যুৰ কথা জানিব পাৰিছিল। দুদিন ধৰি পত্নীৰ ফোন চুইচ অফ থকাত তেওঁ ঘৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া স্বামী গোৰখপুৰলৈ উভতি আহি পত্নীৰ মৃতদেহ মজিয়াত পৰি থকা দেখিছিল।

ইয়াৰ পিছত তেওঁলোকৰ পুত্ৰক শিৱ মন্দিৰৰ ওচৰত পোৱা যায় আৰু তেওঁ প্ৰথমে পিতৃ আৰু আৰক্ষীক কয় যে তেওঁৰ মাতৃৰ মৃত্যু হৈছে পৰি যোৱাৰ বাবে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি দেখে যে কোনো বাহিৰৰ লোক ঘৰত প্ৰৱেশ কৰা নাছিল।

শ্ৰীবাস্তৱে কয় যে ‘সোধা-পোছাৰ সময়ত ল’ৰাজনে মঙলবাৰে সন্ধিয়া স্বীকাৰ কৰে যে ৩ ডিচেম্বৰৰ পুৱা মাকে তেওঁক স্কুললৈ যাবলৈ কৈছিল। তেওঁ নাকচ কৰাত টকাক লৈ বিবাদ হ’ল আৰু মাকে খঙত পুতেকৰ ওপৰত নগদ ধন নিক্ষেপ কৰিলে। এই কথাত ক্ষুব্ধ হৈ ল’ৰাটোৱে মাকক ঠেলি দিলে আৰু মাতৃৰ মৃত্যু হ’ল। আৰক্ষীয়ে জনোৱা মতে, কোঠাটোত ১০০ টকা, ২০০ টকা আৰু ৫০০ টকাৰ নগদ ধনৰ বৃহৎ পৰিমাণৰ নোটো উদ্ধাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ