--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰ নিৰ্মানৰ পাছত ৫০০ বছৰৰ এক সুদীৰ্ঘসময়ৰ অন্তত এইবাৰ দীপাৱলীত ভগৱান ৰামলালাৰ অভিষেক সম্পন্ন হ’ব৷ এই বিশেষ দিনটোত এক নতুন বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। ২৫ লাখৰো অধিক বন্তি জ্বলাই আলোকিত কৰা হ’ব অযোধ্যা। 

ভগৱান শ্ৰীৰামক আদৰিবলৈ সাজু হৈছে অযোধ্যা চহৰ। ৫০০ বছৰৰ পাছত  ৰাম মন্দিৰৰ দীপাৱলী অযোধ্যাৰ লগতে সমগ্ৰ দেশৰ ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ এইবাৰৰ অযোধ্যাৰ দীপাৱলীৱে বিশেষ ঐতিহ্য বহন কৰিছে৷

উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰাহে অযোধ্যাত দীপাৱলী উদযাপন কৰা হৈছে, কিন্তু এইবাৰ নৱনিৰ্মিত ৰাম মন্দিৰত ৰামলালাৰ অভিষেকে অনুষ্ঠানটোক অধিক বিশেষ কৰি তুলিছে। 

উত্তৰ প্ৰদেশ চৰকাৰে পোহৰৰ উৎসৱটোক বিশেষ কৰিতুলিবৰ বাবে প্ৰস্তুতি চলাইছে। চৰকাৰ খনে ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ত স্থান দখলৰ লক্ষ্যৰে অযোধ্যাৰ সকলো ঘাট ২৫ লাখৰো অধিক বন্তি জ্বলাই পোহৰাই তুলিব৷ এই অনুষ্ঠানৰ বাবে ভগৱান ৰামৰ ভৰি দুখন আচৰিত ধৰণে সজাই তোলা হৈছে। 

এই অনুষ্ঠানটো সফল কৰিবলৈ হাজাৰ হাজাৰ স্বেচ্ছাসেৱক বন্তি জ্বলোৱা আৰু চোৱা-চিতা কৰাত নিয়োজিত কৰা হৈছে।অযোধ্যাৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ