--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰ নিৰ্মানৰ পাছত ৫০০ বছৰৰ এক সুদীৰ্ঘসময়ৰ অন্তত এইবাৰ দীপাৱলীত ভগৱান ৰামলালাৰ অভিষেক সম্পন্ন হ’ব৷ এই বিশেষ দিনটোত এক নতুন বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। ২৫ লাখৰো অধিক বন্তি জ্বলাই আলোকিত কৰা হ’ব অযোধ্যা। 

ভগৱান শ্ৰীৰামক আদৰিবলৈ সাজু হৈছে অযোধ্যা চহৰ। ৫০০ বছৰৰ পাছত  ৰাম মন্দিৰৰ দীপাৱলী অযোধ্যাৰ লগতে সমগ্ৰ দেশৰ ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ এইবাৰৰ অযোধ্যাৰ দীপাৱলীৱে বিশেষ ঐতিহ্য বহন কৰিছে৷

উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰাহে অযোধ্যাত দীপাৱলী উদযাপন কৰা হৈছে, কিন্তু এইবাৰ নৱনিৰ্মিত ৰাম মন্দিৰত ৰামলালাৰ অভিষেকে অনুষ্ঠানটোক অধিক বিশেষ কৰি তুলিছে। 

উত্তৰ প্ৰদেশ চৰকাৰে পোহৰৰ উৎসৱটোক বিশেষ কৰিতুলিবৰ বাবে প্ৰস্তুতি চলাইছে। চৰকাৰ খনে ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ত স্থান দখলৰ লক্ষ্যৰে অযোধ্যাৰ সকলো ঘাট ২৫ লাখৰো অধিক বন্তি জ্বলাই পোহৰাই তুলিব৷ এই অনুষ্ঠানৰ বাবে ভগৱান ৰামৰ ভৰি দুখন আচৰিত ধৰণে সজাই তোলা হৈছে। 

এই অনুষ্ঠানটো সফল কৰিবলৈ হাজাৰ হাজাৰ স্বেচ্ছাসেৱক বন্তি জ্বলোৱা আৰু চোৱা-চিতা কৰাত নিয়োজিত কৰা হৈছে।অযোধ্যাৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ