--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট ব্যৱধানৰ পাছত ৰাশি সলনি কৰে। গ্ৰহৰ এনে ৰাশি পৰিৱৰ্তনে ১২টা ৰাশিৰ সকলো লোককে প্ৰভাৱিত কৰাৰ লগতে কিছু ৰাশিৰ বাবে শুভ বাৰ্তা কঢ়িওৱা বিপৰীতে কিছু ৰাশিৰ লোকক অশুভ ফলাফল প্ৰদান কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহ ৰজা সূৰ্য্যদেৱে আজি পুৱা ৭.১৬ বজাত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে। সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনে ১২টা ভিতৰৰ কোন কোন ৰাশিত প্ৰভাৱ পেলাব জানো আহক। 

১. কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ লোকৰ বাবে সূৰ্য্যৰ ৰাশি পৰিৱৰ্তন অতি শুভ বুলিব পাৰি। এই ৰাশিৰ জাতক-জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধিৰ লগতে কেৰিয়াৰত নতুন সুযোগ পাব, যিয়ে ভৱিষ্যতে শুভ ফলাফল প্ৰদান কৰিব। ঋণগ্ৰস্তসকলে এই সময়ত ঋণ পৰিশোধ কৰাত সফল হ’ব। ব্যৱসায়ীসকলে নতুন সুযোগ-সুবিধা লাভ কৰিব৷ আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব, যিয়ে অৰ্থনৈতিক অৱস্থা উন্নত কৰিব।

২. কন্যা ৰাশি : সূৰ্য্যদেৱৰ ৰাশি পৰিৱৰ্তনে কন্যা ৰাশিৰ লোকৰ বাবে শুভ বুলি কোৱা হৈছে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। সমাজত সন্মান বঢ়াৰ লগতে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপুনিও হয়তো সুখবৰ লাভ কৰিব, যিয়ে আপোনাৰ মনটোক সুখী কৰি ৰাখিব। 

৩. বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ লোকৰ বাবে সূৰ্য্যৰ ৰাশিৰ পৰিৱৰ্তনে সুখকৰ হ’ব। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে ভৱিষ্যতে ভাল ফলাফল পাব পাৰে। অৰ্থনৈতিক অৱস্থা উন্নত হ’ব। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ’ব। 

৪. কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ লোকৰ কেৰিয়াৰৰ বাবে সূৰ্য্যৰ ৰাশি পৰিৰ্ৱতন শুভ বুলি গণ্য কৰা হয়। যিসকল শ্ৰমিকৰ পদোন্নতি স্থগিত ৰখা হৈছে তেওঁলোকে হয়তো ভাল খবৰ পাব। একে সময়তে চাকৰি বিচৰাসকলেও নিজৰ আকাংক্ষিত চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কষ্টৰ ফল লাভ কৰিব পাৰে। আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। কৰ্মক্ষেত্ৰত ভাল ফলাফল পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ