--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যদি ইয়াৰে এটাৰো অভাৱ হয়, তেন্তে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে। ইয়াৰে এটা উপাদান হ’ল জিংক, ইয়াৰ জৰিয়তে শৰীৰত বহুতো উপকাৰ পোৱা যায়, যেনে তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, ঘা ভাল হোৱা ইত্যাদি। জিংকৰ অভাৱত আমাৰ শৰীৰত বহু সমস্যাৰ সৃষ্টি হয়। জিংকৰ প্ৰয়োজন পূৰণৰ বাবে আমি কি কি খাদ্য খাব লাগে সেই বিষয়ে জানো আহক।

জিংক পাবলৈ কি কি খাব লাগে

১) তৰমুজৰ গুটিঃ সাধাৰণতে আমি তৰমুজ অতি আনন্দৰে খাওঁ, কিন্তু প্ৰায়ে এই ৰসাল ফলৰ গুটি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে আপুনি এই কাম একেবাৰেই নকৰে। এই ফলৰ বীজত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়। যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ছুগাৰৰ চেনিৰ মাত্ৰাও ঠিক হৈ থাকে। ইয়াৰ বাবে তৰমুজৰ গুটি ধুই ৰ’দত শুকুৱাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

২) নহৰুঃ নহৰু এনেকুৱা মছলা যিটো ভাৰতীয় ঘৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়, জিংক, ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চিৰ বাহিৰেও ইয়াত কেলচিয়াম, মেগনেছিয়াম, আয়’ডিন, আইৰণ আৰু পটাছিয়াম পোৱা যায়। মনত ৰাখিব লাগে যে নহৰুৰ প্ৰভাৱ গৰম, গতিকে গৰমৰ দিনত ইয়াক সীমিত পৰিমাণে খাব লাগে।

৩) কণীৰ কুহুমঃ কণী এনেকুৱা বস্তু যিটো আমি প্ৰায়ে ব্ৰেকফাষ্টত খাওঁ, কিন্তু বিশেষকৈ জিমলৈ যোৱা মানুহে ইয়াৰ হালধীয়া অংশ অৰ্থাৎ কুহুম খোৱাৰ পৰা বিৰত থাকে, কিন্তু মনত ৰাখিব লাগিব যে কুহুম জিংকৰ এক সমৃদ্ধ উৎস, ইয়াত জিংক থাকে।ইয়াৰ বাহিৰেও, ভিটামিন বি ১২, থাইয়ামিন, ভিটামিন বি ৬, ফ’লেট, পেন্থনিক এচিড, কেলচিয়াম, আইৰণ আৰু ফছফৰাছ আদিও পোৱা যায়।

৪) ৰঙালাও গুটিঃ ৰঙালাও গুটি বহু মানুহে খায় ভালপায়। বহু মানুহে ভজাৰ এলাহত পেলাই দিয়ে। ৰঙলাও গুটি কেতিয়াও পেলাই নিদিব। ইয়াত প্ৰচুৰ পৰিমাণে জিংক থাকে।

৫) কাজু আৰু অন্যান্য বাদামঃ বাদাম জিংকৰ উত্তম উৎস। দিনটোৰ ভিতৰত জিংকৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বাদাম এটা সোৱাদযুক্ত উপায়।

৬) ওটচঃ আধা কাপ অটছৰ পৰা ১.৫ মিলিগ্ৰাম জিংক পোৱা যায়। ওটছ খালে আপোনাৰ শৰীৰে ভাল পৰিমাণৰ জিংক লাভ কৰে। 

৭) গাখীৰ আৰু দৈঃ গাখীৰ আৰু দৈত ভাল পৰিমাণৰ জিংক পোৱা যায়।

৮) মূৰ্গীৰ বুকু অংশঃ মূৰ্গী মাংসৰ বুকু অংশত প্ৰচুৰ পৰিমাণে জিংক উপলব্ধ। সেয়েহে খাব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ