--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যৰ ৰাজনীতিত ‘তৃণমূল কংগ্ৰেছ’ আৰু ‘আম আদমী পাৰ্টী’ৰ আত্মপ্ৰকাশৰ পাছতে বিৰোধী ৰাজনীতিৰ নতুন সমীকৰণ সৃষ্টিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ ভিতৰচ’ৰাৰ থৰক-বৰক অৱস্থাই এতিয়া দলটোৰ প্ৰতি সাধাৰণ মানুহৰ মোহভংগ ঘটোৱাটো স্পষ্ট হৈ পৰাৰ পাছত এতিয়া বিৰোধীৰ বিকল্প কেন্দ্ৰ সৃষ্টিৰ প্ৰচেষ্টাও দেখিবলৈ পোৱা গৈছে। দেশৰ বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। দিল্লী, পঞ্জাব আৰু এতিয়া নিৰ্বাচন চমু চাপি অহা গুজৰাটতো তেওঁলোকৰ গতিবিধি কংগ্ৰেছতকৈ অধিক ক্ষিপ্ৰ হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে, তৃণমূলে মেঘালয় ত্ৰিপুৰাৰ পাছত এতিয়া অসমতো নিজৰ দলীয় সংগঠনৰ বিস্তাৰ ঘটোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। 

পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টীয়ে ব্যাপক চৰ্চা লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে সুস্মিতা দেব আৰু ৰিপুণ বৰাৰ দৰে নেতাক লৈ অসমত তেওঁলোকৰ খোপনি দৃঢ় কৰাৰ চেষ্টা কৰিছে। ইতিমধ্যে অসম ভ্ৰমণ কৰিছে মহুৱা মৈত্ৰ আৰু অভিষেক বেনাৰ্জীৰ দৰে তৃণমূলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰীয়ে। এনে তৎপৰতাৰ মাজতে অসমৰ বিৰোধী ৰাজনীতিৰ এগৰাকী গুৰুকত্বপূৰ্ণ প্ৰতিনিধি বদৰুদ্দিন আজমলে কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।

এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে, মোডীৰ পাছত আপ আৰু তৃণমূল কংগ্ৰেছৰ চমক আছে। কংগ্ৰেছৰ পশ্চাৎগমনৰ দিশটোলৈ আঙুলিয়াই তেওঁ কংগ্ৰেছৰ লাইট নুমাই গৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। কংগ্ৰেছ এতিয়া ‘ছুইটছ অফ মুড’ত থকা বুলি তেওঁ কটাক্ষ কৰে। কেৱল এয়াই নহয়, কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিজনৰ দক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰি তেওঁ ফিট নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  

দলৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, কংগ্ৰেছত সভাপতি হ’ব পৰা বহু ভাল মানুহ আছে। তেওঁ লগতে কয় যে, কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনো খেলিব যদিও সদায় হাৰিয়েই থাকিব। আজমলৰ এই মন্তব্য এতিয়া তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ সৈতে একাধিকবাৰ মিত্ৰতাত অৱতীৰ্ণ হৈ আজমলে ৰাজ্যৰ ৰাজনীতি প্ৰভাৱশালী ভূমিকাত অৱতীৰ্ণ হৈছে। কিন্তু এতিয়া কংগ্ৰেছৰ স্থিতি থৰক-বৰক হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ বিকল্প চিন্তা কৰাটো একো অস্বাভাৱিক কথা নহয়। এতিয়া তেওঁ তৃণমূল নে আপৰ সৈতে নিজৰ পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে সেয়া লক্ষ্যণীয় বিষয় হ’ব। আজমলৰ অতি সফল ব্যৱসায়ী আৰু চতুৰ ৰাজনীতিকে আপ আৰু তৃণমূলক প্ৰশংসা কৰা কথাটো ৰাজ্যৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ সম্ভাৱনাকে প্ৰকট কৰি তোলা বুলি দাবী কৰিছে বিশেষজ্ঞসকলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান