--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যৰ ৰাজনীতিত ‘তৃণমূল কংগ্ৰেছ’ আৰু ‘আম আদমী পাৰ্টী’ৰ আত্মপ্ৰকাশৰ পাছতে বিৰোধী ৰাজনীতিৰ নতুন সমীকৰণ সৃষ্টিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ ভিতৰচ’ৰাৰ থৰক-বৰক অৱস্থাই এতিয়া দলটোৰ প্ৰতি সাধাৰণ মানুহৰ মোহভংগ ঘটোৱাটো স্পষ্ট হৈ পৰাৰ পাছত এতিয়া বিৰোধীৰ বিকল্প কেন্দ্ৰ সৃষ্টিৰ প্ৰচেষ্টাও দেখিবলৈ পোৱা গৈছে। দেশৰ বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। দিল্লী, পঞ্জাব আৰু এতিয়া নিৰ্বাচন চমু চাপি অহা গুজৰাটতো তেওঁলোকৰ গতিবিধি কংগ্ৰেছতকৈ অধিক ক্ষিপ্ৰ হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে, তৃণমূলে মেঘালয় ত্ৰিপুৰাৰ পাছত এতিয়া অসমতো নিজৰ দলীয় সংগঠনৰ বিস্তাৰ ঘটোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। 

পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টীয়ে ব্যাপক চৰ্চা লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে সুস্মিতা দেব আৰু ৰিপুণ বৰাৰ দৰে নেতাক লৈ অসমত তেওঁলোকৰ খোপনি দৃঢ় কৰাৰ চেষ্টা কৰিছে। ইতিমধ্যে অসম ভ্ৰমণ কৰিছে মহুৱা মৈত্ৰ আৰু অভিষেক বেনাৰ্জীৰ দৰে তৃণমূলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰীয়ে। এনে তৎপৰতাৰ মাজতে অসমৰ বিৰোধী ৰাজনীতিৰ এগৰাকী গুৰুকত্বপূৰ্ণ প্ৰতিনিধি বদৰুদ্দিন আজমলে কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।

এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে, মোডীৰ পাছত আপ আৰু তৃণমূল কংগ্ৰেছৰ চমক আছে। কংগ্ৰেছৰ পশ্চাৎগমনৰ দিশটোলৈ আঙুলিয়াই তেওঁ কংগ্ৰেছৰ লাইট নুমাই গৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। কংগ্ৰেছ এতিয়া ‘ছুইটছ অফ মুড’ত থকা বুলি তেওঁ কটাক্ষ কৰে। কেৱল এয়াই নহয়, কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিজনৰ দক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰি তেওঁ ফিট নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  

দলৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, কংগ্ৰেছত সভাপতি হ’ব পৰা বহু ভাল মানুহ আছে। তেওঁ লগতে কয় যে, কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনো খেলিব যদিও সদায় হাৰিয়েই থাকিব। আজমলৰ এই মন্তব্য এতিয়া তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ সৈতে একাধিকবাৰ মিত্ৰতাত অৱতীৰ্ণ হৈ আজমলে ৰাজ্যৰ ৰাজনীতি প্ৰভাৱশালী ভূমিকাত অৱতীৰ্ণ হৈছে। কিন্তু এতিয়া কংগ্ৰেছৰ স্থিতি থৰক-বৰক হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ বিকল্প চিন্তা কৰাটো একো অস্বাভাৱিক কথা নহয়। এতিয়া তেওঁ তৃণমূল নে আপৰ সৈতে নিজৰ পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে সেয়া লক্ষ্যণীয় বিষয় হ’ব। আজমলৰ অতি সফল ব্যৱসায়ী আৰু চতুৰ ৰাজনীতিকে আপ আৰু তৃণমূলক প্ৰশংসা কৰা কথাটো ৰাজ্যৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ সম্ভাৱনাকে প্ৰকট কৰি তোলা বুলি দাবী কৰিছে বিশেষজ্ঞসকলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ