--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড আজিৰ সময়ত এক অতি গুৰুত্বপূৰ্ণ নথি হৈ পৰিছে। ই দেশৰ সকলো নাগৰিকৰ পৰিচয়ৰ সৈতে জড়িত হৈ পৰিছে। 

স্কুলত নামভৰ্তি লোৱাই হওক বা বেংকত একাউণ্ট খুলিলেই হওক, আইডিৰ প্ৰমাণৰ প্ৰয়োজন হোৱা প্ৰতিটো ঠাইতে ইয়াক ব্যৱহাৰ কৰা হয়। আধাৰ কাৰ্ড অবিহনে চিম কাৰ্ড ব্যৱহাৰ নোৱাৰি, হোটেলত ৰুম বুকিংও কৰিব নোৱাৰি। কেৱল এয়াই নহয়, আধাৰ কাৰ্ড অবিহনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰি। যিহেতু আধাৰ কাৰ্ড ইমান গুৰুত্বপূৰ্ণ তেতিয়া ইয়াক সুৰক্ষিত ৰখাটো আমাৰ দায়িত্ব।

শেহতীয়াকৈ চাইবাৰ অপৰাধৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰৱঞ্চনা ৰোধৰ বাবে টেলিকম কোম্পানী আৰু চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে চাইবাৰ অপৰাধীসকলেও নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে প্ৰৱঞ্চনাৰ। যদি আপুনি অসাৱধান হয় তেন্তে চাইবাৰ অপৰাধীয়ে আপোনাৰ আধাৰ কাৰ্ডৰ অপব্যৱহাৰ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ আধাৰ কাৰ্ড ক’ত ব্যৱহাৰ কৰিছে সেই কথা জানিব লাগে।

আমি বহু ঠাইত আধাৰ কাৰ্ড ব্যৱহাৰ কৰো য’ত কেতিয়াবা আধাৰ কাৰ্ড কাক কেতিয়া দিয়া হৈছিল সেই কথা মনত ৰখাটো বৰ টান হৈ পৰে। যদি আপোনাৰো মনত নাই, তেন্তে আমি আপোনাক জনাওঁ যে UIDAI য়ে আমাক এই সুবিধা দিয়ে যিটো আমি ঘৰৰ পৰাই অনলাইনত জানিব পাৰো যে আমাৰ আধাৰ কাৰ্ড ক'ত ব্যৱহাৰ কৰা হৈছে। এই তথ্যৰ বাবে UIDAIয়ে ব্যৱহাৰকাৰীসকলক 'Authentication History' নামৰ এটা সুবিধা প্ৰদান কৰিছে।

জানো আহক ইয়াৰ প্ৰক্ৰিয়া

১)প্ৰথমে আপুনি UIDAI ৱেবচাইটত গৈ ক্লিক কৰক- https://myaadhaar.uidai.gov.in

২)লগ ইন কৰি নিজৰ আধাৰ নম্বৰ দিয়ক।

৩)আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ এটা অটিপি আহিব।

৪)অটিপি ডি লগ ইন কৰক।

৫)লগ ইনৰ পাছত Aadhaar Authentication History অপশ্যন চিলেক্ট কৰক।

৬)পাছত আপুনি যোৱা ৬ মাহৰ তথ্য চাব পাৰিব।

৭)আপোনাৰ স্ত্ৰীণত লিষ্ট এখন আহিব যত আধাৰ কাৰ্ডৰ ব্যৱহাৰৰ বিষয়ে লিখা থাকিব।

৮)যদি আপুনি কোনো ভুল দেখা পাই বা আপোনাৰ আধাৰ নম্বৰ কোনোৱে অপব্যৱহাৰ কৰা বুলি জানিব পাৰে তেন্তে UIDAI ৰ হেল্প লাইনত যোগাযোগ কৰিব পাৰে বা ঘৰৰ ওচৰৰ আধাৰ সেৱা কেন্দ্ৰলৈ যাব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ