--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড আজিৰ সময়ত এক অতি গুৰুত্বপূৰ্ণ নথি হৈ পৰিছে। ই দেশৰ সকলো নাগৰিকৰ পৰিচয়ৰ সৈতে জড়িত হৈ পৰিছে। 

স্কুলত নামভৰ্তি লোৱাই হওক বা বেংকত একাউণ্ট খুলিলেই হওক, আইডিৰ প্ৰমাণৰ প্ৰয়োজন হোৱা প্ৰতিটো ঠাইতে ইয়াক ব্যৱহাৰ কৰা হয়। আধাৰ কাৰ্ড অবিহনে চিম কাৰ্ড ব্যৱহাৰ নোৱাৰি, হোটেলত ৰুম বুকিংও কৰিব নোৱাৰি। কেৱল এয়াই নহয়, আধাৰ কাৰ্ড অবিহনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰি। যিহেতু আধাৰ কাৰ্ড ইমান গুৰুত্বপূৰ্ণ তেতিয়া ইয়াক সুৰক্ষিত ৰখাটো আমাৰ দায়িত্ব।

শেহতীয়াকৈ চাইবাৰ অপৰাধৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰৱঞ্চনা ৰোধৰ বাবে টেলিকম কোম্পানী আৰু চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে চাইবাৰ অপৰাধীসকলেও নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে প্ৰৱঞ্চনাৰ। যদি আপুনি অসাৱধান হয় তেন্তে চাইবাৰ অপৰাধীয়ে আপোনাৰ আধাৰ কাৰ্ডৰ অপব্যৱহাৰ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ আধাৰ কাৰ্ড ক’ত ব্যৱহাৰ কৰিছে সেই কথা জানিব লাগে।

আমি বহু ঠাইত আধাৰ কাৰ্ড ব্যৱহাৰ কৰো য’ত কেতিয়াবা আধাৰ কাৰ্ড কাক কেতিয়া দিয়া হৈছিল সেই কথা মনত ৰখাটো বৰ টান হৈ পৰে। যদি আপোনাৰো মনত নাই, তেন্তে আমি আপোনাক জনাওঁ যে UIDAI য়ে আমাক এই সুবিধা দিয়ে যিটো আমি ঘৰৰ পৰাই অনলাইনত জানিব পাৰো যে আমাৰ আধাৰ কাৰ্ড ক'ত ব্যৱহাৰ কৰা হৈছে। এই তথ্যৰ বাবে UIDAIয়ে ব্যৱহাৰকাৰীসকলক 'Authentication History' নামৰ এটা সুবিধা প্ৰদান কৰিছে।

জানো আহক ইয়াৰ প্ৰক্ৰিয়া

১)প্ৰথমে আপুনি UIDAI ৱেবচাইটত গৈ ক্লিক কৰক- https://myaadhaar.uidai.gov.in

২)লগ ইন কৰি নিজৰ আধাৰ নম্বৰ দিয়ক।

৩)আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ এটা অটিপি আহিব।

৪)অটিপি ডি লগ ইন কৰক।

৫)লগ ইনৰ পাছত Aadhaar Authentication History অপশ্যন চিলেক্ট কৰক।

৬)পাছত আপুনি যোৱা ৬ মাহৰ তথ্য চাব পাৰিব।

৭)আপোনাৰ স্ত্ৰীণত লিষ্ট এখন আহিব যত আধাৰ কাৰ্ডৰ ব্যৱহাৰৰ বিষয়ে লিখা থাকিব।

৮)যদি আপুনি কোনো ভুল দেখা পাই বা আপোনাৰ আধাৰ নম্বৰ কোনোৱে অপব্যৱহাৰ কৰা বুলি জানিব পাৰে তেন্তে UIDAI ৰ হেল্প লাইনত যোগাযোগ কৰিব পাৰে বা ঘৰৰ ওচৰৰ আধাৰ সেৱা কেন্দ্ৰলৈ যাব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ