--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠিছে অসম৷ ক্ৰীড়া প্ৰতিযোগিতা খনৰ একাদশ দিনা দুগৰাকীকৈ অসমৰ মহিলা বক্সাৰে সোণৰ পদক লাভ কৰাৰ লগতে আন দুজন পুৰুষ বক্সাৰে ৰূপৰ পদক লাভ কৰে। দীৰ্ঘবিৰতিৰ অন্তত এই চমকপদ সাফল্যৰ বাবে উৎফুল্লিত হৈ পৰিছে অসম।

দুবাৰকৈ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহায়ে সোণৰ পদক লাভ কৰিছে আৰু আনটো সোণৰ পদক লাভ কৰে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে। ইয়াৰ উপৰিও অলিম্পিক পদক জয়ী শিৱ থাপা, নৱাগত অভিনৱ শইকীয়াই  ৰূপৰ পদক লাভ কৰে।

ছেমি ফাইনেলত নাগালেণ্ডৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰিছিল লাভলীনা বৰগোঁহায়ে। মহিলাৰ মিডলৱেট শাখাত হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি নিজৰ অপৰিসীম অভিজ্ঞতা আৰু দক্ষতা প্ৰদৰ্শন কৰে খেলৰত্ন লাভলীনাই। আনহাতে ৬৬ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে। ইয়াৰ পূৰ্বে গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াতো অংকুশিতাই সোণৰ পদক লাভ কৰিছিল। পুনৰ সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত একেৰাহে তিনিবাৰ সোণৰ পদক অৰ্জন কৰি হেট্ৰিক অৰ্জন কৰে অংকুশিতা বড়োৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ