--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠিছে অসম৷ ক্ৰীড়া প্ৰতিযোগিতা খনৰ একাদশ দিনা দুগৰাকীকৈ অসমৰ মহিলা বক্সাৰে সোণৰ পদক লাভ কৰাৰ লগতে আন দুজন পুৰুষ বক্সাৰে ৰূপৰ পদক লাভ কৰে। দীৰ্ঘবিৰতিৰ অন্তত এই চমকপদ সাফল্যৰ বাবে উৎফুল্লিত হৈ পৰিছে অসম।

দুবাৰকৈ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহায়ে সোণৰ পদক লাভ কৰিছে আৰু আনটো সোণৰ পদক লাভ কৰে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে। ইয়াৰ উপৰিও অলিম্পিক পদক জয়ী শিৱ থাপা, নৱাগত অভিনৱ শইকীয়াই  ৰূপৰ পদক লাভ কৰে।

ছেমি ফাইনেলত নাগালেণ্ডৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰিছিল লাভলীনা বৰগোঁহায়ে। মহিলাৰ মিডলৱেট শাখাত হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি নিজৰ অপৰিসীম অভিজ্ঞতা আৰু দক্ষতা প্ৰদৰ্শন কৰে খেলৰত্ন লাভলীনাই। আনহাতে ৬৬ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে। ইয়াৰ পূৰ্বে গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াতো অংকুশিতাই সোণৰ পদক লাভ কৰিছিল। পুনৰ সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত একেৰাহে তিনিবাৰ সোণৰ পদক অৰ্জন কৰি হেট্ৰিক অৰ্জন কৰে অংকুশিতা বড়োৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post