--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুকুৰবাৰে মুকলি কৰে আইচিচি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আনুষ্ঠানিক গীত ‘জীতো বাজী খেল কে’ শীৰ্ষক গীতটো, য’ত প্ৰখ্যাত পাকিস্তানী প্লেবেক গায়ক তথা গীতিকাৰ আতিফ আছলামে কণ্ঠদান কৰিছে।

আইচিচিৰ পুৰুষ চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাত্ৰ ১২ দিন বাকী ৷ এই অৱস্থাত  গীতটোৰ মুক্তিয়ে ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তান আৰু সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’বলগীয়া ১৫খন খেলৰ প্ৰতিযোগিতাখনৰ পূৰ্বে আৰু অধিক উত্তেজনা বৃদ্ধি কৰিব।

পাকিস্তানৰ প্ৰখ্যাত কণ্ঠশিল্পী আতিফ আছলামৰ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে বিপুল অনুৰাগী আছে । বলীউডৰ এগৰাকী পাৰ্শ্ব গায়ক হিচাপে তেওঁৰ ভাৰতত উচ্চ প্ৰশংসিত ৷ কণ্ঠশিল্পীগৰাকীয়ে কয়,"মই ক্ৰিকেটৰ প্ৰতি অতি আকৰ্ষিত আৰু মই সদায় এজন বেগী বলাৰ হ'ব বিচাৰিছিলো। খেলৰ প্ৰতি আকৰ্ষণ আৰু বুজাবুজি থকাৰ বাবে - মই অনুভৱ কৰোঁ যে মই ৰাইজৰ উৎসাহ, তেওঁলোকৰ উত্তেজনা আৰু অনুৰাগী হোৱাৰ অনুভৱৰ সৈতে সংযুক্ত হৈছো। আগতে মই মেচসমূহলৈ আগ্ৰহেৰে বাট চাই আছিলো, বিশেষকৈ ভাৰত বনাম পাকিস্তানৰ মেচখন, যিখন খেল সদায় আৱেগৰ ৷

অনুষ্ঠানটোৰ আনুষ্ঠানিক গীতটো প্ৰযোজনা কৰিছে আব্দুল্লা ছিদ্দিকীয়ে আৰু গীতৰ কথা লিখিছে আদনান ধূল আৰু আছফাণ্ডিয়াৰ আছাদে। ৰাজপথৰ পৰা বজাৰ আৰু ষ্টেডিয়ামলৈকে পাকিস্তানৰ বৈচিত্ৰময় সংস্কৃতিৰ দৃশ্যগত উদযাপন কৰা এই মিউজিক ভিডিঅ’টোত খেলৰ মৰম আৰু আনন্দ প্ৰদৰ্শন কৰা হৈছে।

দুসপ্তাহজোৰা এই ৰোমাঞ্চকৰ প্ৰতিযোগিতাত বিশ্বৰ শীৰ্ষ আঠটা দলে ১৯ দিনৰ ভিতৰত ১৫খন ৰোমাঞ্চকৰ মেচত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব ৷ 

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ টুৰ্ণামেণ্টৰ সঞ্চালক তথা পিচিবিৰ মুখ্য পৰিচালন বিষয়া সুমাইৰ আহমেদ চৈয়দে কয় যে, “আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আনুষ্ঠানিক গীতটো মুকলি কৰাৰ লগে লগে আমি এই বিশ্বব্যাপী দৃশ্যপটৰ পথত আন এক ৰোমাঞ্চকৰ মাইলৰ খুঁটি চিহ্নিত কৰিছো, পাকিস্তানী সংগীত শক্তিশালী আতিফ আছলামে পিএছএলৰ বাবে ব্লকবাষ্টাৰ গীত আগবঢ়াইছে, আৰু আমাৰ কোনো সন্দেহ নাই যে এই গীতে মঞ্চত খলকনিৰ সৃষ্টি কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ