--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল পাঁচগৰাকী কৈ অসম কণ্যা৷ দিল্লীৰ টালকোটৰা ষ্টেডিয়ামত অনুষ্ঠিত কিঅ' ফেডাৰেচন কাপ কিক বক্সিংত অসমৰ পৰা প্ৰতিদ্বন্দিতা কৰা ইলিচা নাগবংশীয়ে সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনাৰ লগতে আবু ধাবিত অনুষ্ঠিত আন্তৰ্জাতিক কাৰাটে চেম্পিয়নশ্বিপত দেশ তথা অসমৰ নাম উজ্জ্বল কৰিলে ডিমা হাছাও জিলাৰ চাৰি গৰাকী কণমানি খেলুৱৈয়ে।  
 
ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰা ইলিচা নাগবংশীক লৈ উৎফুল্লিত দেৰগাঁৱৰ নেঘেৰিটিং বাগিচাৰ লোক সকল৷ উৎফুল্লিত স্থানীয় লোকসকলে মঙ্গলবাৰে ছাত্ৰী গৰাকী দিল্লীৰ পৰা আহি নেঘেৰিটিং চাৰিআলিত উপস্থিত হোৱাৰ লগে-লগেই আটছা দেৰগাঁও শাখাৰ লগতে নেঘেৰিটিং চাহ বাগিচাৰ বিভিন্ন দ'ল সংগঠন আৰু স্থানীয় ৰাইজে ঢোল,মাদলৰে শোভাযাত্ৰা কৰি ছাত্ৰী গৰাকীক আদৰণি জনোৱাৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।
 
ইফালে আবু ধাবিত অনুষ্ঠিত আন্তৰ্জাতিক কেৰাটে চেম্পিয়নশ্বিপত দেশ তথা অসমৰ নাম উজ্জ্বল কৰিলে ডিমা হাছাও জিলাৰ চাৰি গৰাকী কণমানি খেলুৱৈ এড্ৰি জন দুঙ্গেল কেলেৰেট চিংতপি অফ্ৰাংকিৰি ৰংহি চেংলাৰ জেমস চিংথঙে ১৭ নভেম্বৰত আবু ধাবিৰ অল জাঁজীৰা ক্লাৱত অনুষ্ঠিত আন্তৰ্জাতিক কেৰেটে চেম্পিয়নশ্বিপত ভাৰতৰ হৈ চাৰিটা সোণৰ পদক তিনিটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জ পদক লাভ কৰি অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই চাৰি গৰাকী কণমানিক জিলা ক্ৰীড়া বিভাগৰ পৰা সম্বৰ্ধনা প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post