--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল পাঁচগৰাকী কৈ অসম কণ্যা৷ দিল্লীৰ টালকোটৰা ষ্টেডিয়ামত অনুষ্ঠিত কিঅ' ফেডাৰেচন কাপ কিক বক্সিংত অসমৰ পৰা প্ৰতিদ্বন্দিতা কৰা ইলিচা নাগবংশীয়ে সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনাৰ লগতে আবু ধাবিত অনুষ্ঠিত আন্তৰ্জাতিক কাৰাটে চেম্পিয়নশ্বিপত দেশ তথা অসমৰ নাম উজ্জ্বল কৰিলে ডিমা হাছাও জিলাৰ চাৰি গৰাকী কণমানি খেলুৱৈয়ে।  
 
ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰা ইলিচা নাগবংশীক লৈ উৎফুল্লিত দেৰগাঁৱৰ নেঘেৰিটিং বাগিচাৰ লোক সকল৷ উৎফুল্লিত স্থানীয় লোকসকলে মঙ্গলবাৰে ছাত্ৰী গৰাকী দিল্লীৰ পৰা আহি নেঘেৰিটিং চাৰিআলিত উপস্থিত হোৱাৰ লগে-লগেই আটছা দেৰগাঁও শাখাৰ লগতে নেঘেৰিটিং চাহ বাগিচাৰ বিভিন্ন দ'ল সংগঠন আৰু স্থানীয় ৰাইজে ঢোল,মাদলৰে শোভাযাত্ৰা কৰি ছাত্ৰী গৰাকীক আদৰণি জনোৱাৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।
 
ইফালে আবু ধাবিত অনুষ্ঠিত আন্তৰ্জাতিক কেৰাটে চেম্পিয়নশ্বিপত দেশ তথা অসমৰ নাম উজ্জ্বল কৰিলে ডিমা হাছাও জিলাৰ চাৰি গৰাকী কণমানি খেলুৱৈ এড্ৰি জন দুঙ্গেল কেলেৰেট চিংতপি অফ্ৰাংকিৰি ৰংহি চেংলাৰ জেমস চিংথঙে ১৭ নভেম্বৰত আবু ধাবিৰ অল জাঁজীৰা ক্লাৱত অনুষ্ঠিত আন্তৰ্জাতিক কেৰেটে চেম্পিয়নশ্বিপত ভাৰতৰ হৈ চাৰিটা সোণৰ পদক তিনিটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জ পদক লাভ কৰি অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই চাৰি গৰাকী কণমানিক জিলা ক্ৰীড়া বিভাগৰ পৰা সম্বৰ্ধনা প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ