--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰ্বাচন আয়োগে ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অৰ্থাৎ ১২৬জন কাউণ্টিং অবজাৰভাৰ নিয়োগ কৰিছে। ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্ৰ’ অবজাৰভাৰ।

ডিজিটেল ডেস্ক: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ লগে-লগে আৰম্ভ হ’ল ভোটগণনা। চৰম উৎকণ্ঠাত প্ৰাৰ্থী আৰু ৰাজ্যবাসী। কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী, এই সময়ত সেয়াই লাখটকীয়া প্ৰশ্ন। 


হাইভল্টেজ নিৰ্বাচনী যুঁজৰ পিছত আজি অসমত নতুন চৰকাৰ গঠন কৰাৰ বাবে কাউণ্ট ডাউন আৰম্ভ। শাসকীয় বিজেপি মিত্ৰজোঁটে নে বিৰোধী ঐক্যই দখল কৰিব দিছপুৰৰ মছনদ, তাকে লৈ জল্পনা-কল্পনাৰ অন্ত নাই ৰাজ্যবাসীৰ মনত। 


আজি ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰৰ ৰায় আজি প্ৰকাশ পাব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অসমত এইবাৰ এটা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৭২২ প্ৰাৰ্থীৰ ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯গৰাকী।


মুঠ ৪০টা কেন্দ্ৰত সম্পন্ন হ’ব ভোটগণনা। কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাটত দুটাকৈ ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু নগাঁও জিলাত থাকিব তিনিটা কেন্দ্ৰ। বাকী জিলাসমূহত এটাকৈ ভোটগণনা কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে। 


নিৰ্বাচন আয়োগে ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অৰ্থাৎ ১২৬জন কাউণ্টিং অবজাৰভাৰ নিয়োগ কৰিছে। ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্ৰ’ অবজাৰভাৰ।


উল্লেখ্য যে আজি অসমসহ মুঠ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী, কেৰালামৰ আজি হ’ব ভোটগণনা। 


কোন ৰাজ্যত ভোটদানৰ হাৰ কিমান চাওঁ আহক


অসম: প্ৰায় ৮৬% (যোৱাবাৰৰ তুলনাত বৃদ্ধি)

কেৰালাম: ৭৮.২৭%

পুডুচেৰী: প্ৰায় ৮৯%

তামিলনাডু: প্ৰায় ৮৫%

পশ্চিম বংগ: ৯৩.১৯%


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত