--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰ্বাচন আয়োগে ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অৰ্থাৎ ১২৬জন কাউণ্টিং অবজাৰভাৰ নিয়োগ কৰিছে। ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্ৰ’ অবজাৰভাৰ।

ডিজিটেল ডেস্ক: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ লগে-লগে আৰম্ভ হ’ল ভোটগণনা। চৰম উৎকণ্ঠাত প্ৰাৰ্থী আৰু ৰাজ্যবাসী। কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী, এই সময়ত সেয়াই লাখটকীয়া প্ৰশ্ন। 


হাইভল্টেজ নিৰ্বাচনী যুঁজৰ পিছত আজি অসমত নতুন চৰকাৰ গঠন কৰাৰ বাবে কাউণ্ট ডাউন আৰম্ভ। শাসকীয় বিজেপি মিত্ৰজোঁটে নে বিৰোধী ঐক্যই দখল কৰিব দিছপুৰৰ মছনদ, তাকে লৈ জল্পনা-কল্পনাৰ অন্ত নাই ৰাজ্যবাসীৰ মনত। 


আজি ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰৰ ৰায় আজি প্ৰকাশ পাব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অসমত এইবাৰ এটা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৭২২ প্ৰাৰ্থীৰ ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯গৰাকী।


মুঠ ৪০টা কেন্দ্ৰত সম্পন্ন হ’ব ভোটগণনা। কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাটত দুটাকৈ ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু নগাঁও জিলাত থাকিব তিনিটা কেন্দ্ৰ। বাকী জিলাসমূহত এটাকৈ ভোটগণনা কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে। 


নিৰ্বাচন আয়োগে ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অৰ্থাৎ ১২৬জন কাউণ্টিং অবজাৰভাৰ নিয়োগ কৰিছে। ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্ৰ’ অবজাৰভাৰ।


উল্লেখ্য যে আজি অসমসহ মুঠ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী, কেৰালামৰ আজি হ’ব ভোটগণনা। 


কোন ৰাজ্যত ভোটদানৰ হাৰ কিমান চাওঁ আহক


অসম: প্ৰায় ৮৬% (যোৱাবাৰৰ তুলনাত বৃদ্ধি)

কেৰালাম: ৭৮.২৭%

পুডুচেৰী: প্ৰায় ৮৯%

তামিলনাডু: প্ৰায় ৮৫%

পশ্চিম বংগ: ৯৩.১৯%


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান